চিৰাং জিলা

ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা From Wikipedia, the free encyclopedia

চিৰাং জিলা
Remove ads

চিৰাং জিলা (বড়ো: चिरांग जिला) ভাৰতবৰ্ষৰ অন্তৰ্গত অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত আৰু বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্গত চাৰিখন জিলাৰ এখন। ২০০৪ চনত কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা জিলাৰ অংশবিশে সাঙুৰি চিৰাং জিলা গঠন কৰা হৈছিল। এই জিলা ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত। ব্ৰহ্মপুত্ৰ নদীৰ নামনি উপত্যকাৰ সমভূমি ভূ-ভাগেৰে এই জিলা গঠিত। গাৰো ভাষাৰ শব্দ চি (অৰ্থ: পানী) আৰু ৰাং (অৰ্থ: সম্পত্তি), মিলি জিলাখনৰ নাম চিৰাং হোৱা বুলি কোৱা হয়।

ক্ষিপ্ৰ তথ্য চিৰাং জিলা, দেশ ...

জিলাখনৰ মুঠ মাটিকালি ১,৯২৩ বৰ্গ কি.মি.। কাজলগাঁও এই জিলাৰ সদৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি চিৰাং জিলাৰ মুঠ জনসংখ্যা ৪,৮২,১৬২ জন।[1] চিৰাং জিলা অসমৰ দ্বিতীয়খন সৰ্বনিম্ন জনবসতিৰ জিলা। ইউনেস্কোৰ দ্বাৰা স্বীকৃত প্ৰাকৃতিক বিশ্ব ঐতিহ্যবাহী স্থান মানস ৰাষ্ট্ৰীয় উদ্যানৰ কিছু অংশ এই জিলাত অৱস্থিত।

Remove ads

ইতিহাস

চিৰাং জিলা আনুষ্ঠানিক ভাৱে গঠন হয় ২০০৪ চনৰ ৪ জুন তাৰিখে।[2] ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বড়ো লিবাৰেছন টাইগাৰ্ছ (বি.এল.টি)-ৰ মাজত সম্পন্ন হোৱা ত্ৰিপাক্ষিক চুক্তি[3] অনুসৰি বড়ো অধ্যুযিত ৩০৮২খন গাঁও সাঙুৰি 'বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ (বিটিচি)' গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়। আৰু এই সমূহ গাঁওক সংলগ্ন কৰি চাৰিখন জিলা গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়। এই সিদ্ধান্ত মৰ্মেই ৩০ অক্টোবৰ, ২০০৩ তাৰিখৰ নিৰ্দেশ মৰ্মে (নিৰ্দেশ নং- GAG(B). 137/2002/Pt/117) ভাৰতৰ সংবিধানৰ ৩৩২ নং ছেদৰ ষষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত হিচাপে চিৰাং জিলা গঠন কৰা হয়[2] ২০০৪ চনৰ ৪ জুন তাৰিখৰ পৰা জিলা হিচাপে চিৰাঙৰ কাম-কাজ আৰম্ভ কৰা হয়।

জিলা হিচাপে গঠিত হোৱাৰ আগেয়ে চিৰাং জিলাৰ ভূ-ভাগ কোকৰাঝাৰ, বঙাইগাওঁ আৰু বৰপেটা জিলাৰ মাজত বিভাজিত হৈ আছিল। জিলা খনত ৰাজ্যৰ দ্বিতীয়তো ৰাজহুৱা খণ্ডৰ তেল শোধনাগাৰ আৰু পেট্ৰ'ৰাসায়নিক প্ৰকল্প BRPL অৱস্থিত।

Remove ads

ভূগোল

চিৰাং জিলা অসমৰ মধ্য-পশ্চিম অংশ আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত। বিস্তৃতি উত্তৰ অক্ষাংশ ২৬.২৮°-ৰ পৰা ২৬.৫৪°, আৰু পূৱ দ্ৰাঘিমাংশ ৮৯.৪২°-ৰ পৰা ৯০.০৬°।[2] চিৰাং জিলাৰ উত্তৰে ভূটান (আন্তৰাষ্ট্ৰীয় সীমা), দক্ষিণে বঙাইগাঁও জিলা আৰু কোকৰাঝাৰ জিলাৰ অংশ, পূবে বাক্সা জিলা আৰু বৰপেটা জিলাৰ অংশ বিশেষ আৰু পশ্চিমে কোকৰাঝাৰ জিলা[2]

নামনি ব্ৰহ্মপুত্ৰৰ উত্তৰ উপত্যকাত অৱস্থিত আৰু উত্তৰ সীমাত হিমালয় পাদদেশেৰে আবৃত চিৰাং জিলা মূলতঃ সমভূমি অঞ্চল। জিলাখনৰ উত্তৰ অংশৰ উচ্চতা দক্ষিণৰ অংশতকৈ বেছি। জিলাখনৰ ভূ-ভাগক চাৰিটা কৃষি-পাৰিবেশিক ভাগত ভগোৱা হৈছে:[2]

  • পৰ্বতৰ নামনি উপত্যকা অঞ্চল (Foothills old mountain valley)
  • বানপানী হীন নদীৰে পলসুৱা সমভূমি (Flood-free riverine old allluvial plain)
  • বানপানী আশংকা থকা নদীৰে পলসুৱা সমভূমি (Flood-prone riverine alluvial plain)
  • বিল (beels)

জিলাখনৰ মাজেৰে বৈ যোৱা প্ৰধান উপনৈ সমূহ হৈছে চম্পাৱতী, আই, মানাহ (মানস), আগৰ্ং আৰু কনামাকৰা। আগৰং আৰু কাণামকৰা উপ-উপনৈ জিলাখনৰ মাজেৰে বৈ গৈছে।[4]

Remove ads

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads