বঙাইগাঁও জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা From Wikipedia, the free encyclopedia
Remove ads
এই প্ৰবন্ধটো বঙাইগাঁও জিলাৰ বিষয়ে। একে নামৰ নগৰখন আৰু সদৰঠাইৰ বাবে বঙাইগাঁও চাওক।
বঙাইগাঁও জিলা উত্তৰ-পূৱ ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ইয়াৰ জিলা সদৰ বঙাইগাঁও। ইয়াত মুঠ দুখন নগৰ আছে। সেয়া হ'ল অভয়াপুৰী আৰু বঙাইগাঁও। (বিজনী নগৰখন বৰ্ত্তমান চিৰাং জিলাৰ অন্তৰ্গত হৈছে।) জিলাখনৰ মুঠ মাটিকালি ২৫১০ বৰ্গ কিঃমিঃ।
Remove ads
বুৰঞ্জী
বঙাইগাঁও জিলাখন পুৰনি বিজনী ৰাজ্য আৰু চিডলী ৰাজ্যৰ ইতিহাসেৰে সাঙোৰ খাই আছে। বঙাইগাঁও জিলা ১৯৮৯ চনৰ ২৯ ছেপ্তেম্বৰত বৰ্তমানৰ গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ কিছু অংশ লগ লগাই গঠন কৰা হৈছিল।[1] ২০০৪ চনত ইয়াৰ এটা অংশ চিৰাং জিলাত অন্তৰ্ভুক্তিৰ ফলত মাটিকালি কমি যায়।
ভৌগোলিক অৱস্থিতি
বঙাইগাঁও জিলাই ১,৭২৪ বৰ্গ কি.মি. (666 বৰ্গ মাইল) ঠাই আগুৰি আছে।[2] বঙাইগাঁও জিলা পূৱে বৰপেটা, দক্ষিণে ব্ৰহ্মপুত্ৰ আৰু পশ্চিম আৰু উত্তৰে কোকৰাঝাৰ জিলাই আগুৰি আছে।
অৰ্থনীতি
২০০৬ চনত ভাৰত চৰকাৰে বঙাইগাঁও জিলাক দেশৰ ২৫০খন প্ৰধান অনগ্ৰসৰ জিলাৰ ভিতৰত (মুঠ 640 খনৰ ভিতৰত) এখন হিচাপে আখ্যা দিছিল।[3] ই বৰ্তমান অনগ্ৰসৰ অঞ্চল আৰ্থিক অনুদান আঁচনি (Backward Regions Grant Fund Programme চমুকৈ BRGF)ৰ অধীনত সাহায্য পোৱা অসমৰ এঘাৰখন জিলাৰ ভিতৰত এখন।[3]
বিভাগ
বঙাইগাঁও জিলাৰ মহকুমা তিনিটাঃ বঙাইগাঁও, বিজনী আৰু উত্তৰ শালমাৰা। ২০০৪ চনত বঙাইগাঁও জিলাৰ কিছু অংশ (বিশেষকৈ বিজনী মহকুমাৰ মুখ্য অঞ্চলসমূহ) বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ অধীনত চিৰাং জিলাৰ অধীনলৈ লৈ যোৱা হয়।
জিলাখনত চাৰিটা বিধানসভা সমষ্টি আছেঃ বঙাইগাঁও, বিজনী, উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী। ইয়াৰে দক্ষিণ অভয়াপুৰী সমষ্টি অনিসূচিত জাতিৰ বাবে সংৰক্ষিত।[4] বিজনী কোকৰাঝাৰ লোক সভা সমষ্টিৰ অন্তৰ্গত আৰু বাকী তিনিখন বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।[5]
Remove ads
জনগাঁথনি
২০১১ চনৰ লোকগণনা অনিসৰি বঙাইগাঁও জিলাৰ জনসংখ্যা ৭৩২,৬৩৯ জন।[6] এই সংখ্যা ভাৰতৰ যিকোনো জিলাৰ ৪৯৬ তম (মুঠ ৬৪০খন জিলাৰ ভিতৰত)।[6] জিলাখনৰ প্ৰতি বৰ্গকিলোমিটাৰত জনসংখ্যাৰ ঘনত্ব ৪২৫ জন।[6] ২০০১-২০১১ সময়ছোৱাত ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১৯.৫৮%।[6] লিংগ অনুপাতত বঙাইগাঁও জিলাৰ প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৬১ গৰাকী।[6] ইয়াত সাক্ষৰতাৰ হাৰ ৭০.৪৪%।[6] মুখ্য ধৰ্মসমূহ হ’ল হিন্দু (৫৩৫,৪৬৪), ইছলাম (৩৪৮,৫৭৩) আৰু খ্ৰীষ্টিয়ান (১৮,৭২৮)
Remove ads
তথ্যসূত্ৰ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads