অসম দিৱস
From Wikipedia, the free encyclopedia
অসম দিৱস বা চ্যু-কা-ফা দিৱস (ইংৰাজী: Assam Day) হ'ল অসমৰ আহোম ৰাজবংশৰ প্ৰথম স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতিত প্ৰতিবছৰে অসমত পালন কৰা এটা দিৱস। ১২২৮ চনৰ এই দিনটোতে তেখেতৰ লগতে আহোমসকল সৌমাৰত উপস্থিত হৈ আহোম ৰাজ্য বা মু'ঙ দ'ন চ'ন খাম স্থাপন কৰিছিল বুলি অনুমান কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন] সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি ঘটে।[1]
ক্ষিপ্ৰ তথ্য অসম দিৱস, সম্পূৰ্ণ নাম ...
অসম দিৱস | |
---|---|
ব্ৰহ্মপুত্ৰ উপত্যকা ত উপস্থিত হৈ অসম স্থাপন কৰা চিত্ৰ | |
সম্পূৰ্ণ নাম | চ্যু-কা-ফা দিৱস |
পালন কৰে | অসমৰ লোকসকলে |
প্ৰকাৰ | চাওলুং চুকাফাৰ স্মৃতিত উদযাপিত দিৱস |
মহত্ব | অসম ৰাজ্য (মু'ঙ দ'ন চ'ন খাম) স্থাপন কৰা দিন |
তাৰিখ | ২ ডিচেম্বৰ |
সম্পৰ্কিত | অসম |
বন্ধ কৰক