অৰুণাচল প্ৰদেশ (হিন্দী: अरुणाचल प्रदेश, উচ্চাৰণ: [ərʊˈɳaːtɕəl prəˈd̪eːɕ] ( শুনক)) উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। অৰুণাচল প্ৰদেশৰ দক্ষিণে অসম আৰু নাগালেণ্ড, পশ্চিমে ভূটান, পূৱে ম্যানমাৰ আৰু উত্তৰে চীন দেশ, তিনিওপিনৰ পৰা দেশৰ সীমা হোৱা বাবে অৰুণাচলৰ ৰাজনৈতিক গুৰুত্ব অধিক। সংস্কৃতত অৰুণাচল প্ৰদেশৰ অৰ্থ "পুৱতিৰ আলোকেৰে আলোকিত দেশ "[1] উত্তৰ-পূব ভাৰতত ইয়াৰ অৱস্থানৰ বাবে অৰুণাচল প্ৰদেশক সূৰ্য্য উঠা দেশ বুলিও জনা যায়।[2] ("প্ৰদেশৰ" অৰ্থ "ৰাজ্য", বা "অঞ্চল")। উত্তৰ-পূৱ ভাৰতৰ আন আন ৰাজ্যৰ দৰে অৰুণাচল প্ৰদেশৰো সৰহ সংখ্যক লোক তিব্বতীয় বংশোদ্ভৱ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ চীন ভাৰতৰ একমাত্ৰ সংযোগকাৰী বিখ্যাত লিডু-বাৰ্মা পথ (ষ্টিলৱেল পথ)ৰাজ্যখনৰ পূৱ প্ৰান্তেদি গৈছে।

ক্ষিপ্ৰ তথ্য অৰুণাচল প্ৰদেশ, দেশ ...
অৰুণাচল প্ৰদেশ
ওপৰৰ বাওঁফালৰ পৰা সোঁফালে: গোল্ডেন পেগোডা, নামছাই, টাৱাং মঠ, টুটছা নাগা নৃত্যশিল্পী, জিৰো উপত্যকা, পাক্কে বাঘ সংৰক্ষিত বনাঞ্চল, ছেলা পাছ
অৰুণাচল প্ৰদেশৰ মোহৰ
ভাৰতৰ মানচিত্ৰত অৰুণাচল প্ৰদেশৰ অৱস্থান
ভাৰতৰ মানচিত্ৰত অৰুণাচল প্ৰদেশৰ অৱস্থান
অৰুণাচল প্ৰদেশৰ মানচিত্ৰ
অৰুণাচল প্ৰদেশৰ মানচিত্ৰ
দেশ  ভাৰত
গঠন ২০ ফেব্ৰুৱাৰী ১৯৮৭
ৰাজধানী ইটানগৰ
বৃহত্তম নগৰ ইটানগৰ
জিলাসমূহ 16
চৰকাৰ
  ৰাজ্যপাল ব্ৰিগেদিয়াৰ বি.ডি. মিশ্ৰ
  মুখ্যমন্ত্ৰী পেমা খান্দু (ভাজপা)
  বিধান সভাৰ আসন ৬০ খন
  লোকসভাৰ আসন ২ খন
  উচ্চ ন্যায়ালায় গুৱাহাটী উচ্চ ন্যায়ালয়
কালি
  মুঠ ৮৩,৭৪৩ km2 (32,333 sq mi)
  স্থান ১৪শ
জনসংখ্যা
 (২০১১)
  মুঠ ১৩৮২৬১১
  স্থান ২৬তম
  ঘনত্ব 17/km2 (43/sq mi)
বন্ধ কৰক

ভূগোল

পাহাৰে আৱৰা প্ৰদেশখনৰ অসম সংলগ্ন কিছু অংশ সমতলভূমি। ৰাজ্যখনৰ দুই-তৃতীয়াংশতকৈও বেছি অঞ্চল ঘন অৰণ্যৰে আৱৰা।

জনগাঁঠনি

অৰুণাচলত অনুসূচীত জাতি আৰু জনজাতিৰ প্ৰাধান্য অধিক। ১৯৮১ চনৰ লোকপিয়ল অনুযায়ী অনুসূচীত জনজাতি ৭৯%। ই সমগ্ৰ ভাৰতৰ অনুসূচীত জনজাতিৰ ৭%। ইয়াত প্ৰধানকৈ ২০টা জনগোষ্ঠীয়ে বসবাস কৰে। এওঁলোকৰ বহুতো উপজাতি আছে। প্ৰধান জনগোষ্ঠীসমূহ হ’ল – আদি, নিশি, আপাতানি, তাগিন, খামটি, নোকটে, ৱাঞ্চে, তাংচা, চিংফৌ, মেনপা, শোৰদুকপেন আৰু অকা[উদ্ধৃতিৰ প্ৰয়োজন]

প্ৰশাসনিক বিভাজন

অৰুণাচল প্ৰদেশক ১৬খন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছে।[3]জিলাসমূ্হ প্ৰশাসনিক বিষয়া হৈছে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্ত। ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিভাগে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্তক জিলাখন সূচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে। জিলাখনৰ আইন সম্বন্ধীয় বিষয়সমূহ পুলিছ অধীক্ষকে (Superintendent of Police) পৰিচালনা কৰে।

এই ১৬খন জিলা হৈছে: টাৱাং, পশ্চিম কামেং, পূব কামেং, পাপুমপাৰে, উজনি সোৱণশিৰি, নামনি সোৱণশিৰি, পশ্চিম ছিয়াং, পূব ছিয়াং, উজনি ছিয়াং, চাংলাং, টিৰাপ, কুৰুং কুমেই, দিবাং উপত্যকা, নামনি দিবাং উপত্যকা, লোহিত, আৰু অনজৌ জিলা।

অৰুণাচল প্ৰদেশক ১৬খন জিলা হৈছে:[3]

সংকেত জিলা সদৰ জনসংখ্যা
(২০১১)[4]
মাটিকালি
(বৰ্গ কিমি)
জনঘনত্ব
(প্ৰতি বৰ্গ কিমি)
ৱেবছাইট
০১টাৱাংটাৱাং চহৰ৪৯৯৫০২০৮৫২৩tawang.nic.in
০২পশ্চিম কামেংবমডিলা৮৭০১৩৭৪২২১২westkameng.nic.in
০৩পূব কামেংচেপ্পা৭৮৪১৩৪১৩৪১৯eastkameng.nic.in
০৪পাপুমপাৰেয়ুপিয়া১৭৬৩৮৫২৮৭৫৬১papumpare.nic.in
০৫উজনি সোৱণশিৰিদাপৰিজো৮৩২০৫৭০৩২১২
০৬পশ্চিম ছিয়াংআলং১১২২৭২৮৩২৫১৩westsiang.nic.in
০৭পূব ছিয়াংপাচিঘাট৯৯০১৯৪০০৫২৭eastsiang.nic.in
০৮উজনি ছিয়াংয়ুং কিয়োং৩৫২৮৯৬১৮৮
০৯চাংলাংচাংলাং১৪৭৯৫১৪৬৬২৩২changlang.nic.in
১০টিৰাপখোন্সা১১১৯৯৭২৩৬২৪৭tirap.nic.in
১১নামনি সোৱণশিৰিজিৰ'৮২৮৩৯৩৪৬০২৪
১২কুৰুং কুমেইকলৰিয়াং৮৯৭১৭৮৮১৮১৫
১৩দিবাং উপত্যকাঅনীনি৭৯৪৮৯১২৯
১৪নামনি দিবাং উপত্যকাৰইং৫৩৯৮৬৩৯০০১৪roing.nic.in
১৫লোহিততেজু১৪৫৫৩৮২৪০২২৮lohit.nic.in
১৬অনজৌহাৱাই২১০৮৯৬১৯০







তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.