আং চান চ্যু কি (ইংৰাজী: Aung San Suu Kyi; জন্ম: ১৯ জুন ১৯৪৫) হৈছে এগৰাকী ম্যানমাৰৰ ৰাজনীতিজ্ঞ, কূটনীতিজ্ঞ, লেখক আৰু ১৯৯১ চনৰ শান্তিৰ ন'বেল বঁটা বিজয়ী মহিলা যিয়ে ২০১৬-২০২১ লৈকে ম্যানমাৰৰ ৰাজ্য পৰিষদৰ (প্ৰধান মন্ত্ৰীৰ সমতুল্য) আৰু বৈদেশীক নীতিৰ মন্ত্ৰিত্ব পদৰ দায়িত্বভাৰ লৈ আছিল। এওঁ ২০১১ চনত নেশ্যনেল জাতীয় গণতন্ত্ৰৰ সন্থা (লিগ ফৰ ডেমক্ৰেচী)ৰ সভানেত্ৰীৰ দ্বায়িত্ব গ্ৰহণ কৰিছিল আৰু ১৯৮৮ৰ পৰা ২০১১ চনলৈ সাধাৰণ সম্পাদিকাও আছিল। ২০১০ ৰ দশকত এওঁ ম্যানমাৰৰ জুনতা প্ৰশাসনৰ পৰা আংশিক গণতন্ত্ৰলৈ ৰূপান্তৰিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিছিল। আধুনিক ম্যানমাৰ জাতীয় জনক আং-চান আৰু খিন কি ৰ কনিষ্ঠ কন্যা আং চান চ্যু কিৰ জনম হৈছিল ইংৰাজ শাসনাধিষ্ট ব্ৰহ্মদেশ (বৰ্তমানৰ ম্যানমাৰ)-ৰ ৰেংগুনত।[1] ১৯৬৪ চনত দিল্লী বিশ্ববিদ্যালয় আৰু ১৯৬৪ চনত অক্সফ'ৰ্ড বিশ্ববিদ্যালয় পৰা স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ জাতীয় সংঘত তিনি বছৰ কাম কৰিছে। তেওঁ ১৯৭২ চনত মাইকেল এৰিচ্ নামৰ এজন যুৱকক বিয়া কৰায় আৰু দুটি সন্তান জন্ম দিয়ে। ১৯৮৮ চনৰ ৮ আগষ্টত হোৱা ৮৮৮৮ বিদ্ৰোহত আং চান চ্যু কিয়ে যথেষ্ট প্ৰসিদ্ধি অৰ্জন কৰে আৰু এন এল ডি ৰ সাধাৰণ সম্পাদিকা হয়, যিটো তেখেতে বহুতো অৱসৰ প্ৰাপ্ত সেনা কৰ্মকৰতাসকলৰ সহযোগত গঠন কৰে, যিসকলে জুনতা প্ৰশাসনক সমালোচনা কৰিছিল। ১৯৯০ চনৰ নিৰ্বাচনত এন এল ডি য়ে সংসদৰ ৮১% আসন পাবলৈ সমৰ্থ হৈছিল, কিন্তু ফলাফল বাটিল কৰা হয় কাৰণ সামৰিক চৰকাৰে (ৰাজ্য শান্তি আৰু উন্নয়ন কাউন্সিলে, এচ পি ডি চি) ক্ষমতা হস্তান্তৰ কৰাত অস্বীকাৰ কৰিলে আৰু যাৰ ফলত আন্তৰ্জাতিকভাৱে সকলোতে তল ওপৰ লাগি পৰে।

ক্ষিপ্ৰ তথ্য আং চান চ্যু কি, জন্ম ...
আং চান চ্যু কি
Thumb
আং চান চ্যু কি (ডিচেম্বৰ ২০১১)
জন্ম ১৯ জুন, ১৯৪৫ (৭৯ বছৰ)
ৰাষ্ট্ৰীয়তা ম্যানমাৰ
শিক্ষানুষ্ঠান Page সাঁচ:Hlist/styles.css has no content.
  • দিল্লী বিশ্ববিদ্যালয়
  • অক্সফ'ৰ্ড বিশ্ববিদ্যালয়
পেচা Page সাঁচ:Hlist/styles.css has no content.
  • ৰাজনীতিজ্ঞ
  • কূটনীতিজ্ঞ
  • লেখক
সন্তান
স্বাক্ষৰ
Thumb
বন্ধ কৰক
Thumb
চেক্ৰেটৰী ক্লিন্তনে আং চান চ্যু কিক সাক্ষ্যাত কৰিছে

আং চান চ্যু কি ক নিৰ্বাচনৰ আগে আগে আতক কৰা হৈছিল আৰু ১৯৮৯ চনৰ পৰা ২০১০ লৈ ২১বছৰৰ মাজত ১৫ বছৰ এওঁ গৃহবন্দী হৈ থাকিবলগীয়া হৈছিল। এওঁ বিশ্বৰ এজন অন্যত্বম শীৰ্ষস্থানীয় ৰাজনৈতিক বন্দী আছিল। ১৯৯৯ চনত, টাইম আলোচনীখনে এওঁক এজন 'গান্ধীৰ সন্তান' আৰু অহিংসাৰ আধ্যাত্মিক উতৰাধিকাৰী হিচাবে নামকৰণ কৰিছে।[2] ২০০৩ চনত হোৱা ডিপায়িন গুপ্তহত্যাৰ সময়ত জাতীয় গণতন্ত্ৰৰ সন্থা (এন এল ডি) ৰ লগত থকা ৭০জন লোক নিহত হয় যদিও এওঁ জীয়াই থাকিবলৈ সমৰ্থ হয়।[3]

নাম

আং চান চ্যু কি ৰ অন্য ব্ৰহ্মেশীয় লোকসকলৰ দৰে উপাধী নাই। এওঁৰ ক্ষেত্ৰত পৰিয়ালৰ তিনিজন মানুহৰ নামৰ পৰা এই নামটো আহিছে। 'আং চান' নামটো দেউতাকৰ নাম, 'চ্যু' নামটো দেউতাকৰ মাক আইতাকৰ আৰু 'কি' নামটো মাকৰ নাম 'খিন কি'-ৰ পৰা লোৱা।[4]


ব্যক্তিগত জীৱন

আং চান চ্যু কি ৰ জন্ম হৈছিল ১৯৪৫ চনৰ ১৯ জুনত ব্ৰিটিছৰ তলত থকা ব্ৰহ্মদেশৰ ৰেঙ্গুনত (এতিয়াৰ য়াগন)।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.