একেশ্বৰবাদৰ মতে, ভগৱান (ইংৰাজী: God) হৈছে অতি মানৱ আৰু বিশ্বাসৰ মূল বিষয়।[3] সৰ্বেশ্বৰবাদত ইশ্বৰৰ ধাৰণাক সৰ্বজ্ঞ (infinite knowledge), সৰ্ব শক্তিমান (unlimited power), সৰ্বত্ৰ বিৰাজমান (present everywhere), স্বৰ্গীয় সৰলতাযুক্ত, আৰু এটা নিয়ন্ত্ৰণকাৰী আৰু প্ৰয়োজনীয় অস্তিত্ব বুলি ব্যাখ্যা কৰে। বহুতে ভগৱানক সৰ্ব গুণাকৰ (perfectly good), আৰু সৰ্ব প্ৰেমী বুলিও বৰ্ণনা কৰে। ভগৱানৰ প্ৰায়ে শৰীৰ বিহীন,[3] আৰু যিকোনো মানৱীয় জৈৱিক লিংগহীন বুলি গণ্য কৰা হয়,[4][5] তথাপিও প্ৰত্যক্ষভাৱে ভগৱানে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কৰা ধাৰণা (পৰোক্ষভাৱে অসমৰ্থিত)[6] অনুসৰি বহুতো ধৰ্মত ভগৱানক উভয় লিংগবাচক নামেৰে হিচাপে বৰ্ণনা কৰা হয়, যেনে "তেওঁ" বা "পিতা" আদি। [সন্দেহজনক ] ইয়াৰোপৰি, কিছুমান ধৰ্মত (যেনে ইহুদী ধৰ্ম) ভগৱানক কেৱল এটা বিশুদ্ধ ব্যায়াকৰণিক ভগৱান "লিংগ" হিচাপে ধৰা দেখা যায়।[7]

Thumb
বেৰাৰ ভিতৰৰ ফোট, মেটাফিজিকেল এবচল্যুটৰ পুৰণি চিহ্ন। প্ৰাৰম্ভিক বিজ্ঞান, বিশেষকৈ জ্যামিতি আৰু জোতিষ আৰু জ্যোতিবিজ্ঞানৰ লগত জড়িত মধ্য যুগৰ পণ্ডিতসকল, আৰু বহুলোকে এই ঘেৰাটোত কিবা এটা "স্বৰ্গীয়" অথবা "সম্পূৰ্ণ" বিচাৰি পোৱা যায় বুলি বিশ্বাস কৰিছিল।[1][2]
Thumb
Thumb
Thumb
Thumb
যদিও ভগৱানক সাধাৰণতে পৰম আত্মা বুলি ভবা হয়, সেয়ে কোনো শাৰীৰিক অথবা দৃশ্যমান অৱয়ব নাই তথাপি বহু ধৰ্মত প্ৰতীক অথবা পূজাৰ বাবে ভগৱানক চিত্ৰৰ ৰূপত উপস্থাপন কৰা দেখা যায়। ইয়াত বিভিন্ন একেশ্বৰবাদী ধৰ্মত ভগৱানৰ উপস্থাপনৰ উদাহৰণ দিয়া হৈছে। ওপৰৰ বাঁও দিশৰ পৰা ক্ৰমে: খ্ৰীষ্টান, কাওমাৰাম, শক্তিবাদ, বৈষ্ণৱবাদৰ ভগৱানৰ ছবি

theismৰ মতে, ভগৱান হৈছে ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু পালনকৰ্তা, আনহাতে deismৰ মতে, ভগৱান সৃষ্টিকৰ্তা, কিন্তু বিশ্বব্ৰহ্মাণ্ডৰ পালনকৰ্তা নহয়। pantheismৰ মতে, ভগৱান নিজেই বিশ্বব্ৰহ্মাণ্ড। নাস্তিকতাবাদ মতে, ভগৱানৰ কোনো অস্তিত্ব নাই, আনহাতে অজ্ঞেয়বাদ অনুসৰি ভগৱান অজানা বা ভগৱান সম্পৰ্কে কোনেও একো নেজানে। ভগৱানক অমূৰ্ত (নিৰাকাৰ), এক ব্যক্তিগত সত্তা, সকলো নৈতিক কৰ্মৰ উৎস, আৰু "বৃহৎ বোধগম্য অস্তিত্ব" বুলিও ভবা হয়।[3] ভগৱানৰ অস্তিত্বৰ সমৰ্থন আৰু বিৰোধিতা কৰি বহু বিখ্যাত দাৰ্শনিকে বিভিন্ন ধৰণৰ যুক্তি সৃষ্টি কৰিছে।

ভগৱানক বহু নামেৰে জনা যায়, আৰু বিভিন্ন নামবোৰ ভগৱান পৰিচয় আৰু প্ৰকাশৰ বিভিন্ন সাংস্কৃতিক ধাৰণাৰ হৈতে সংযোজিত। এটেন ধৰ্মৰ পুৰণি ইজিপ্তিয়ান যুগত, সম্ভৱতঃ বৰ্তমানলৈকে আবিস্কৃত আটাইতকৈ পুৰণি একেশ্বৰবাদী ধৰ্মত, ভগৱানক এটেন বুলি কোৱা হৈছিল,[8] একমাত্ৰ "প্ৰকৃত" পৰম সত্তা আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাৰ মান্যতা দিয়া হৈছিল।[9] হিব্ৰু বাইবেল আৰু ইহুদী ধৰ্মত, "তেঁৱেই যি জন", "ময়েই সেই মই", আৰু সেই টেট্ৰাগ্ৰামাটন YHWH (হিব্ৰু: יהוה, যাৰ অৰ্থ: "ময়েই সেই জন যিজন মই"; "তেওঁ যি বিৰাজমান") আদি শব্দৰে ভগৱানক বুজাইছিল, অন্যহাতে YHWHৰ ভাষান্তৰ হিচাপে খ্ৰীষ্টান ধৰ্মত কেতিয়াবা য়াহৱেহ আৰু যেহ'ৱাহ ব্যৱহাৰ কৰা হয়। খ্ৰীষ্টান ট্ৰিনিটী সিদ্ধান্ত মতে, ভগৱান, তিনিজন ব্যক্তিৰূপত বিৰাজমান, যাক পিতা, পুত্ৰ, আৰু পবিত্ৰ আত্মা বুলি কোৱা হয়। ইহুদী ধৰ্মত ভগৱানক, নামমাত্ৰ নাম এল'হিম বা আড'নাইৰে বুজায়, কিছু বিশেষজ্ঞৰ মতে এই নামৰ অদ্যাক্ষৰ ইজিপ্তিয়ান এটেনৰ পৰা আহৰণ কৰা হৈছে।[10][11][12][13][14] ইছলামত ভগৱান বুজোৱা অসংখ্য নাম আছে, তাৰ ভিতৰত আল্লাহ, "আল-এল", বা "আল-এলাহ" ("ভগৱান") আদি বেছিকৈ ব্যৱহাৰ কৰে, হিন্দু ধৰ্মত, ব্ৰাহ্মণ শব্দটো প্ৰায়ে বেদান্তৰ দেৱতাক বুজাবলৈ ব্যৱহাৰ কৰা হয়।[15] সেইদৰে, বাহাই ধৰ্মবাহা,[16] শিখ ধৰ্মৱাহেগুৰু,[17] আৰু জ'ৰোৱাষ্ট্ৰিয়ান ধৰ্মআহোৰা মাজদা বুলি কয়।[18]

ভগৱান সম্পৰ্কীয় বিভিন্ন মতবাদ, আৰু ভগৱানৰ বৈশিষ্ট, উদ্দেশ্য, আৰু কাৰ্যসমূহৰ প্ৰতিযোগিতামূলক দাবীবোৰে সমস্তবাদ, সৰ্বেশ্বৰবাদ,[19][20] আদি ধাৰণা বা এক চিৰস্থায়ী দৰ্শন বিকাশৰ দিশলৈ আগবঢ়াই নিয়ে, যি নিৰ্ণয় কৰে যে সকলো ধৰ্মই কেৱল এক আংশিক বোধগম্যতা প্ৰকাশ কৰে, আৰু যিয়ে "বিভিন্ন বিখ্যাত ধৰ্মসমূহৰ উপাসকসকলে এক প্ৰকাৰে সেই এজন ভগৱানকেই উপাসনা কৰে, কিন্তু যদিও ভিন্ন, তেওঁৰ সম্পৰ্কে ধাৰণা বা মানসিক চিত্ৰখন সানমিহলি হৈ থাকে। " এই সত্যটোকেই প্ৰতিপন্ন কৰে।[21]


জনশ্ৰুতি আৰু ব্যৱহাৰ

Thumb
The Mesha Stele bears the earliest known reference (840 BCE) to the Israelite God Yahweh.
Thumb
আৰবিক অক্ষৰাংকণত 'আল্লাহ' শব্দটো

ইংৰাজী ভাষাত, বৰফলাত লিখা গড (God) শব্দই একেশ্বৰবাদৰ "ভগৱান" আৰু সৰ্বেশ্বৰবাদৰ "দেৱতা"ৰ মাজৰ পাৰ্থক্য প্ৰদৰ্শন কৰে।[22][23]

বাইবেলৰ বহুতো অনুবাদত, যদি লৰ্ড (LORD) শব্দটোৰ আটাইকেইটা আখৰ বৰফলাৰ হয় তেতিয়া ই বিশেষভাৱে টেট্ৰাগ্ৰামাটনক বূজায়।[24]

বহুবচনহীন আৰবিক শব্দ আল্লাহ (আৰবী: الله) মুছলমান আৰু আৰবিক কোৱা খ্ৰীষ্টান আৰু জিউছসকলে "দ্য গড" ("The God" বৰফলাৰ G) অথবা ভগৱানক বুজাবলৈ ব্যৱহাৰ কৰে, আনহাতে "ইল্লাহ" (আৰবী: إله) শব্দ কোনো উপাস্য বা সাধাৰণ দেৱতাৰ বাবে ব্যৱহাৰ কৰে।[25][26][27] হিন্দু ধৰ্মৰ একেশ্বৰবাদৰ সোঁতত ভগৱানৰ নামবাচক শব্দ, প্ৰথমে ভাগৱতকৃষ্ণ-বাসুদেৱ বা পিছলৈ বিষ্ণু আৰু হৰি নামৰ ব্যৱহাৰেৰে ভগৱানৰ ব্যক্তি প্ৰকৃতি উদ্ভাসিত কৰিছে।[28] জ'ৰোৱাষ্ট্ৰিন ধৰ্মত ভগৱান বুজাবলৈ আহোৰা মাজদা শব্দ ব্যৱহাৰ কৰা হয়। এই 'মাজদা' বা ইয়াৰ এভেষ্টান মূল-ৰূপ 'মাজ্ধা'ই প্ৰাক-ইৰাণীয় 'মাজ্দাহ' (স্ত্ৰী) শব্দক প্ৰতিফলিত কৰে। ইয়াৰ সদৃশ 'বোধ' বা 'জ্ঞান' বুজোৱা সংস্কৃত শব্দ 'মেধা'ৰ দৰে ইয়াক আত্মাৰ নামবাচক শব্দৰূপে ব্যৱহাৰ কৰা হয়। এভেষ্টান আৰু সংস্কৃত দুয়োটা শব্দই প্ৰাক-ইণ্ডো-ইউৰোপীয় ম্নেছদ্হেহ1, আক্ষৰিক অৰ্থ "কাৰোবাৰ মনত ("ম্নেছ") স্থাপিত কৰা (দ্হেহ1)", অৰ্থাৎ "জ্ঞান"ৰ পৰা আহৰিত প্ৰাক-ইণ্ডো-ইৰাণীয় 'মাজ্ধা'ক প্ৰতিফলিত কৰে। [29] ভগৱানক বুজাবলৈ শিখ ধৰ্মত প্ৰায়ে ৱাহেগুৰু (পঞ্জাবী: वाहिगुरु) পদটো ব্যৱহাৰ কৰা হয়। পঞ্জাবী ভাষাত ইয়াৰ অৰ্থ হৈছে "আচৰ্যজনক শিক্ষক"। ৱাহি (মধ্য পাচ্যৰ পৰা আমদানীকৃত) মানে "আচৰ্যজনক" আৰু গুৰু (সংস্কৃত: गुरु ) মানে "শিক্ষক"। সকলো বৰ্ণনাৰ উৰ্ধত কিছুলোকে ৱাহেগুৰু মানে পৰমানন্দৰ অভিজ্ঞতা বুলিও ব্যাখ্যা কৰে। "ৱাহিগুৰু" শব্দৰ আটাইতকৈ সাধাৰণ ব্যৱহাৰ হৈছে শিখ সকলে এজনে আনজনক শুভেচ্ছা জনাবলৈ ইয়াক ব্যৱহাৰ কৰে:

ৱাহিগুৰু জী কা খালছা, ৱাহিগুৰু জী কি ফটেহ
আচৰ্যজনক গুৰুৰ খালছা, আচৰ্যজনক ইশ্বৰৰ বিজয়ৰ অৰ্থে।

বাহা, হৈছে বাহাই ধৰ্মত ভগৱানক বুজোৱা "আটাইতকৈ মহান" নাম, ইয়াৰ আৰবিক অৰ্থ হৈছে "সৰ্ব-প্ৰসিদ্ধ"।

বিশ্বাসৰ বিতৰণ

অধিক তথ্য প্ৰধান ধৰ্মীয় গোটসমূহৰ আকাৰ, ২০১২ ...
প্ৰধান ধৰ্মীয় গোটসমূহৰ আকাৰ, ২০১২
ধৰ্ম শতাংশ
খ্ৰীষ্টান
 
৩১.৫%
ইছলাম
 
২৩.২%
অসংগঠিত
 
১৬.৩%
হিন্দু
 
১৫.০%
বৌদ্ধ *
 
৭.১%
স্থানীয়
 
৫.৯%
অন্যান্য
 
০.৮%
ইহুদী
 
০.২%
Pew Research Center, 2012[30]
বন্ধ কৰক

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.