ইছলাম

একেশ্বৰবাদী ইব্রাহিমীয় ধৰ্ম From Wikipedia, the free encyclopedia

ইছলাম
Remove ads

ইছলাম (English: /ˈɪslɑːm/; আৰবী ভাষাত: الإسلام আল্‌ ইছলাম্‌) এটা একেশ্বৰবাদী আব্ৰাহামিক ধৰ্ম[1] ইছলাম (আৰবী: الإسلام‎) শব্দটো আহিছে আৰবী س-ل-م (ছালাম) শব্দটোৰ পৰা যাৰ অৰ্থ দুটা; ১▪ শান্তি ২▪ আত্মসমৰ্পণ কৰা। সংক্ষেপত, ইছলাম হ'ল শান্তি (প্ৰতিষ্ঠা)'ৰ উদ্দেশ্যেৰে এক আৰু অদ্বিতীয় ঈশ্বৰ (আল্লাহ)ৰ ওচৰত আত্মসমৰ্পণ কৰা। "ইছলাম" শব্দৰ অৰ্থ হৈছে "আত্মসমৰ্পণ", বা একক স্ৰষ্টাৰ ওচৰত নিজকে সমৰ্পন কৰা।[2] ইছলাম শব্দটো উৎপত্তি হৈছে ছালামৰ পৰা, যাৰ অৰ্থ হৈছে শান্তি।[3] খৃষ্টীয় সম্তম শতিকাত আৰৱৰ ধৰ্মীয় আৰু ৰাজনৈতিক নেতা মুহাম্মাদে (ছাঃ) এই ধৰ্ম প্ৰচাৰ কৰে। কোৰআন ইছলামৰ মূল ধৰ্মগ্ৰন্থ। এই ধৰ্মত বিশ্বাসী সকলক মুছলমান বা মুছলিম বোলা হয়। কোৰআন আল্লাহৰ বাণী আৰু মুহাম্মাদ(ছাঃ)ৰ ওপৰত অৱতীৰ্ণ হৈছিল বুলি মুছলিম সকলে বিশ্বাস কৰে। তেওঁলোকৰ বিশ্বাস অনুসৰি মুহাম্মাদ চাল্লাহু আলাইহি ওয়াছাল্লাম শেষ নবীহাদিছৰ পৰা প্ৰাপ্ত নিৰ্দেশিত কাম আৰু শিক্ষাৰ ভিত্তিতহে কোৰআন'ক ব্যাখ্যা কৰা হয়।

Thumb
চৌদি আৰৱৰ মক্কাকাবা শ্বৰীফ; য'ত গোটেই বিশ্বৰ লাখ লাখ মুছলিমে একতাৰ মাধ্যমেৰে ধৰ্মীয় ভাৱগাম্ভীৰ্যৰ সৈতে প্ৰাৰ্থনা কৰি থাকে।

ইহুদি আৰু খ্ৰীষ্টান ধৰ্মৰ ন্যায় ইছলাম ধৰ্ম আৰু আব্ৰাহামীয়[4] মুছলমানৰ সংখ্যা অনুমাণিক ১৪০ কোটি আৰু তেওঁলোক পৃথিৱীৰ দ্বিতীয় বৃহত্তম ধৰ্মাৱলম্বী গোষ্ঠী।[5] মুহাম্মাদ চাল্লাহু আলাইহি ওয়াছাল্লাম আৰু তেওঁৰ উত্তৰসূৰী সকলৰ প্ৰচাৰ আৰু উত্তম আদৰ্শৰ ফলশ্ৰুতিতে ইছলাম ধৰ্মৰ বিশ্বত দ্ৰুত বিস্তাৰ হয়।[6] বৰ্তমান সমগ্ৰ বিশ্বব্যাপী, বিশেষকৈ মধ্যপ্ৰাচ্য, উত্তৰ আফ্ৰিকা, পূৰ্ব আফ্ৰিকা, পশ্চিম আফ্ৰিকা. দক্ষিণ এছিয়া, মধ্য এছিয়া, দক্ষিণ-পূৱ এছিয়াত মুছলমানসকল বাস কৰে। আৰব দেশত মুঠ মুছলমানৰ সংখ্যা শতকৰা মাত্ৰ ২০ বিশভাগ।[7] যুক্তৰাজ্যসহ বহুকেইখন ইউৰোপীয় দেশৰ দ্বিতীয় বৃহত্তম ধৰ্ম ইছলাম।[8][9] Pew Research Centerৰ জৰীপৰ মতে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি হৈ থকা ধৰ্ম হৈছে ইছলাম।[10]

Remove ads

ধৰ্মবিশ্বাস

মুছলিম সকলে বিশ্বাস কৰে যে, আল্লাহ মানৱজাতিৰ বাবে তেখেতৰ বাণী ফৰিষ্টা জিব্ৰাইলৰ (আঃ) মাধ্যমেৰে মুহাম্মাদ(ছাঃ)ৰ ওচৰত অৱতীৰ্ণ কৰিছে। কোৰআনত উক্ত "খতমে নবুওৱত" আৰু মুহাম্মাদ(ছাঃ) নিজৰ দাবীৰ ভিত্তিত মুছলিম সকলে তেওঁক শেষ বাণীবাহক (নবী) বুলি বিশ্বাস কৰে। তেওঁলোকৰ বিশ্বাসমতে, তেখেত সকলৰ পবিত্ৰ গ্ৰন্থ কোৰআন নিখুঁত, অবিকৃত আৰু মানৱজাতিৰ উদ্দেশ্যে অৱতীৰ্ণ আল্লাহৰ শেষ বাণী, যি পুনৰুত্থান দিৱস পৰ্যন্ত বৰ্তী বা কাৰ্যকৰী হৈ থাকিব।

মুছলিম সকলৰ বিশ্বাস অনুযায়ী, আদম (আঃ) ৰ পৰা আৰম্ভ কৰি ঈশ্বৰ-প্ৰেৰিত সকলো পুৰুষ ইছলামৰ বাণীয়েই প্ৰচাৰ কৰি গৈছে। পৱিত্ৰ কোৰআনছূৰা ফাতিৰত কোৱা হৈছে,

"নিঃসন্দেহে মই তোমাক (মুহাম্মাদ) পঠাইছো সত্যৰ সৈতে সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে। আৰু এনেকোৱা কোনো সম্প্ৰদায় নাই, যিসকলৰ মাজত এজন সতৰ্ককাৰী পঠোৱা হোৱা নাই। "৩৫:২৪[11]

ইছলামৰ দৃষ্টিত ইহুদি আৰু খ্ৰীষ্টান উভয়েই আব্ৰাহামৰ শিক্ষাৰ ঐতিহ্য পৰম্পৰা। উভয় ধৰ্মাৱলম্বীকেই কোৰানত "আহলে কিতাব" (আকাশী কিতাব পোৱা) বুলি সম্বোধন কৰা হৈছে আৰু বহুদেৱতাবাদীসকলৰ পৰা পৃথক কৰা হৈছে। পৱিত্ৰ কোৰআনৰ ছূৰা আলে ইমৰাণত আহ্বান কৰা হৈছে,

"কোৱা, ‘হে কিতাবীসকল! আহা সেই কথাৰ পিনে যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে; সেয়া হৈছে- আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰো, তেওঁৰ লগত আন কাকো অংশী স্থাপন নকৰো আৰু আমাৰ মাজৰ কোনোৱে যাতে ইজনে সিজনক ৰব হিচাপে গ্ৰহণ নকৰে’। তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেনেহ’লে তোমালোকে কোৱা, ‘তোমালোকে সাক্ষী থকা যে, নিশ্চয় আমি মুছলিম’। "৩:৬৪[11]

এই ধৰ্ম দুটাৰ গ্ৰন্থসমূহৰ বিভিন্ন ঘটনা আৰু বিষয়ৰ উল্লেখ কোৰানত আছে, কিন্তু বহুত ক্ষেত্ৰত পাৰ্থক্যও দেখা যায়। ইছলামী বিশ্বাসানুসাৰে এই দুই ধৰ্মৰ অনুশৰণকাৰীসকলে তেখেতসকলৰ ওচৰত প্ৰদত্ত ঈশ্বৰৰ বাণীৰ অৰ্থগত আৰু নানাবিধ বিকৃতসাধন কৰিছে; ইহুদিসকলৰৰ তৌৰাতক (তোৰাহ) আৰু খ্ৰীষ্টানসকলৰ মতে ইঞ্জিল (নতুন বাইবেল)।

আল্লাহ

মুছলমানসকলে তেওঁলোকৰ সৃষ্টিকৰ্তাক 'আল্লাহ' বুলি সম্বোধন কৰে। ইছলামৰ মূল বিশ্বাস হ’ল আল্লাহৰ একত্ব বা তৌহিদ। ইছলাম পৰম একেশ্বৰবাদী আৰু কোনোভাবেই আপেক্ষিক বা বহুত্ববাদী নহয়। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তমভৰ মাজৰ প্ৰথম, যাক শ্বাহাদাহ/কলিমা বোলা হয়। ইয়াৰ আসমীয়ানুবাদ হ'ল-

মই সাক্ষ্য দি আছোঁ যে, আল্লাহৰ বাহিৰে উপাসনাৰ যোগ্য আন একো নাই, আনহাতে মই সাক্ষী দি আছোঁ যে, মুহাম্মদ (ছঃ) আল্লাহৰ বাৰ্তাবাহক। " এইটো পাঠৰ মাধ্যমত এজনে স্বীকাৰ কৰে যে, (এক) আল্লাহ ব্যতীত অন্য কোনো উপাস্য নাই আৰু (দুই) মুহম্মদ (ছাঃ) তেওঁৰ প্ৰেৰিত বাণীবাহক।

ছূৰা এখলাছত আল্লাহৰ বৰ্ণনা এনেদৰে দিয়া হৈছে,

"কওক, তেওঁ আল্লাহ, এক, একক

আল্লাহ অমুখাপেক্ষী, তেওঁ কাকো জন্ম দিয়া নাই আৰু কোনেও তেওঁক জন্ম দিয়া নাই

আৰু তেওঁৰ সমতুল্য একোৱেই নাই।

কোৰআনৰ ২:২৫৫ত কোৱা হৈছে,

আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্তাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন সেইজন, যিয়ে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত ছুপাৰিছ কৰিব? সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সকলো তেওঁ জানে; আৰু যি তেওঁ ইচ্ছা কৰে তাৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে পৰিবেষ্টন কৰিব নোৱাৰে। তেওঁৰ কুৰছীয়ে আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান।

ব্যুৎপত্তিগতভাৱে আল্লাহ শব্দটো "ইলাহ" তকৈ আগত। খ্ৰীষ্টানসকলে খ্ৰীষ্টান ধৰ্মক একেশ্বৰবাদী বুলি দাবী কৰিলেও মুছলমানসকলে খ্ৰীষ্টানসকলৰ ত্ৰিত্ববাদ (trinity) বা এক ঈশ্বৰৰ মাজৰ পিতা, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ মিলন, এই বিশ্বাসক বহু-ঈশ্বৰবাদী ধাৰণা বুলি অস্বীকাৰ কৰে। ইছলামী ধাৰণাত ঈশ্বৰৰ সাদৃশ্য একোৱেই নাই। মুছলমানসকলে তেওঁলোকৰ সৃষ্টিকৰ্তাক তেওঁৰ বিভিন্ন গুণবাচক নাম আৰু গুণাবলীৰ মাধ্যমেৰে বৰ্ণনা কৰে।

ফৰিষ্টা

ফৰিষ্টা ইছলামী ধৰ্মাম্বলম্বীসকলৰ বিশ্বাসমতে স্বৰ্গীয় দূত। ফৰিষ্টাৰ বিশ্বাস ইছলাম ধৰ্ম বিশ্বাসৰ এটা মূল নীতি। এয়া মানুহৰ ন্যায় আল্লাহৰ আৰু এক সৃষ্টি। ফৰিষ্টাই নভোমণ্ডল আৰু ভূমণ্ডলৰ মাজত যোগাযোগ ৰক্ষা কৰে। ফৰিষ্টাত তেওঁলোকৰ সংখ্যা অগণন। আৰবীত ফৰিষ্টাক একবচনত মালাইক আৰু বহুবচনত মালাক বোলা হয়। ইছলামত তেওঁলোকৰ কোনো শ্ৰেণীবিন্যাস কৰা নহ'লেও চাৰিজন ফৰিষ্টাক প্ৰাধান্য দিয়া হৈছে:

  1. জিব্ৰাইল (আলাইহিছ ছালাম)
  2. মিকাইল (আলাইহিছ ছালাম)
  3. ইছৰাফিল (আলাইহিছ ছালাম)
  4. মালাক আল-মাউত (আলাইহিছ ছালাম)

ইছলাম, খ্ৰীষ্টান ধৰ্ম আৰু ইহুদি ধৰ্মৰ বাদে হিন্দু ধৰ্মতো ফৰিষ্টা তথা স্বৰ্গীয় দূতসকলৰ অস্তিত্ত্বৰ কথা কোৱা হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]

পয়গম্বৰ(নবী), বাৰ্তাবাহক(ৰাছুল)

ইছলামত পয়গম্বৰ (আৰবী: نبي) হ'ল সেইজন ব্যক্তি যিজনক স্ৰষ্টাই মানুহক দিক নিৰ্দেশনা প্ৰদানৰ বাবে মনোনীত হিচাবে বিবেচনা কৰে। ইছলামী পৰিভাষাত ইয়াক কোৱা হয় নাবী(নবী)।

ইছলামী ঐতিহ্য মতে ঈশ্বৰে প্ৰত্যেক জাতিৰ ওচৰত পয়গম্বৰ প্ৰেৰণ কৰিছে। ইছলাম অনুযায়ী একমাত্ৰ মুহাম্মদ(আঃ)কেই আল্লাহৰ বাৰ্তা সমগ্ৰ মানৱজাতিৰ ওচৰত পঠিয়াই দিয়াৰ বাবে প্ৰেৰিত হৈছিল, য'ত অন্যান্য পয়গম্বৰ সকল এটা নিৰ্দিষ্ট গোত্ৰ বা জাতিৰ ওচৰত প্ৰেৰিত হৈছিল।

ইহুদি আৰু খ্ৰীষ্টধৰ্মৰ বিপৰীতে, ইছলামত আল্লাহৰ বাৰ্তাবাহক আৰু পয়গম্বৰ (নবীৰ) মাজত পাৰ্থক্য কৰে। উভয়েই “ঐশ্বৰিক অণুপ্ৰেৰণা”ৰ দ্বাৰা আল্লাহৰ প্ৰত্যাদেশ প্ৰাপ্ত। তদুপৰি, বাৰ্তাবাহকসকল গ্ৰন্থ আকাৰে এটা সম্প্ৰদায়ৰ বাবে ঐশ্বৰিক নিয়ম কানুন প্ৰদান কৰে আৰু পয়গম্বৰসকলৰ বিপৰীতে আল্লাহৰ কৰ্তৃক সাফল্যৰ নিশ্চয়তা প্ৰাপ্ত ব্যক্তি। যেনেকৈঃ মুছলিমসকলৰ ধৰ্মগ্ৰন্থ কোৰআনত কোৱা হৈছে,

যদিও সকলো "ৰাছুল" সকলেই "নবী", কিন্তু সকলো "নবী" সকল "ৰাছুল" নহয়।[12]

[13] [14]

[15]
Remove ads

বহিঃসংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads