![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/f2/Sri_Sri_Ugratara_Devalaya.jpg/640px-Sri_Sri_Ugratara_Devalaya.jpg&w=640&q=50)
উগ্ৰতাৰা দেৱালয়
From Wikipedia, the free encyclopedia
উগ্ৰতাৰা দেৱালয় গুৱাহাটীৰ লতাশিল অঞ্চলত অৱস্থিত দশ মহাবিদ্যাৰ দ্বিতীয় দেৱী তাৰাৰ উগ্ৰ স্বৰূপ উগ্ৰতাৰাৰ নামত উৎসৰ্গিত মন্দিৰ। এই মন্দিৰৰ পিছফালে যোৰপুখুৰী নামৰ এটা পুখুৰী আছে। গুৱাহাটীৰ পঞ্চতীৰ্থৰ অন্যতম উগ্ৰতাৰা দেৱালয় গুৰুত্বপূৰ্ণ শক্তিপীঠ। লোকবিশ্বাস মতে ইয়াত ভগৱান শিৱৰ পত্নী দেৱী সতীৰ নাভি পৰিছিল। তিব্বতীয় বৌদ্ধ বিশ্বাস মতে অসমৰ উগ্ৰতাৰাক তীক্ষ্ণকণ্ঠ, একজঁটা হিচাপে গণ্য কৰা হয়।[1][2] তাৰা শব্দটো সংস্কৃতৰ "তাৰ্" মূলৰ পৰা আহিছে, ইয়াৰ অৰ্থ "পাৰ কৰোৱা" আৰু উগ্ৰ মানে ভয়ানক।[3]
উগ্ৰতাৰা দেৱালয় | |
---|---|
![]() | |
ভূ-স্থানাংক | 26.18°N 91.74°E / 26.18; 91.74 |
নাম | |
অন্য নাম | উগ্ৰতাৰা মন্দিৰ |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য/ অঞ্চল | অসম |
জিলা | কামৰূপ মহানগৰ |
এলেকা | উজান বজাৰ |
স্থাপত্য আৰু সংস্কৃতি | |
মুখ্য দেৱ/ দেৱী | উগ্ৰতাৰা |
প্ৰধান উৎসৱ | দুৰ্গাপূজা |
স্থাপত্য শৈলী | নীলাচল স্থাপত্যশৈলী |
ইতিহাস | |
নিৰ্মাণকাল (বৰ্তমান গৃহ) |
১৭২৫ খ্ৰীষ্টাব্দ |
প্ৰতিস্থাপক | স্বৰ্গদেউ শিৱ সিংহ |
বৰ্তমান উগ্ৰতাৰা দেৱালয় আহোম স্বৰ্গদেউ শিৱ সিংহয়ে ১৭২৫ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰাইছিল। ইয়াৰ পূব দিশত অৱস্থিত যোৰপুখুৰী তেওঁ মন্দিৰ নিৰ্মাণৰ তিনিবছৰ আগতে খন্দাইছিল। ইয়াত বিভিন্ন প্ৰজাতিৰ কাছক সংৰক্ষিত অৱস্থাত ৰখা হৈছে। ভূমিকম্পৰ ফলত মন্দিৰৰ বিস্তৰ ক্ষতি হৈছিল যদিও পিছলৈ নাগৰিক সকলে পুনৰ নিৰ্মাণ কৰে।
কালিকা পুৰাণত উল্লিখিত মতে দিক্কৰবাসিনী নামৰ এখন শক্তিপীঠ আছিল। দিক্কৰবাসিনীৰ দুটা ৰূপ বিদ্যমান, তীক্ষ্ণ কণ্ঠ আৰু ললিত কণ্ঠ। তীক্ষ্ণ কণ্ঠৰ দেহৰ বৰণ ক'লা আৰু পেট ঘটিৰ দৰে। এইৰূপক উগ্ৰতাৰা বা এক জঁটা বোলে। ললিত কণ্ঠ ধুনীয়া আৰু আকৰ্ষণীয় আৰু তেওঁক তাম্ৰেশ্বৰী বোলা হয়।
উগ্ৰতাৰা দেৱালয়ৰ গৰ্ভগৃহত দেৱী উগ্ৰতাৰাৰ কোনো মূৰ্তি বা আকৃতি নাই। পানীৰে পূৰ্ণ কুণ্ড এটাক দেৱী হিচাপে গণ্য কৰা হয়। ইয়াৰ লগতে ইয়াত পাল বংশৰ সময়ৰ অষ্টধাতুৰ উগ্ৰতাৰাৰ মূৰ্তি আছে। মন্দিৰ কাষতে শিৱৰ মন্দিৰ শিৱালয় অৱস্থিত। দুয়ো মন্দিৰৰ পিছফালে যোৰপুখুৰী অৱস্থিত।