উৎসৱ বুলিলে সাধাৰণতে সামাজিক, ধৰ্মীয় আৰু ঐতিহ্যগত প্ৰেক্ষাপটত পালিত আনন্দ অনুষ্ঠানক বুজায়। উৎসৱ-অনুষ্ঠান হৈছে জাতি এটাৰ মাজত পৰম্পৰাগতভাৱে চলি অহা আচাৰ-অনুষ্ঠান। ইয়াক ধৰ্মীয় আৰু সামাজিক দুটা ভাগত ভগাব পাৰি। উৎসৱৰ মাধ্যমেৰে বিভিন্ন অঞ্চলৰ লোকৰ মাজত সমন্বয় গঢ়ি উঠে৷[1]

Thumb
Village Feast. Facsimile of a woodcut of the Sandrin ou Verd Galant, facetious work end of 16th century (edition of 1609)

অসমত প্ৰচলিত কেইটামান প্ৰধান লোক-উৎসৱ হৈছে-বহাগ বিহু, মাঘ বিহু, কাতি বিহু, ঈদ ইত্যাদি। হিন্দু ধৰ্মাৱলম্বীসকলৰ বাৰ্ষিক উৎসৱৰ ভিতৰত কৃষ্ণ জন্মাষ্টমী, দুৰ্গা পূজা, সৰস্বতী পূজাইছলাম ধৰ্মাৱলম্বীসকলৰ ধৰ্মীয় উৎসৱৰ ভিতৰত আছে ঈদ-উল ফিতৰ আৰু ঈদ-উল-আজহা আদি।

গুৰুত্বপূৰ্ণ সামৰিক বিজয় বা নতুন দেশ গঠনৰ দৰে ঐতিহাসিক তাৎপৰ্যপূৰ্ণ ঘটনাকো কেতিয়াবা উৎসৱ হিচাপে পালন কৰা হয়। এনে উৎসৱৰ প্ৰথম উদাহৰণ হৈছে প্ৰাচীন মিছৰৰ ফেৰাউন ৰামেছেছ তৃতীয় (Pharaoh Ramesses III)ই লিবিয়ান জয় কৰাৰ পিছত উৎসৱ উদযাপন কৰিছিল।[2] সেইদৰে অযোধ্যাৰ ৰজা ৰামচন্দ্ৰইও লংকা জয় কৰি দুৰ্গা পূজা অনুষ্ঠিত কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন] প্ৰায়বোৰ উৎসৱেই বছৰেকৰ মূৰত পালন কৰা হয়।

ধৰ্মীয় উৎসৱ

সামাজিক উৎসৱ

সামাজিক উৎসৱসমূহ সাধাৰণতে বিভিন্ন সমাজৰ মাজত কোনো এটা নিৰ্দিষ্ট দিনত উদযাপন কৰা হয়।

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.