কুকুৰীকণা
From Wikipedia, the free encyclopedia
কুকুৰীকণা ( ইংৰাজী: Nyctalopia ) /ˌnɪktəlˈoʊpiə/ ( গ্ৰীক νύκτ-, nykt- "ৰাতি"; ἀλαός, alaos "অন্ধ, দেখা নাই", আৰু ὄψ, ops "চকু"), [1] ইংৰাজীত আন এটা নাম হৈছে ৰাতিৰ অন্ধতা। এই ৰোগত তুলনামূলকভাৱে ম্লান পোহৰত দেখাটো কঠিন বা প্ৰায় অসম্ভৱ। আচলতে ই একপ্ৰকাৰ চকুৰ ৰোগৰ লক্ষণ। কিছুমান মানুহৰ জন্মতে এই সমস্যা থাকে যদিও চকুৰ আঘাত বা পুষ্টিহীনতা (যেনে ভিটামিন এৰ অভাৱ)ৰ বাবেও ইয়াৰ সৃষ্টি হ’ব পাৰে। ৰাতিৰ অন্ধতাত চকুৰ কম পোহৰ বা আন্ধাৰৰ লগত খাপ খুৱাব পৰা ক্ষমতা কমি যায় বা ধ্বংস হয়।
ৰেটিনাত ৰড চেল আৰু কন চেল নামৰ দুবিধ কোষ থাকে যিবোৰে ক্ৰমে ম্লান আৰু উজ্জ্বল পোহৰত কাম কৰে। ৰড কোষত ৰডপচিন নামৰ এক প্ৰকাৰৰ ৰিচেপ্টৰ প্ৰটিন থাকে। যেতিয়া পোহৰ ৰ'ড'প্চিনৰ ওপৰত পৰে, তেতিয়া ইয়াৰ গাঁথনিগত পৰিৱৰ্তনৰ ধাৰাবাহিকতাই বৈদ্যুতিক সংকেত উৎপন্ন কৰে যিবোৰ অপটিক নাৰ্ভৰ জৰিয়তে মগজুলৈ যায়। পোহৰৰ অনুপস্থিতিত ৰ’ড’প্চিন পুনৰ উৎপত্তি হয়। ৰ’ড’পচিন সংশ্লেষণৰ বাবে ভিটামিন ‘এ’ৰ প্ৰয়োজন হয়, যাৰ বাবে এই ভিটামিনৰ অভাৱত ৰাতি অন্ধ হৈ পৰে।