কৰ্কট ক্ৰান্তি
From Wikipedia, the free encyclopedia
কৰ্কট ক্ৰান্তি (ইংৰাজী: Tropic of cancer) প্ৰতি বছৰ ২১ জুনৰ দিনা পৃথিৱীৰ যিবোৰ বিন্দুত সূৰ্যৰশ্মি লম্বভাৱে পৰে, সেই বিন্দুবোৰ সংযোগী ৰেখা; ২৩ডিগ্ৰী ৩০ মিনিট উত্তৰ অক্ষৰেখা৷ ইয়েই সূৰ্যৰ উত্তৰায়ণৰ শেষ সীমা৷ ভাৰতৰ প্ৰায় সোঁমাজেদি কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে৷ এই ৰেখাই চুই যোৱা ভাৰতৰ ৰাজ্যকেইখন হʼল- গুজৰাট, ৰাজস্থান মধ্যপ্ৰদেশ, ছত্তিছগড়, ঝাৰখণ্ড, পশ্চিমবংগ, ত্ৰিপুৰা আৰু মিজোৰাম৷[1]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |