![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/e/e8/Eleutherine_bulbosa_Urb._%25287304624248%2529.jpg/640px-Eleutherine_bulbosa_Urb._%25287304624248%2529.jpg&w=640&q=50)
চন্দ্ৰমল্লিকা ফুল
From Wikipedia, the free encyclopedia
চন্দ্ৰমল্লিকা (বৈজ্ঞানিক নাম: Eleutherine bulbosa) হৈছে ইৰিডেচি পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ। স্পেনিছ ভাষীৰ মাজত এই উদ্ভিদজোপাক লাগ্ৰিমাছ ডে লা ভিৰজেন ("কুমাৰীৰ চকু পানী") বুলি বিখ্যাত।[2]
![]() |
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, আপুনিও ৱিকিপিডিয়াক এইটো বিস্তাৰ কৰি সহায় কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য চন্দ্ৰমল্লিকা ফুল, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
চন্দ্ৰমল্লিকা ফুল | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Monocots |
বৰ্গ: | Asparagales |
পৰিয়াল: | Iridaceae |
উপপৰিয়াল: | Iridoideae |
গোত্ৰ: | Tigridieae |
গণ: | Eleutherine Herb.[1] |
প্ৰজাতি: | E. bulbosa |
বৈজ্ঞানিক নাম | |
Eleutherine bulbosa (Mill.) Urb. | |
সমাৰ্থক | |
|
বন্ধ কৰক
অন্য ইলোথেৰাইন (Eleutherine) প্ৰজাতিৰ দৰেই চন্দ্ৰমল্লিকাৰ শিপা টেমুনাযুক্ত; পাতৰ আকাৰ ডাঙৰ; আৰু সৰু, বগা সন্ধিয়া সময়ত ফুলা ফুল ফুলে। দক্ষিণ মেক্সিকো আৰু এমাজনৰ বৰ্ষা−অৰণ্য, পেৰু, বলিভিয়া, একুৱেডৰ, গুয়ানা, ছুৰিনেম আৰু ফ্ৰেন্স গুইনাৰ সীমান্তবৰ্তী অঞ্চল, ইয়াৰোপৰি ব্ৰাজিলৰ আমাপা আৰু আৰ্ছিত এই উদ্ভিদ দেখা পোৱা যায়।[2] ঔষধি গুণযুক্ত হোৱা বাবে সমগ্ৰ বিশ্বতে ইয়াৰ খেতি কৰা হয়।
E. latifoliaৰ দৰে E. bulbosaৰ মূল ক্ৰমজমৰ সংখ্যা হৈছে x=6 (2n=12)।[3]
১৯৬৫ চনত E. bulbosa subsp. citriodora নামৰ ইয়াৰ এটা উপ−প্ৰজাতিৰ আবিস্কাৰ কৰা হৈছিল।[4]