চ্যু-পাত-ফা
From Wikipedia, the free encyclopedia
চাওফা চ্যু-পাত-ফা (আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜄𑜫 𑜇𑜡, ইংৰাজী: Supatphaa, শাসনকাল: ১৬৮১ - ১৬৯৬)[2], বা গদাধৰ সিংহ অসমৰ ২৯তম চাওফা (স্বৰ্গদেউ) আছিল। তেওঁ আহোম ৰাজবংশৰ টুংখুঙীয়া ফৈদৰ প্ৰতিষ্ঠা কৰে, আহোম সাম্ৰাজ্যৰ অন্ত পৰালৈকে এই ফৈদে অসমত শাসন কৰি যায়। তেওঁ চুহুংমুংৰ উত্তৰ পুৰুষ গোবৰ ৰজাৰ পুত্ৰ আছিল। গোবৰ ৰজা মাত্ৰ ২০ দিনৰ বাবে ৰাজপাটত উঠিছিল। গোবৰ কোঁৱৰ বিজ্ঞ আৰু সাংসাৰিক কাৰ্য্যত সুনিপুণ আছিল ; সেইবাবেই তেওঁ নিজৰ সন্তানসকলকো সৰুৰে পৰাই নৈতিক বল আৰু বাহুবল দুয়োফালৰ পৰাই বিচক্ষণ কৰি তুলিব পাৰিছিল। আগতে গদাপাণি বুলি জনাজাত, গদাধৰ সিংহই শৰাইঘাটৰ যুদ্ধ জয় কৰাৰ পাছত আহোম সাম্ৰাজ্যৰ অস্থিৰতা দূৰ কৰি এখন সুস্থিৰ ৰাজ্য স্থাপনত সফল হৈছিল। ইয়াৰ আগৰ সময়চোৱা ল’ৰা ৰজা চুলিকফাৰ শাসনকাল দেবেৰা বৰবৰুৱা আৰু লালুক সোলা বৰফুকনৰ অত্যাচাৰী শাসনৰ সময় আছিল এই সময়তে গুৱাহাটীও প্ৰায় হেৰুৱাব লগা হৈছিল, গদাধৰ সিংহ স্বৰ্গদেউ হৈ নিজ ৰণ-কৌশল আৰু ৰাজনৈতিক বলেৰে সকলোকে দমাই চিৰকালৰ বাবে গুৱাহাটীক মোগলৰ পৰা নিজৰ হাতলৈ আনে। পাছত গদাধৰ সিংহৰ বৈষ্ণৱ সত্ৰ সমূহৰ সৈতে কিছু মতবিৰোধ হয় সেইসময়তে তেওঁ শাসনৰ বাঘজৰী পুত্ৰ ৰুদ্ৰ সিংহক দিয়ে, যি সময়ত সাম্ৰাজ্য খ্যাতিৰ শিখৰত প্ৰতিষ্ঠিত হয়[2]। গদাধৰ সিংহৰ শাসনকালত ৰাজ্যৰ ৰাজধানী আছিল বৰকলা[2]। তেওঁ চৈধ্য বছৰ কাল আহোম ৰাজ্যত শাসন কৰি প্ৰায় আঢ়ৈ কুৰি বছৰ বয়সত স্বৰ্গগামী হয়।
চাওফা চ্যু-পাত-ফা 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜄𑜫 𑜇𑜡 | |
---|---|
চাওফা | |
১৬৮১ - ১৬৯৬ | |
পৰবৰ্তী চাওফা | চ্যু-খ্ৰং-ফা |
কুঁৱৰী | জয়মতী (বৰকুঁৱৰী), ৱাটলং আঙয়া (সৰু কুঁৱৰী)[1] |
সম্পূৰ্ণ নাম | |
চাওফা চ্যু-পাত-ফা | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
ধৰ্ম | আহোম ধৰ্ম |