ব্ৰিটিছ ৰসায়নবিদ From Wikipedia, the free encyclopedia
ডেভিদ উইলিয়াম ক্ৰছ মেকমিলান (ইংৰাজী: David MacMillan, জন্ম: ১৬ মাৰ্চ ১৯৬৮)[1] এজন স্কটিছ[2][3][4][5][6][7] ৰসায়নবিদ আৰু জেমছ এছ মেকডনেল প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ বিশিষ্ট অধ্যাপক। তেওঁ ২০১০ চনৰ পৰা ২০১৫ চনলৈ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[8][9] ২০২১ চনত তেওঁ বেঞ্জামিন লিষ্টৰ সৈতে যুটীয়াভাৱে "অসমমিত জৈৱঅনুঘটকৰ বিকাশৰ বাবে" ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।[10]
ডেভিদ ডব্লিউ. চি. মেকমিলান | |
---|---|
জন্ম | ১৬ মাৰ্চ, ১৯৬৮ বেলচিল, নৰ্থ লানাৰ্কশ্বায়াৰ, স্কটলেণ্ড |
কৰ্মস্থান |
|
শিক্ষানুষ্ঠান | গ্লাছগো বিশ্ববিদ্যালয় (বিএচচি) কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, ইৰভিন (পিএইচডি, ১৯৯৬) |
ডক্তৰেল পৰামৰ্শদাতা | লেৰী ই. অভাৰমেন |
আন শৈক্ষিক পৰামৰ্শদাতা | আৰ্নেষ্ট ডব্লিউ কলভিন ডেভিড এ. ইভান্স |
ডক্তৰেল বিদ্যাৰ্থী | ভাই ডং, তেহশিক য়ুন, ট্ৰিষ্টান লেম্বাৰ্ট |
উল্লেখনীয় বঁটা | ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা, ২০২১ |
১৯৬৮ চনৰ ১৬ মাৰ্চ তাৰিখে স্কটলেণ্ডৰ বেলচিলত ডেভিদ মেকমিলানৰ জন্ম হৈছিল। [11]তেওঁ নিউ ষ্টিভেনষ্টনত ডাঙৰ দীঘল হৈছিল। তেওঁ গ্লাছগো বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। গ্লাছগো বিশ্ববিদ্যালয়ত তেওঁ এৰ্নি কলভিনৰ সৈতে গৱেষণা কৰিছিল।[12][13]
১৯৯০ চনত তেওঁ ইৰভিনৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক লেৰী অভাৰমেনৰ নিৰ্দেশনাত ডক্টৰেট ডিগ্ৰীৰ বাবে গৱেষণা আৰম্ভ কৰিবলৈ যুক্তৰাজ্য ত্যাগ কৰে। এই সময়ছোৱাত তেওঁ বাইচাইক্লিক টেট্ৰাহাইড্ৰফুৰানৰ ষ্টিৰিঅ'নিয়ন্ত্ৰিত গঠনৰ দিশত নিৰ্দেশিত নতুন প্ৰতিক্ৰিয়া পদ্ধতিৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। মেকমিলানৰ অধ্যয়নৰ স্বৰূপে ৭-(−)-ডিএচিটোক্সিয়েলচাইনিন এচিটেটৰ মুঠ সংশ্লেষণ কৰিছিল। ই এবিধ কোমল প্ৰবাল ইউনিচেলা ষ্ট্ৰিক্টাৰ পৰা পৃথক কৰা এক প্ৰকাৰৰ ইউনিচেলিন ডাইটাৰপেনইড।[14] তেওঁ ১৯৯৬ চনত পিএইচডি ডিগ্ৰী লাভ কৰে।[11]
পিএইচডি লাভ কৰাৰ পিছত মেকমিলানে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপক ডেভিড ইভান্সৰ সৈতে পদভাৰ গ্ৰহণ কৰে। তেওঁৰ পোষ্টডক্টৰেল অধ্যয়ন এনাণ্টিঅচিলেটিভ কেটালাইচিছৰ ওপৰত কেন্দ্ৰিত আছিল। তেওঁ বিশেষকৈ এছএন(২)-উৎপন্ন বাইচক্সাজোলাইন কমপ্লেক্স (এছএন(আইআই)বক্স)ৰ ডিজাইন আৰু বিকাশত যথেষ্ট অৰিহণা আগবঢ়াইছিল।[13]
মেকমিলানে ১৯৯৮ চনৰ জুলাই মাহত কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলেত ৰসায়ন অনুষদৰ সদস্য হিচাপে তেওঁৰ স্বতন্ত্ৰ গৱেষণা জীৱন আৰম্ভ কৰে। তেওঁ ২০০০ চনৰ জুন মাহত কেলটেকৰ ৰসায়ন বিভাগত যোগদান কৰে আৰু ইয়াত তেওঁৰ গোটৰ গৱেষণাৰ আগ্ৰহ এণ্টিঅ'চিলেটিভ কেটালাইচিছৰ নতুন পদ্ধতিৰ ওপৰত কেন্দ্ৰিত আছিল। ২০০৪ চনত তেওঁ কমিউনিটিৰ ইৰলে চি এন্থনী প্ৰফেচাৰ হিচাপে নিযুক্ত হয়। তেওঁ ২০০৬ চনৰ ছেপ্টেম্বৰত প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ জেমছ এছ মেকডনেল বিশিষ্ট অধ্যাপক পদত অধিষ্ঠিত হয়।[13]
তেওঁক জৈৱঅনুঘটকৰ অন্যতম প্ৰতিষ্ঠাপক বুলি গণ্য কৰা হয়।[15] ২০০০ চনত মেকমিলানে সৰু জৈৱিক অণু ৰচনা কৰিছিল আৰু এইবোৰে ইলেক্ট্ৰন প্ৰদান বা গ্ৰহণ কৰিব পাৰে বাবে দক্ষতাৰে প্ৰতিক্ৰিয়া অনুপ্ৰেৰিত কৰিব পাৰে।[15][16] তেওঁ বিকশিত কৰা অনুঘটক সমূহে অসমঅনুঘটক কাৰ্যকৰী কৰিব পাৰে। তেওঁৰ আৱিষ্কাৰে প্ৰতিক্ৰিয়া সোঁ-হাতৰ সংস্কৰণতকৈ এটা অণুৰ বাওঁহাতৰ সংস্কৰণ অধিক প্ৰস্তুত কৰে বা ইয়াৰ বিপৰীতে কাৰ্য কৰে।[15] মেকমিলানৰ গৱেষণা গোটে অসমতামূলক জৈৱঅনুঘটকৰ ক্ষেত্ৰত বহুতো অগ্ৰগতি লাভ কৰিছে আৰু তেওঁলোকে এই নতুন পদ্ধতিবোৰ বিভিন্ন জটিল প্ৰাকৃতিক সামগ্ৰীৰ সংশ্লেষণত প্ৰয়োগ কৰিছে।[13][15] তেওঁ কিৰাল ইমিডাজোলাডিনোন অনুঘটক বিকশিত কৰিছিল।[17][16][18] বিভিন্ন অসমতা সংশ্লেষণত মেকমিলান অনুঘটক ব্যৱহাৰ কৰা হয়। উদাহৰণৰ স্বৰূপে ডাইলছ-এল্ডাৰ প্ৰতিক্ৰিয়া,[16] ১,৩-ডিপোলাৰ চাইক্ল'এডিচন,[19] ফ্ৰিডেল-ক্ৰাফ্টছ এলকাইলেচন[20] বা মাইকেল সংযোজন ইত্যাদি।[18]
২০১০ চনৰ পৰা ২০১৪ চনলৈ মেকমিলান ৰয়েল চছাইটি অফ কেমিষ্ট্ৰীৰ দ্বাৰা প্ৰকাশিত ধ্বজবাহী সাধাৰণ ৰসায়ন আলোচনী কেমিকেল চাইন্স আলোচনীখনৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক আছিল।[13]
ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ডেভিদ মেকমিলানে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। ২০০২ চনত তেওঁ স্লোয়ান ৰিচাৰ্চ ফেলোশ্বিপ লাভ কৰিছিল।[21] ২০০৪ ৰয়েল ইনষ্টিটিউট অৱ কেমিষ্ট্ৰীৰ কৰ্ডে-মৰ্গান পদক কৰে।[22] তেওঁ ২০১২ চনত ৰয়েল চছাইটি আৰু আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্সেছৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।[23][24] ২০১৩ ৰয়েল চছাইটি অৱ এডিনবাৰ্গৰ এজন সংশ্লিষ্ট ফেলো নিৰ্বাচিত হয়।[25] ইয়াৰ উপৰিও তেওঁ ২০১৫ চনত হেৰিচন হোৱে বঁটা[26] আৰু ২০১৭ চনত ৰয়োজি নুৰি পুৰস্কাৰ লাভ কৰে।[27] ২০১৮ চনত ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সদস্য নিৰ্বাচিত হয়। ২০২১ চনত তেওঁ বেঞ্জামিন লিষ্টৰ সৈতে যুটীয়াভাৱে "অসমমিত জৈৱঅনুঘটকৰ বিকাশৰ বাবে" ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।[10]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.