তলাতল ঘৰ
From Wikipedia, the free encyclopedia
তলাতল ঘৰ (ইংৰাজী: Talatal Ghar) অসমৰ শিৱসাগৰৰ ৰংপুৰত অৱস্থিত আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল। এই মহলটো আহোম স্থাপত্যকলাৰ এক উল্লেখযোগ্য নিদৰ্শন। এই ঐতিহ্যপূৰ্ণ ঘৰটো আহোমৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই (খ্ৰীষ্টাব্দ ১৭৫১-৬৯) তেওঁৰ ৰাজত্ব কালত সজাইছিল। এই ৰাজপ্ৰাসাদটিৰ কোঠালীবোৰ সমান্তৰালকৈ সজোৱা আৰু ইয়াৰ কাৰুকাৰ্য মোগল শিল্প শৈলীৰ লগত সাদৃশ্য থকা দেখা যায়। ইয়াৰ প্ৰত্যেকটো কক্ষ একোটা সৰু পথেৰে সংলগ্ন। ইয়াৰ প্ৰথম মহলৰ ওপৰ ভাগ উন্মুক্ত আৰু কোঠালীবোৰ অসমীয়া গৃহবিন্যাস আৰ্হিৰে সজোৱা। এই ৰাজপ্ৰাসাদৰ পশ্চিম দিশত এটি আঠকোণীয়া মন্দিৰ আছে। তলাতল ঘৰ আহোম ৰাজ্যৰ স্মৃতিচিহ্নসমূহৰ ভিতৰত আকাৰত আটাইতকৈ ডাঙৰ।[1]
তলাতল ঘৰ | |
---|---|
তলাতল ঘৰৰ দৃশ্য, শিৱসাগৰ | |
সাধাৰণ তথ্য | |
স্থাপত্য শৈলী | আহোম ৰাজ্যকালীন স্থাপত্য |
অৱস্থিতি | শিৱসাগৰ, অসম, ভাৰত |
স্থানাংক | 26.923611°N 75.826667°E / 26.923611; 75.826667 |
নিৰ্মাণ আৰম্ভ | ১৭৫১ |
সম্পূৰ্ণ | ১৭৬৯ |
প্ৰযুক্তিৰ বিৱৰণ | |
গঠন পদ্ধতি | ইটা আৰু বিশেষ প্ৰকাৰৰ স্থানীয় বিলাতী মাটি |
নক্সা আৰু নিৰ্মাণ | |
গ্ৰাহক | স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ |
স্থাপত্যবিদ | ঘনশ্যাম |
শেহতীয়া প্ৰত্নতাত্বিক খনন কাৰ্য্যৰ দ্বাৰা জুইয়ে পোৰা কাঠৰ স্তম্ভ, স্তম্ভৰ গাঁতৰ চিহ্ন, পোৰা ইটাৰ তিনিস্তম্ভৰ যুক্ত ভগ্নাৱশেষৰ লগতে উত্তৰ আৰু পশ্চিম দিশত একোটিকৈ পদপথ উদ্ধাৰ কৰা হৈছে। কাঠৰ স্তম্ভৰ অৱশেষ আৰু গাঁতৰ চিহ্নই এই পকী ৰাজপ্ৰাসাদৰ স্থানত পূৰ্বতে স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত কাঠেৰে নিৰ্মাণ কৰা ৰাজকীয় আবাস আছিল বুলি প্ৰমাণ কৰে।