![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/d4/The_Hindu_Goddess_Ugratara_%2528Violent_Tara%2529_LACMA_M.81.206.8.jpg/640px-The_Hindu_Goddess_Ugratara_%2528Violent_Tara%2529_LACMA_M.81.206.8.jpg&w=640&q=50)
তাৰা
From Wikipedia, the free encyclopedia
হিন্দু ধৰ্মত, দেৱী তাৰা (সংস্কৃত: : तारा, tārā ) হৈছে দশ মহাবিদ্যা বা "মহান জ্ঞানৰ দেৱী"ৰ ভিতৰত দ্বিতীয়, আৰু শক্তিৰ এক প্ৰকাৰ বা দেৱীৰ তান্ত্ৰিক প্ৰকাশ। তাৰা শব্দটো সংস্কৃতৰ "তাৰ্" মূলৰ পৰা আহিছে, ইয়াৰ অৰ্থ "পাৰ কৰোৱা"।[1] আন বহুতো সমসাময়িক ভাৰতীয় ভাষাত 'তাৰা' শব্দৰ আন এক অৰ্থ হৈছে তৰা।
তাৰা | |
---|---|
সুৰক্ষাৰ দেৱী | |
দশ মহাবিদ্যা-ৰ সদস্য | |
![]() উগ্ৰতাৰা ৰূপত তাৰা দেৱী | |
দেৱনাগৰী | तारा |
সংস্কৃত লিপ্যন্তৰ | Tārā |
সম্পৰ্ক | পাৰ্বতী, মহাবিদ্যা, দেৱী, শিৱশক্তি |
নিবাস | শ্মশান |
গ্ৰহ | বৃহস্পতি |
অস্ত্ৰ | খৰ্গ, বজ্ৰ কটাৰী |
সঙ্গী | অক্ষোভ্য (শিৱ) |
তাৰাৰ উৎপত্তি সম্পৰ্কীয় বিভিন্ন ধৰ্মীয় মত আছে। এটা সংস্কৰণে তাৰাৰ ৰাক্ষস-হত্যাৰ ৰূপৰ বিষয়ে বৰ্ণনা কৰিছে: হয়গ্ৰীৱ নামৰ এজন ৰাক্ষসে সকলো ঠাইতে ধ্বংসযজ্ঞ চলাইছিল, তেওঁ ব্ৰহ্মাৰ চাৰি বেদ চুৰ কৰাৰ লগতে দেৱতাসকলক অমৰাৱতীৰ (স্বৰ্গ) পৰা নিৰ্বাসিত কৰিছিল আৰু তেওঁলোকৰ সম্পত্তি সমূহ লুটি লৈছিল। উপায়ন্তৰ দেৱতাসকলে পৰিত্ৰাণৰ বাবে ব্ৰহ্মাৰ কাষ চাপিছিল, ব্ৰহ্মাই দেৱগণক কালীৰ ওচৰলৈ যোৱাৰ উপদেশ দিয়াত কালীয়ে তেওঁৰ তৃতীয় চকুৰ পৰা তাৰা নামৰ আন এগৰাকী দেৱী সৃষ্টি কৰিছিল আৰু হয়গ্ৰীৱক পৰাস্ত কৰিবলৈ পঠিয়াইছিল। যুদ্ধত, তাৰাই হয়গ্ৰীৱক বধ কৰে।