নটৰাজ
From Wikipedia, the free encyclopedia
নটৰাজ (ইংৰাজী: Nataraja, তামিল: நடராஜா) বেশত শিৱৰ মূৰ্তি অত্যন্ত জনপ্ৰিয়।[1][2] শিৱ সহস্ৰনামত শিৱৰ নৰ্তক আৰু নিত্যনৰ্ত নামদুটা পোৱা যায়।[3] পৌৰাণিক যুগৰ পৰাই নৃত্য আৰু সঙ্গীতৰ লগত শিৱৰ যোগ বিদ্যমান।[4] সমগ্ৰ ভাৰততে, বিশেষত: তামিলনাডুত, নটৰাজৰ নিকটৱৰ্তী নৃত্যমূৰ্তি নামৰ শিৱৰ নানান নৃত্যৰত মূৰ্তি সমগ্ৰ ভাৰতবৰ্ষতে পোৱা যায়।[5] শিৱৰ লগত সম্পৰ্কযুক্ত দুটি নৃত্যৰ নাম হ’ল তাণ্ডৱ আৰু লাস্য। তাণ্ডৱ ধ্বংসাত্মক আৰু পুৰুষালি নৃত্য; শিৱই কাল-মহাকাল বেশত বিশ্বধ্বংসৰ উদ্দেশ্যে এই নাচ নাচে[6][7] আৰু মধুৰ আৰু সুচাৰু নৃত্যকলা; এই আবেগময় নৃত্যক পাৰ্বতীৰ নাচ ৰূপে কল্পনা কৰা হয়।[8][9] লাস্যক তাণ্ডৱৰ নাৰীসুলভ বিকল্প বুলি ধৰা হয়।[9] তাণ্ডৱ আৰু লাস্য নৃত্য যথাক্ৰমে ধ্বংস আৰু সৃষ্টিৰ লগত সম্পৰ্কযুক্ত।[10][11]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |