নেমু
From Wikipedia, the free encyclopedia
নেমু (Citrus × limon) এবিধ টেঙা জাতীয় ফল। চিৰসেউজ গুল্মজাতীয় উদ্ভিদ নেমু মূলত দক্ষিণ এছিয়াৰ ঘাইকৈ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ স্থানীয় উদ্ভিদ। নেমু হৈছে ফুলৰ উদ্ভিদ পৰিয়াল Rutaceae ৰ এবিধ সৰু চিৰসেউজ গছৰ প্ৰজাতি, ই এছিয়া, প্ৰধানকৈ উত্তৰ-পূব ভাৰত (অসম), উত্তৰ ম্যানমাৰ বা চীনৰ স্থানীয়। গোটেই বিশ্বত নেমুৰ ফল ৰান্ধি বা কেঁচাই দুই ধৰণে ব্যৱহাৰ কৰা হয়। ইয়াৰ টেঙা ৰসৰ বাবে ই বিশেষভাৱে জনাজাত।[1] নেমুৰ বিশেষ গোন্ধ আৰু স্বচ্ছকাৰক গুণৰ বাবে বিভিন্ন প্ৰকাৰে ব্যৱহৃত হয়। নেমুৰ ৰসত ৫% ৰ পৰা ৬% লৈ ২.২ পিএইচৰ চাইট্ৰিক এচিড পোৱা যায়। এওঁ অম্লৰ কাৰণে নেমুৰ ৰসৰ সোৱাদ টেঙা। নেমুৰ ভিতৰত অসমত উৎপাদিত কাজী নেমুৰ ভূমিকা উল্লেখযোগ্য। কাজী নেমু আন নেমুতকৈ তুলনামূলকভাৱে যথেষ্ট ডাঙৰ আৰু ইয়াৰ গোন্ধও আন নেমুতকৈ পৃথক।
ক্ষিপ্ৰ তথ্য নেমু, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
নেমু | |
---|---|
নেমু ফল আৰু ফুল | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Sapindales |
পৰিয়াল: | Rutaceae |
গণ: | Citrus |
প্ৰজাতি: | C. × limon |
বৈজ্ঞানিক নাম | |
Citrus × limon (L.) Burm.f. | |
নেমুৰ উৎপাদন, ২০১২ |
বন্ধ কৰক