নৰেন্দ্ৰ দাভোলকাৰ
From Wikipedia, the free encyclopedia
নৰেন্দ্ৰ অচ্যুত দাভোলকৰ ( ইংৰাজী : Narendra Achyut Dabholkar ; ১ নৱেম্বৰ ১৯৪৫ – ২০ আগষ্ট ২০১৩)[1] ভাৰতৰ মহাৰাষ্ট্ৰৰ এগৰাকী চিকিৎসক, সমাজ কৰ্মী, যুক্তিবাদী আৰু লেখক আছিল।[2] ১৯৮৯ চনত তেওঁ মহাৰাষ্ট্ৰ অন্ধশ্ৰদ্ধা নিৰ্মূলন সমিতি (MANS) প্ৰতিষ্ঠা কৰি সভাপতি হৈছিল। ২০১৩ চনৰ ২০ আগষ্টত তেওঁৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া স্বৰূপে চাৰিদিন পিছত মহাৰাষ্ট্ৰত "অন্ধবিশ্বাস আৰু ক'লা যাদু বিৰোধী অধ্যাদেশ" বলৱৎ কৰা হয়।[3] ২০১৪ চনত তেওঁ সমাজসেৱাৰ বাবে মৰণোত্তৰভাৱে পদ্মশ্ৰী বঁটা লাভ কৰিছিল।[4]
ক্ষিপ্ৰ তথ্য নৰেন্দ্ৰ দাভোলকাৰ, জন্ম ...
নৰেন্দ্ৰ দাভোলকাৰ | |
---|---|
![]() | |
জন্ম | ১ নৱেম্বৰ, ১৯৪৫ |
মৃত্যু | ২০ আগষ্ট, ২০১৩ (৬৭ বছৰ) পুনে, মহাৰাষ্ট্ৰ, ভাৰত |
মৃত্যুৰ কাৰণ | গুলীৰ আঘাত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | সমাজকৰ্মী, মহাৰাষ্ট্ৰ অন্ধশ্ৰদ্ধা নিৰ্মূল সমিতিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ |
দাম্পত্যসঙ্গী | শৈলা দাভোলকাৰ |
সন্তান | মুক্তা দাভোলকাৰ নি পতৱৰ্ধন, হামিদ দাভোলকাৰ |
ৱেবছাইট | |
antisuperstition |
বন্ধ কৰক