গঙ্গা নদী
ভাৰত আৰু বাংলাদেশত প্ৰবাহিত এখন নদী / From Wikipedia, the free encyclopedia
গঙ্গা (সংস্কৃত: गङ्गा হিন্দী: गंगा উৰ্দু: گنگا Ganga IPA: [ˈɡəŋɡaː] ( শুনক)) ভাৰত আৰু বাংলাদেশত প্ৰবাহিত এখন আন্তঃসীমান্ত নদী। এই নদী ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় নদীও। গঙ্গাৰ দৈৰ্ঘ্য 2,525 km (1,569 মাইল); উৎসস্থল পশ্চিম হিমালয়ত ভাৰতৰ উত্তৰাখণ্ড ৰাজ্য। দক্ষিণ আৰু পূৰ্বে গাঙ্গেয় সমভূমি অঞ্চলৰ উপৰেদি প্ৰবাহিত হৈ গঙ্গা মিলিছে বঙ্গোপসাগৰত। জলপ্ৰবাহৰ ক্ষমতা অনুযায়ী গঙ্গা বিশ্বৰ প্ৰথম ২০খন নদীৰ এখন।[4] গাঙ্গেয় অববাহিকাৰ জনসংখ্যা ৪০ কোটি আৰু জনঘনত্ব ১,০০০ জনবসতি প্ৰতি বৰ্গমাইল (390 /কি.মি.২)। এইটোৱেই বিশ্বৰ আটাইতকৈ জনবহুল নদী অববাহিকা।[5]
গঙ্গা | |
নদী | |
বাৰাণসীত গঙ্গা | |
দেশসমূহ | ভাৰত, বাংলাদেশ |
---|---|
প্ৰদেশসমূহ | উত্তৰাখণ্ড, উত্তৰপ্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবঙ্গ |
উপনৈ | |
- বাঁওদিশত | ৰামগঙ্গা, গোমতী, ঘৰ্ঘৰা, গণ্ডকী, বুৰি গণ্ডক, কোশী, মহানন্দা |
- সোঁদিশত | যমুনা, তমসা, শোন, দামোদৰ |
চহৰসমূহ | হৰিদ্বাৰ, কানপুৰ, এলাহাবাদ, বাৰাণসী, গাজীপুৰ, পাটনা, মুঙ্গেৰ, ভাগলপুৰ, কলকাতা |
উৎস | গঙ্গোত্ৰী হিমবাহ, শতোপন্থ হিমবাহ, খাটলিং হিমবাহ, আৰু নন্দাদেবী, ত্ৰিশূল, কেদাৰনাথ, নন্দাকোট আৰু কামেট শৃঙ্গৰ বৰফগলা পানী। |
- অৱস্থান | উত্তৰাখণ্ড, ভাৰত |
- উচ্চতা | ৩,৮৯২ মি (১২,৭৬৯ ফুট) |
- স্থানাঙ্ক | 30°59′N 78°55′E |
মোহনা | গাঙ্গেয় বদ্বীপ |
- অৱস্থান | বঙ্গোপসাগৰ, বাংলাদেশ & ভাৰত |
- উচ্চতা | ০ মি (০ ফুট) |
- স্থানাঙ্ক | 22°05′N 90°50′E |
দৈৰ্ঘ্য | ২,৫২৫ কিমি (১,৫৬৯ মাইল) [1] |
অৱবাহিকা | ১০,৮০,০০০ বৰ্গকিমি (৪,১৬,৯৯০ বৰ্গমাইল) [2] |
প্ৰবাহ | for ফাৰাক্কা বান্ধ |
- গড় | ১২,৫০০ ঘনমিটাৰ/ছেকেণ্ড (৪,৪১,৪৩৩ ঘনফুট/ছেকেণ্ড) [3] |
- সৰ্বোচ্চ | ৭০,০০০ ঘনমিটাৰ/ছেকেণ্ড (২৪,৭২,০২৭ ঘনফুট/ছেকেণ্ড) |
- সৰ্বনিম্ন | ২,০০০ ঘনমিটাৰ/ছেকেণ্ড (৭০,৬২৯ ঘনফুট/ছেকেণ্ড) |
Discharge elsewhere (average) | |
- বঙ্গোপসাগৰ | ৪২,৪৭০ ঘনমিটাৰ/ছেকেণ্ড (১৪,৯৯,৮১৪ ঘনফুট/ছেকেণ্ড) [3] |
গঙ্গা হিন্দুসকলৰ বাবে পবিত্ৰ নদী। তেওঁলোকে এই নদীক দেৱীজ্ঞানেৰে পূজা কৰে।[6] গঙ্গাৰ ঐতিহাসিক গুৰুত্বও অপৰিসীম; একাধিক পূৰ্বতন প্ৰাদেশিক আৰু সাম্ৰাজ্যিক ৰাজধানী (যেনে পাটলিপুত্ৰ,[7] কনৌজ,[7] কাশী, এলাহাবাদ, মুৰ্শিদাবাদ, মুঙ্গেৰ আৰু কলকাতা) এই নদীৰ পাৰতেই অৱস্থিত।
গঙ্গা বিশ্বৰ পাঁচখন আটাইতকৈ দূষিত নদীৰ এখন।[8] বাৰাণসীৰ কাষত এই নদীত ফেসাল কলিফৰ্মৰ পৰিমাণ ভাৰত চৰকাৰৰ নিৰ্ধাৰিত সীমাতকৈ এশ গুণ বেছি[9]। গঙ্গাদূষণ কেবলমাত্ৰ গঙ্গাতীৰত বসবাসকাৰী কেইবা কোটি ভাৰতীয়ৰেই ক্ষতি কৰা নাই, কৰিছে ১৪০বিধ মাছৰ প্ৰজাতি, ৯০বিধ উভচৰ প্ৰাণীৰ প্ৰজাতি আৰু ভাৰতৰ জাতীয় জলচৰ প্ৰাণী গাঙ্গেয় শিশুৰো।[8] গঙ্গাদূষণ ৰোধ কৰিবলৈ গঙ্গা অ্যাকশন প্ল্যান নামৰ এটা পৰিকল্পনা গৃহীত হৈছিল। কিন্তু দুৰ্নীতি, প্ৰযুক্তিগত অদক্ষতা,[10] সুষ্ঠ পৰিবেশ পৰিকল্পনাৰ অভাব,[11] Dams and canals were common in gangetic plain by fourth century BCE.[12] ভাৰতীয় ধৰ্মীয় ঐতিহ্য আৰু বিশ্বাস আৰু ধৰ্মীয় সংগঠনসমূহৰ অসহযোগিতাৰ কাৰণে[13] এই প্ৰকল্প ব্যৰ্থতালৈ পৰ্যবসিত হয়।[14]