প্লুটো
From Wikipedia, the free encyclopedia
প্লুটো (সৰু গ্ৰহ পদবী: ১৩৪৩৪০ প্লুটো; প্ৰতীক: [3] এবং [4]) হৈছে কুইপাৰ বেল্টৰ এটা বাওনা গ্ৰহ। কুইপাৰ বেল্টৰ হৈছে নেপচুনৰ কক্ষপথৰ বাহিৰৰ বহু গ্ৰহাণুপুঞ্জৰ এক সমষ্টি বা আঙঠি। এইটো আৱিষ্কাৰ হোৱা প্ৰথম আৰু আটাইতকৈ ডাঙৰ কুইপাৰ বেল্ট বস্তু আছিল। প্লুটোক ১৯৩০ খৃষ্টাব্দৰ ২৩ জানুৱাৰীত বিজ্ঞানী ক্লাইড ডব্লিউ টমবাউয়ে এই গ্ৰহাণুক আৱিষ্কাৰ কৰিছিল। ১৯৩০ চনত প্লুটো আৱিষ্কাৰ হোৱাৰ পিছত, ইয়াক সূৰ্যৰ পৰা নৱম গ্ৰহ বুলি ঘোষণা কৰা হয়। ১৯৯০-ৰ দশকৰ আৰম্ভণিতে, কুইপাৰ বেল্ট আৰু বাওনা গ্ৰহ এৰিছকে ধৰি একে আকাৰৰ কেইবাটাও বস্তু আৱিষ্কাৰ হোৱাৰ পিছত গ্ৰহ হিচাপে ইয়াৰ স্থিতি ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হৈছিল। ইয়াৰ ফলত ২০০৬ চনত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংঘই (আই.এ.ইউ.) আনুষ্ঠানিকভাৱে "গ্ৰহ" শব্দটোৰ সংজ্ঞা নিৰ্ধাৰণ কৰে - প্লুটোক বাদ দিয়ে আৰু ইয়াক বাওনা গ্ৰহ হিচাপে শ্ৰেণীবদ্ধ কৰে।
এই সৌৰজগত সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
প্লুটো | |
আৱিষ্কাৰ | |
---|---|
আৱিষ্কাৰক | ক্লাইড ডব্লিউ টমবাউ |
আৱিষ্কাৰৰ তাৰিখ | ১৮, ফেব্ৰুৱাৰী, ১৯৩০ |
বিৱৰণ | |
এমপিচি পদমৰ্যাদা | ১৩৪৩৪০ প্লুটো |
ক্ষুদ্ৰ গ্ৰহসমূহৰ শ্ৰেণী | বাওনা গ্ৰহ |
বিশেষণ | প্লুটোনীয় |
কক্ষপথৰ বৈশিষ্ট্য | |
যুগ জে২০০০ | |
অপসূৰ | ৭,৩৭৫,৯২৭,৯৩১ কিমি (৪৯.৩০৫ ০৩২ ৮৭ এইউ) ৪,৫৮৩,২০০,১২৩ মাইল |
অনুসূৰ | ৪,৪৩৬,৮২৪,৬১৩ কিমি (২৯.৬৫৮ ৩৪০ ৬৭ এইউ) ২,৭৫৬,৯২১,৬১১ মাইল |
অৰ্ধ-মুখ্য অক্ষ | ৫,৯০৬,৩৭৬,২৭২ কিমি (৩৯.৪৮১ ৬৮৬ ৭৭ এইউ) ৩,৬৭০,০৬০,৮৬৫ মাইল |
উৎকেন্দ্ৰতা | ০.২৪৮ ৮০৭ ৬৬ |
পৰ্যায়কাল | ৩৬৬.৭৩ দিন |
গড় কক্ষীয় দ্ৰুতি | ৪.৬৬৬ কিমি/ছে |
নতি | ১৭.১৪১ ৭৫° (সূৰ্যৰ বিষুবৰ সৈতে ১১.৮৮°) |
উদ্বিন্দুৰ দ্ৰাঘিমা | ১১০.৩০৩ ৪৭° |
অনুসূৰৰ উৎপত্তি | ১১৩.৭৬৩ ২৯° |
উপগ্ৰহসমূহ | ৩ |
ভৌতিক বৈশিষ্ট্যসমূহ | |
গড় ব্যাসাৰ্ধ | ১১৯৫ কিমি (পৃথিৱীৰ ১৯% বা ৭৪২.৫ মাইল) |
পৃষ্ঠৰ ক্ষেত্ৰফল | ১.৭৯৫×10৭ বৰ্গকিমি (পৃথিৱীৰ ০.০৩৩ গুণ) |
আয়তন | ৭.১৫×10৯ ঘনকিমি (পৃথিৱীৰ ০.০০৬৬ গুণ) |
ভৰ | (১.৩০৫±০.০০৭)×10২২ কেজি (পৃথিৱীৰ ০.০০২১ গুণ) |
গড় ঘনত্ব | ২.০৩±০.০৬ গ্ৰাম/ছেমি³ |
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ | ০.৫৮ মি/ছে² (জি-এৰ ০.০৫৯ গুণ) |
পলায়ন বেগ | ১.২ কিমি/ছে ০.৭৪ মাইল/ছে |
নাক্ষত্ৰিক ঘূৰ্ণনকাল | −৬.৩৮৭২৩০ দিন (৬ দি ৯ ঘ ১৭ মি ৩৬ ছে) |
বিষুৱীয় অঞ্চলত ঘূৰ্ণন বেগ | ৪৭.১৮ কিমি/ঘ (বিষুব বিন্দুত) |
অক্ষীয় ঢাল | ১১৯.৫৯১ ± ০.০১৪° (কক্ষপথৰ সৈতে)[1][2] |
উত্তৰ মেৰুৰ বিষুৱাংশ | ১৩৩.০৪৬ ± ০.০১৪°[1] |
উত্তৰ মেৰুৰ বিষুৱলম্ব | -৬.১৪৫ ± ০.০১৪°[1] |
প্ৰতিফলন অনুপাত | ০.৪৯–০.৬৬ (৩৫% পৰিবৰ্তন হ’ব পাৰে) |
বায়ুমণ্ডল | |
পৃষ্ঠৰ চাপ | ০.৩০ পাস্কেল (গ্ৰীষ্মকালত সৰ্বোচ্চ) |
আয়তন অনুসৰি সংযুতি | নাইট্ৰজেন, মিথেন |
প্লুটো হৈছে সূৰ্যক পোনপটীয়াকৈ প্ৰদক্ষিণ কৰা নৱম সৰ্ববৃহৎ আৰু দশম সৰ্বাবৃহত জ্ঞাত বস্তু। ই আয়তন অনুসৰি আটাইতকৈ ডাঙৰ জ্ঞাত ট্ৰেন্স-নেপ্সুনিয়ান অবজেক্ট (দুৰত্ব হিচাপে সূৰ্যৰ পৰা নেপচুন গ্ৰহৰ পিচত থকা বস্তু) কিন্তু এৰিছতকৈ সৰু। অন্যান্য কুইপাৰ বেল্ট বস্তুৰ দৰে, প্লুটো মুখ্যতঃ বৰফ আৰু শিলেৰে নিৰ্মিত আৰু তুলনামূলকভাৱে সৰু – চন্দ্ৰৰ ভৰৰ এক-ষষ্ঠাংশ আৰু ইয়াৰ আয়তনৰ এক-তৃতীয়াংশ। ইয়াৰ এক মধ্যমীয়া বৃত্তকাৰ আৰু হেলনীয়া কক্ষপথ আছে য'ত ই সূৰ্যৰ পৰা ৩০ ৰ পৰা ৪৯ জ্যোতিৰ্বৈজ্ঞানিক একক বা এ.ইউ. (৪.৪-৭.৪ বিলিয়ন কিমি)ৰ ভিতৰত থাকে। ইয়াৰ অৰ্থ হৈছে যে প্লুটো সময়ে সময়ে নেপচুনতকৈ সূৰ্যৰ ওচৰলৈ আহে, কিন্তু নেপচুনৰ সৈতে এক স্থিৰ কক্ষীয় অনুৰণ কৰা বাবে ইহঁত দুটাৰ মাজত সংঘৰ্ষ নহয়। সূৰ্যৰ পোহৰে ইয়াৰ গড় দূৰত্বত (৩৯.৫ এ.ইউ.) প্লুটো পাবলৈ ৫.৫ ঘণ্টা সময় লয়।
প্লুটোত পাঁচটা জ্ঞাত উপগ্ৰহ আছে : চেৰন (আটাইতকৈ ডাঙৰ, যাৰ ব্যাস প্লুটোৰ আধাতকৈ বেছি), ষ্টাইক্স, নিক্স, কেৰ্বেৰোচ আৰু হাইড্ৰা। প্লুটো আৰু চেৰনক কেতিয়াবা বাইনাৰী প্ৰণালী বুলি গণ্য কৰা হয় কিয়নো তেওঁলোকৰ কক্ষপথৰ বেৰিচেণ্টাৰ (barycentre) কোনো এটাৰে কক্ষপথৰ ভিতৰত নপৰে। নিউ হৰাইজনছ মহাকাশযানে ১৪ জুলাই, ২০১৫ তাৰিখে প্লুটোৰ কাষেৰে পাৰ হৈ (ফ্লাইবাই) গৈছিল, যি এনে কৰা প্ৰথম আৰু আজিলৈকে একমাত্ৰ মহাকাশযান হিচাপে পৰিগণিত হৈছে। ইয়াৰ সংক্ষিপ্ত ফ্লাইবাইৰ সময়ত, নিউ হৰাইজনছে প্লুটো আৰু ইয়াৰ উপগ্ৰহৰ বিতং জোখ আৰু পৰ্যৱেক্ষণ কৰিছিল। ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত জ্যোতিৰ্বিজ্ঞানীসকলে ঘোষণা কৰিছিল যে চেৰনৰ উত্তৰ মেৰুৰ ৰঙা-মুগা টুপীটো থোলিন (tholin), জৈৱিক মেক্ৰোমলিকিউলৰ দ্বাৰা গঠিত যি জীৱনৰ উদ্ভৱৰ উপাদান হ'ব পাৰে, আৰু ই প্লুটোৰ বায়ুমণ্ডলৰ পৰা নিৰ্গত মিথেন, নাইট্ৰজেন আৰু অন্যান্য গেছৰ পৰা উৎপন্ন হৈ ১৯,০০০ কিমি (১২,০০০ মাইল) দূৰৰ কক্ষপথত থকা উপগ্ৰহটোলৈ স্থানান্তৰিত হয়।
প্লুটো গ্ৰহটোক সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ সময় লাগে [পৃথিৱীৰ তুলনাত] ২৪৮ বছৰ। সূৰ্য ৰ পৰা প্লুটোৰ গড় দূৰত্ব প্ৰায় ৬০০ কোটি কিলোমিটাৰ। কক্ষপথত প্লুটোৰ গতি মাত্ৰ ৪.৭ কিলোমিটাৰ। ইয়াৰ ব্যাস প্ৰায় ৩০০০ কিলোমিটাৰ। প্লুটোত প্ৰচুৰ পৰিমাণে মিথেন গেছ আছে। কিছুসংখ্যক বিজ্ঞানীয়ে মতপোষণ কৰে যে প্লুটো গ্ৰহটো এসময়ত নেপচুনৰ এটা উপগ্ৰহ আছিল।