মেঘালয়
ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য / From Wikipedia, the free encyclopedia
মেঘালয় (ইংৰাজী: Meghalaya, হিন্দী: मेघालय) হৈছে উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। সংস্কৃত ভাষাত "মেঘালয়" শব্দৰ অৰ্থ হৈছে মেঘৰ আলয় (Abode of Clouds)। পূবা-পশ্চিমাকৈ ই প্ৰায় ৩০০ কিঃমিঃ আৰু বহলে প্ৰায় ১০০ কিঃমিঃ। ইয়াৰ উত্তৰে অসম আৰু দক্ষিণে বাংলাদেশ অৱস্থিত। মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং। শ্বিলঙক পূবৰ স্কটলেণ্ড বুলিও জনা যায়।
ক্ষিপ্ৰ তথ্য মেঘালয়, দেশ ...
মেঘালয় | |||
---|---|---|---|
— ৰাজ্য — | |||
ওপৰৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত: নোহকালিকাই জলপ্ৰপাত, টাউনি ব্ৰেষ্টেড ৰেন, উমংগট নদী, ক্ৰাং ছুৰি জলপ্ৰপাত | |||
|
|||
ভাৰতত মেঘালয়ৰ অৱস্থান | |||
মেঘালয়ৰ মানচিত্ৰ | |||
ভৌগোলিক স্থানাংক (শ্বিলং): 25.57°N 91.88°E / 25.57; 91.88 | |||
দেশ | ভাৰত | ||
প্ৰতিষ্ঠা | ২১ জানুৱাৰী ১৯৭২ | ||
ৰাজধানী | শ্বিলং | ||
জিলা | ১১ | ||
চৰকাৰ | |||
- ৰাজ্যপাল | তাটহাঘাট ৰয় | ||
- মুখ্যমন্ত্ৰী | কৰনড চাংমা | ||
- বিধান সভা আসন | এককক্ষীয় (৬০খন আসন) | ||
- লোক সভা | ২ | ||
- উচ্চ ন্যয়ালয় | মেঘালয় উচ্চ ন্যয়ালয় | ||
মাটিকালি | |||
- মুঠ | ২২,৭২০ কি.মি.২ (৮,৭৭২.২ বৰ্গ মাইল) |
||
অঞ্চলৰ স্থানাংক | ২২ তম | ||
জনসংখ্যা (২০১১) | |||
- মুঠ | ২৯,৬৪,০০৭ জন | ||
- স্থান | ২৩তমতম | ||
- জনঘনত্ব | ১৩০.৫ প্ৰতি বৰ্গ কি.মি. (৩৩৭.৯ প্ৰতি বৰ্গ মাইল) |
||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+05:30) | ||
আই এচ অ’ ৩১৬৬ কোড | IN-ML | ||
মানব বিকাশ সূচাংক (HDI) | 0.585 (medium) | ||
মানব বিকাশ সূচাংকস্থান | ১৯তম(২০০৫) | ||
সাক্ষৰতা হাৰ | ৭২.৮৪% (১৫তম) | ||
চৰকাৰী ভাষা | খাচী, Pnar, গাৰো, ইংৰাজী | ||
ৱেবছাইট | meghalaya.nic.in |
বন্ধ কৰক
পূৰ্বতে মেঘালয় অসমৰ এক অংশ আছিল। কিন্তু, ১৯৭২ চনৰ ২১ জানুৱাৰী তাৰিখে খাচী, গাৰো আৰু জয়ন্তীয়া জিলা লৈ মেঘালয় নামৰ এখন নতুন ৰাজ্য গঠন কৰা হয়।
মেঘালয়ৰ অৰ্থনৈতিক অৱস্থা মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল। ইয়াত উৎপাদিত কেইবিধমান উল্লখযোগ্য শস্য হৈছে: আলু, ধান, ঘেহুঁ, আনাৰস, কল ইত্যাদি।