যাদুৰাম ডেকা বৰুৱা
From Wikipedia, the free encyclopedia
যাদুৰাম ডেকা বৰুৱা (ইংৰাজী: Jaduram Deka Baruah) অসমৰ প্ৰথম অভিধান প্ৰণেতা।[1] লখিমপুৰত জন্ম। তেওঁ ১৮৩৯ চনত বঙলা-অসমীয়া অভিধান এখন প্ৰণয়ন কৰিছিল।[2] অৱশ্যে অভিধানখন প্ৰকাশ নহ’ল। তেওঁ হাতে লিখা অভিধানখন তেতিয়াৰ গৱৰ্ণৰ জেনকিন্সক দিছিল। জেনকিন্সে সেইখন বেপ্তিষ্ট মিছনেৰী সকলক দিয়ে। অনুমান কৰা হৈছে যে, এই অভিধানখনৰ আধাৰতে মাইলচ্ ব্ৰনছনে ১৮৬৭ চনত তেওঁৰ ‘অসমিয়া-ইংৰাজী অভিধান’খন লিখে।[1]