![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/1/18/BRP_Lumbini_Mayadevi_temple.jpg/640px-BRP_Lumbini_Mayadevi_temple.jpg&w=640&q=50)
লুম্বিনী
নেপালৰ লুম্বিনী প্ৰদেশৰ ৰূপংদেহি জিলাৰ এখন নগৰ আৰু বৌদ্ধ তীৰ্থস্থান / From Wikipedia, the free encyclopedia
লুম্বিনী (নেপালী: लुम्बिनी, আক্ষৰিক ভাৱে ‘মৰম লগা’) নেপালৰ লুম্বিনী প্ৰদেশৰ ৰূপংদেহি জিলাৰ এখন নগৰ আৰু বৌদ্ধ তীৰ্থস্থান। বৌদ্ধ পৰম্পৰা অনুসৰি এই স্থানতে খ্ৰীষ্টপূৰ্ব ৫৬৬ৰ আশে-পাশে ৰাণী মায়াদেৱীৰ গৰ্ভত সিদ্ধাৰ্থ গৌতমৰ জন্ম হৈছিল।[1][2] বৌদ্ধ পৰম্পৰা অনুসৰি খ্ৰীষ্টপূৰ্ব ৫২৮ত পৰমজ্ঞান লাভ কৰা সিদ্ধাৰ্থ গৌতমে[3][4] শাক্যমুনি বুদ্ধ হৈ বৌদ্ধ ধৰ্ম প্ৰতিষ্ঠা কৰিছিল।[5][6][7] ভগৱান বুদ্ধৰ জীৱন পৰিক্ৰমাৰ লগত জড়িত গুৰুত্বপূৰ্ণ ঠাই হিচাপে লুম্বিনী এক উল্লেখযোগ্য তীৰ্থস্থান।
লুম্বিনী लुम्बिनी |
|
---|---|
— চহৰ — | |
![]() |
|
দেশ | নেপাল |
প্ৰদেশ | লুম্বিনী |
জিলা | ৰূপংদেহি |
পৌৰসভা | লুম্বিনী সংস্কৃতিক |
চৰকাৰ | |
- প্ৰকাৰ | উন্নয়ন ন্যাস |
- পৰিষদ | লুম্বিনী উন্নয়ন ন্যাস |
উচ্চতা | ১৫০ মিটাৰ (৪৯২.১৩ ফুট) |
সময় অঞ্চল | নেপাল মান সময় (গ্ৰী.মা.স.+০৫:৪৫) |
পিনকোড | ৩২৯১৪ |
ৱেবছাইট | www |
লুম্বিনী, ভগৱান বুদ্ধৰ জন্মস্থান | |
---|---|
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম | |
![]() | |
স্থান | ৰূপংদেহি জিলা, নেপাল |
মাপকাঠি | সাংস্কৃতিক: iii, vi |
উদ্ধৃতি | 666 |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | 1997 (অজ্ঞাত অধিবেশন) |
লুম্বিনীত মায়াদেৱী মন্দিৰকে ধৰি কেইবাটাও পুৰণি মন্দিৰ আছে। ইয়াৰ লগতে ইয়াত বিভিন্ন দেশৰ বৌদ্ধ সংগঠনৰ ধনেৰে নিৰ্মিত কেইবাটাও নতুন মন্দিৰ আছে। ইতিমধ্যে প্ৰায়বোৰ মন্দিৰৰ কাম সম্পূৰ্ণ হৈছে আৰু কিছুমানৰ নিৰ্মাণৰ কাম বৰ্তমানেও চলি আছে। বহুতো কীৰ্তিচিহ্ন, মঠ, এটা সংগ্ৰহালয় আৰু লুম্বিনী আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠানো এই পৱিত্ৰ স্থানৰ উল্লেখযোগ্য পৰ্যটনস্থলী। এই স্থানতে পুস্কৰিণী বা এটা পৱিত্ৰ পুখুৰী আছে য’ত বুদ্ধৰ মাতৃ মায়াদেৱীয়ে সিদ্ধাৰ্থৰ জন্মৰ আগত ধৰ্মীয় আচাৰ অনুসৰি ডুব লোৱা বুলি বিশ্বাস কৰা হয়। লগতে বুদ্ধই প্ৰথমবাৰৰ বাবে ইয়াতেই স্নান কৰিছিল বুলিও বিশ্বাস কৰা হয়। লুম্বিনীৰ ওচৰৰ আন আন স্থানত পৰম্পৰা অনুসৰি পূৰ্বৰ বুদ্ধসকলৰ জন্ম হৈছিল, পৰমজ্ঞান লাভ কৰিছিল আৰু শেষত নিজৰ পাৰ্থিৱ ৰূপ ত্যাগ কৰিছিল। বাংলাদেশ চৰকাৰে বৰ্তমান ইয়াত এটা ডাঙৰ বৌদ্ধ মঠ নিৰ্মাণ কৰি আছে।[8] ১৯৯৭ চনত ইউনেস্ক’ই লুম্বিনীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত কৰিছিল।[1][2][note 1]