ষ্টিলৱেল পথ
From Wikipedia, the free encyclopedia
ষ্টিলৱেল ৰোড নামৰ বুৰঞ্জীপ্ৰসিদ্ধ পথটো আগতে জনা গৈছিল লিডু ৰোড নামেৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকা আৰু তেওঁলোকৰ মিত্ৰ শক্তিবিলাকে চীনা সকলক সাহায্য সামগ্ৰী যোগান ধৰিবলৈ বাৰ্মা ৰোডৰ এক বিকল্প ৰাস্তা স্বৰূপে এই পথটিৰ নিৰ্মাণ কৰা হৈছিল, কিয়নো বাৰ্মা ৰোড জাপানী সৈন্যই ১৯৪২ চনত দখল কৰি লৈছিল। ছিয়াং কাই শ্বেকৰ পৰামৰ্শমতে ১৯৪৫ চনৰ আগভাগত আমেৰিকান সৈন্যবাহিনীৰ জেনেৰেল "ভিনেগাৰ জো ষ্টিলৱেলৰ" প্ৰতি সন্মান জনাই এই পথটিৰ নামকৰণ কৰা হয় "ষ্টিলৱেল ৰোড" নামেৰে। ভাৰতৰ অসম ৰাজ্যৰ লিডু নামৰ ঠাইত আৰম্ভ হোৱা এই পথ ম্যানমাৰৰ কাচিন প্ৰদেশৰ শ্বিংব্ৱিয়াং, ম্যিট্ক্যিনা আৰু ভামো হৈ চীনদেশৰ য়ুনান প্ৰদেশৰ কুনমিঙত শেষ হৈছে।[1]
ঊনৈছ শতিকাত ব্ৰিটিছ ৰে’লৱেৰ নিৰ্মাণকাৰী সকলে ভাৰত-বাৰ্মা সীমান্তৰ পাটকাই পৰ্বতত ৩,৭২৭ ফুট (১,১৩৬ মিটাৰ) উচ্চতাত থকা পাংচাউ-পাচ নামে ঠাইত এক জৰীপ চলাইছিল। তেওঁলোকে ঠাৱৰ কৰিছিল যে এই অঞ্চলত বাৰ্মাৰ হুকাৱঙ উপত্যকালৈকে এক ৰে’লপথ নিৰ্মাণ কৰিব পৰা যাব। এই পৰিকল্পনাটো পিছলৈ বাদ দিয়া হৈছিল যদিও ব্ৰিটিছসকলে অসমৰ পৰা বাৰ্মালৈ এক পথ নিৰ্মাণৰ বাবে পাটকাই অঞ্চলত জৰীপ কাৰ্য্য চলাই গৈছিল। ব্ৰিটিছ অভিযন্তা সকলে এই সম্ভাব্য পথটিৰ প্ৰথম আশী মাইলৰ জৰীপ সম্পূৰ্ণ কৰাৰ পিছত এই কাম বাদ দিবলগীয়া হৈছিল কিয়নো বাৰ্মাৰ প্ৰায়বিলাক ঠাই জাপানীসকলে অধিকাৰ কৰি লৈছিল। ইয়াৰ পিছত আমেৰিকান সকলৰ বাবে এই পথটি নিৰ্মাণ এক প্ৰয়োজন হৈ পৰিছিল। ইয়াৰ এক প্ৰধান কাৰণ হৈছে, ৰেংগুন জাপানৰ দখললৈ যোৱাৰ পিছৰ আৰু ষ্টিলৱেল ৰোড নিৰ্মাণৰ আগৰ সময়ছোৱাত চীনাসকলক সামগ্ৰী যোগান ধৰিবৰ বাবে আমেৰিকান আৰু মিত্ৰ শক্তিৰ হাতত এটাই মাত্ৰ পথ আছিল - "দা হাম্প" নামে বিখ্যাত পূৰ্বোত্তৰ হিমালয় পৰ্ব্বতৰ ওপৰেদি কঠিন বায়ুপথ অতিক্ৰম কৰা।