ভাবুকিৰ সতৰ্কবাণীক আওকান কৰা বা অবিশ্বাস কৰা From Wikipedia, the free encyclopedia
স্বাভাৱিক পক্ষপাতিতা (en-Normalcy bias), বা স্বাভাৱিকত্ব পক্ষপাত, হৈছে একধৰণৰ বোধগত পক্ষপাতিতা যাৰ দ্বাৰা প্ৰভাৱিত হৈ মানুহে আসন্ন বিপদৰ সতৰ্কবাণী আওকান কৰে বা অবিশ্বাস কৰে। [1] অতএব, ব্যক্তিবিশেষে যিকোনো প্ৰলয়ৰ বা দুৰ্ঘটনাৰ সম্ভাৱিতাৰ অৱমূল্যায়ণ কৰে, যদিওবা তাৰদ্বাৰা তেওঁলোক প্ৰভাৱিত হ'ব, অথবা সেইটো দুৰ্ঘটনাৰ এক বিৰূপ প্ৰভাৱ তেওঁলোকৰ ওপৰত পৰিব।[2] স্বাভাৱিক পক্ষপাতিতাত প্ৰভাৱিত হোৱা মানুহে প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, অথবা মানৱসৃষ্ট ত্ৰুটিয়ে সৃষ্টি কৰা প্ৰলয়ৰ লগত মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় প্ৰস্তুতি নচলায়। উল্লেখযোগ্য যে, মোটামুটি ৭০% মানুহেই দুৰ্যোগৰ সময়ত স্বাভাৱিক পক্ষপাতিতাৰ স্বীকাৰ হয়। [3]
স্বাভাৱিক পক্ষপাতিতাক বিশ্লেষণ পক্ষাঘাত (analysis paralysis), উট চৰাই প্ৰভাৱ (the ostrich effect),[4] আৰু প্ৰথম প্ৰতিক্ৰিয়াকাৰীৰ ঋণাত্মক উদ্বেগ (the negative panic) বুলিও জনা যায়। [5] স্বাভাৱিক পক্ষপাতিতাৰ বিপৰীতটো হৈছে অতিপ্ৰতিক্ৰিয়া বা overreaction, নতুবা সৰ্বাধিক বেয়া পৰিস্থিতিৰ পক্ষপাত, worst-case scenario bias[6][7] য'ত স্বাভাৱিক অৱস্থাৰ লগত ঘটা সামান্য বিচ্যুতিকেই আসন্ন বিপৰ্যয় বুলি গণ্য কৰা হয়।
গৱেষণাই উনুকিয়াই দিছে যে-যেতিয়া মগজুটো শীতল হৈ থাকে, তেতিয়া ই নতুন তথ্য এটা গ্ৰহণ কৰিবলৈ ৮-১০ চেকেণ্ড সময় লয়। চাপে সেই প্ৰক্ৰিয়াটো মন্থৰ কৰি তোলে, আৰু যেতিয়া পৰিস্থিতিটোৰ মুখামুখি হ'বলৈ মগজুৱে কোনোধৰণৰ গ্ৰহণযোগ্য সঁহাৰি বিচাৰি নাপায়, তেতিয়া ই কেতিয়াবা মাথোঁ এটা আৰু কেতিয়াবা পূৰ্ব-সংস্থাপিত সমাধান এটাকেই ব্যৱহাৰ কৰে; যিটো হয়তো সেইসময়ত শুদ্ধ নহ'বও পাৰে। এই সঁহাৰিৰ আঁৰত থকা বিৱৰ্তনসম্বন্ধীয় কাৰণটো হৈছে-পক্ষাঘাতে জন্তু এটাৰ বাচি থকাৰ সম্ভাৱনাটো বঢ়াই তোলে আৰু অলৰ-অচৰ হৈ থকা চিকাৰ এটা চিকাৰীৰ সহজেই দৃষ্টিগোচৰ নহয়। [9]
দুৰ্যোগৰ সময়ত প্ৰায় ৭০% মানুহেই স্বাভাৱিক পক্ষপাতিতাৰ স্বীকাৰ হয়। [3] আনহাতে "সৰ্বাধিক বিপদজনক পক্ষপাতিতা"ৰ ভিতৰত স্বাভাৱিক পক্ষপাতিতাকো অন্তভুক্ত কৰা হৈছে। দুৰ্যোগৰ পূৰ্ব-প্ৰস্তুতিৰ অভাৱে প্ৰায়েই অপৰ্যাপ্ত আশ্ৰয়, যোগান, অথবা খালীকৰণ পৰিকল্পনাত (Evacuation plan) বিধি-পথালি দিয়ে। আনকি সকলোবোৰ ব্যৱস্থা সুসংযত কৰি ৰখাৰ পাছতো স্বাভাৱিক পক্ষপাতিতাৰ ফলত মানুহে প্ৰায়েই নিজৰ ঘৰ এৰিবলৈ মন নকৰে। [15]
স্বাভাৱিক পক্ষপাতিতাই একধৰণৰ বোধগত বিচ্ছিন্নতা (cognitive dissonance)ৰ সৃষ্টি কৰে। কিছুমান তাক প্ৰতিহত কৰিবলৈ নতুন সতৰ্কবাণী এৰাই চলে আৰু স্বাভাৱিক পক্ষপাতিতাৰ বশৱৰ্তী হৈ খালীকৰণৰ নিৰ্দেশ অমান্য কৰে। আনটো চামে এই বিচ্ছিন্নতা প্ৰতিহত কৰিবলৈ বিপদৰ পৰা পলায়ন কৰে। খালীকৰণৰ আদেশ অমান্য কৰিব বিচৰাসকলে দুৰ্যোগ-প্ৰশমনৰ পৰিকল্পনাটো জটিল কৰি তোলে। [16]
"দ্য আনথিংকেবল" (The Unthinkable: Who Survives When Disaster Strikes – and Why)ৰ লেখিকা আমাণ্ডা ৰিপ্লেই-এ দুৰ্যোগৰ প্ৰতি মানুহে দেখুউৱা সঁহাৰিক তিনিটা পৰ্যায়ত বিভক্ত কৰিছে: অগ্ৰাহ্য (Denial), ইচ্ছাকৃতভাৱে কৰা কাৰ্য (Deliberation), আৰু নিষ্পত্তিমূলক সময় (the Decisive Moment).(। ) ৰিপ্লেইৰ মতে-প্ৰথমটো পৰ্যায়ত মানুহে দুৰ্যোগ অহাৰ সম্ভাৱনাটো নাকচ কৰে। তথ্যটোক গ্ৰহণ কৰাত আৰু দুৰ্যোগটোক এক সংকট বুলি বিবেচনা কৰাত মগজুটোৰ কিছু সময়ৰ প্ৰয়োজন হয়। দ্বিতীয়টো পৰ্যায়ত, মানুহজনৰ নিজৰ কৰণীয় সন্দৰ্ভত সিদ্ধান্ত ল'ব লাগে। যদিহে মানুহজনৰ ওচৰত কোনো পৰিকল্পনা নাই, তেন্তে সেই কথাটোৱে এক জটিল সমস্যাৰ সৃষ্টি কৰে। কাৰণ জীৱনৰ প্ৰতি ভাবুকি আনিব বিচৰা চাপে মানুহজনৰ শৰীৰত প্ৰভাৱ পেলায়। তেওঁৰ দৃষ্টি শক্তি, শ্ৰবণেন্দ্ৰিয়, সময় প্ৰসাৰণ(time dilation) আদিৰ ওপৰত সেই চাপে প্ৰভাৱ পেলায়। যাৰ ফলত তেওঁৰ তথ্য সংগ্ৰহ কৰাত আৰু পৰিকল্পনা প্ৰস্তুত কৰাত এক সীমাবদ্ধতা আহি পৰে। তৃতীয়টো আৰু অন্তিমটো পৰ্যায়ত-যাক কোৱা হৈছে নিষ্পত্তিমূলক সময় বুলি-সেই পৰ্যায়ত মানুহজনে ক্ষিপ্ৰতাৰে আৰু দৃঢ়তাৰে সংকল্পবদ্ধ হৈ ক্ৰীয়াশীল হৈ উঠিব লাগিব। সেই কাৰ্যত ব্যৰ্থ হ'লে তেওঁ আঘাতপ্ৰাপ্ত হ'ব পাৰে অথবা মৃত্যুৰ মুখতো পৰিব পাৰে। আমাণ্ডা ৰিপ্লেয়ে ব্যাখ্যা কৰে যে- প্ৰথম আৰু দ্বিতীয়টো পৰ্যায় যিমান সোনকালে মানুহ এজনে অতিক্ৰম কৰিব পাৰিব, সিমান সোনকালেই তেওঁ তৃতীয়টো পৰ্যায়ত ভৰি দি কাৰ্যপন্থা হাতত লোৱাৰ সামৰ্থ্য অৰ্জন কৰিব। [17]
স্বাভাৱিক পক্ষপাতিতাৰ ঋণাত্মক প্ৰভাৱসমূহ প্ৰতিহত কৰিবলৈ চাৰিধৰণৰ দুৰ্যোগ-প্ৰতিক্ৰিয়া আছে। সেইবোৰ তলত উল্লেখ কৰা হ'ল:[18]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.