হেফেইষ্টাচ
From Wikipedia, the free encyclopedia
হেফেইষ্টাচ (ইংৰাজী: Hephaestus) হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱতা। তেওঁ কমাৰ, ধাতুশিল্প, ভাস্কৰ, নিৰ্মাণ শিল্প আৰু শিল্পী, স্থাপত্যবিদ্যা, অগ্নি আৰু আগ্নেয়গিৰিৰ অধিষ্ঠাতা।[1] ভালকান হৈছে তেওঁৰ ৰোমান সমকক্ষ দেৱতা। হেফেইষ্টাচৰ পিতৃ-মাতৃ সম্পৰ্কে দ্বিমত আছে। কোনো কোনো উৎসৰ মতে দেৱৰাজ জ্যুচ আৰু হীৰা তেওঁৰ পিতৃ-মাতৃ। অন্য কিছু সূত্ৰৰ মতে তেওঁক হীৰাই অকলেই ধাৰণ কৰি জন্ম দিছিল। আখ্যান অনুসৰি, শাৰীৰিক বিসংগতিৰ বাবে তেওঁক হীৰা অথবা জ্যুচে অলিম্পাচ পৰ্বতৰ পৰা নিৰ্বাসন দিয়ে।[2][3][4]
হেফেইষ্টাচ | |
---|---|
অগ্নি, ধাতুশিল্প, শৈল কুটীৰ শিল্প, নিৰ্মাণ, স্থাপত্যকলা, প্ৰাচীন প্ৰযুক্তিবিদ্যা আৰু কমাৰসকলৰ দেৱতা | |
নিবাস | অলিম্পাচ পৰ্বত |
প্ৰতীক | হাতুৰী, বঁটালি, জিভা |
সঙ্গী | এফ্ৰোডাইটি, এগলি |
পিতৃ-মাতৃ | জ্যুচ আৰু হীৰা, বা কেৱল হীৰা |
সহোদৰ | এফ্ৰোডাইটি, এপ'ল', এৰিচ, আৰ্টিমিচ, এথেনা আদি |
সন্তান | বনদেৱী থেলিয়া, এৰিকথ'নিয়াচ, ইলিউচিয়া, ইউফেম আদি |
ৰোমান সমাৰ্থক | ভালকান |
কমাৰশিল্পৰ দেৱতা হিচাপে হেফেইষ্টাচেই অলিম্পাচৰ দেৱ-দেৱীসকলৰ অস্ত্ৰ-শস্ত্ৰসমূহ নিৰ্মাণ কৰিছিল। এথেন্সকে ধৰি গ্ৰীচৰ ঔদ্যোগিক কেন্দ্ৰসমূহত হেফেইষ্টাচৰ উপাসনা কৰা হৈছিল। লেমন'চ নামৰ ঠাই হেফেইষ্টাচ পন্থাৰ কেন্দ্ৰস্থল আছিল।[1] তেওঁৰ চিহ্নসমূহৰ ভিতৰত হাতুৰী, বঁটালি আৰু দুখন জিভাই প্ৰধান।