থাইপুছম
তামিল হিন্দু উৎসৱ / From Wikipedia, the free encyclopedia
থাইপুছাম বা থাইপূছাম'(তামিল: தைப்பூசம், ৰোমানীকৃত: Taippūcam) হৈছে পুছাম নক্ষত্ৰৰ লগত সংগতি ৰাখি তামিল থাই মাহৰ প্ৰথম পূৰ্ণিমাৰ দিৱসত পালন কৰা তামিল হিন্দু উৎসৱ। হিন্দু দেৱতা মুৰুগানে মাতৃ পাৰ্বতীয়ে প্ৰদান কৰা ঐশ্বৰিক যাঠী ব্যৱহাৰ কৰি সুৰপদ্মান দানৱৰ ওপৰত জয়লাভ কৰাৰ স্মৃতিত এই উৎসৱ পালন কৰা হয়।
থাইপুছাম | |
---|---|
মালয়েছিয়াত থাইপুছাম উৎসৱৰ সময়ত মুৰুগানৰ ৰথ | |
পালন কৰে | মূলতঃ তামিল হিন্দু ভাৰত, শ্ৰীলংকা, দক্ষিণ-পূব এছিয়া, কেৰিবিয়ান, মৰিচাছ, ফিজি, [ [দক্ষিণ আফ্ৰিকা]] আৰু আমেৰিকা। |
প্ৰকাৰ | হিন্দু |
মহত্ব | মুৰুগানৰ সুৰপদমানৰ ওপৰত জয়লাভৰ স্মৃতিচাৰণ। |
তাৰিখ | থাই মাহত প্ৰথম পূৰ্ণিমাৰ পূষ্যনক্ষত্ৰ। |
২০২৩ৰ তাৰিখ | ৫ ফেব্ৰুৱাৰী দেওবাৰ |
২০২৪ৰ তাৰিখ | ২৫ জানুৱাৰী বৃহস্পতিবাৰ |
উদযাপন | কাৱদী আট্টম। |
হিন্দু ধৰ্ম | |||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
শাস্ত্ৰ
| |||||||||||||||||||||||
ধৰ্মাচৰণ
| |||||||||||||||||||||||
গুৰু
| |||||||||||||||||||||||
অন্যান্য প্ৰসঙ্গ
| |||||||||||||||||||||||
এই ধাৰ্মিক অভ্য়াস কাৱদী আট্টম হৈছে আধ্যাত্মিক ঋণৰ ভাৰসাম্য ৰক্ষাৰ উপায় হিচাপে শাৰীৰিক বোজা কঢ়িয়াই নিয়া এক আনুষ্ঠানিক বলিদানৰ কাৰ্য্য। উপাসকসকলে প্ৰায়ে গৰুৰ গাখীৰৰ পাত্ৰ এটা প্ৰসাদ হিচাপে লৈ ফুৰে আৰু লগতে ছাল, জিভা বা গালত শূলেৰে বিন্ধি মাংসৰ ক্ষতিসাধন কৰে। ভক্তসকলে নিয়মীয়াকৈ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে উপবাসে কৰি, নিৰামিষ আহাৰ পালন কৰি আৰু বৈবাহিক সমন্ধৰ আঁতৰত থাকি প্ৰাৰ্থনাৰ বাবে প্ৰস্তুতি চলায়।
থাইপুছাম ভাৰত, শ্ৰীলংকা, দক্ষিণ-পূব এছিয়া বিশেষকৈ মালয়েছিয়া, ছিংগাপুৰ, থাইলেণ্ড আৰু ইণ্ডোনেছিয়া, ফিজি, মৰিচাছ, দক্ষিণ আফ্ৰিকা আৰু কানাডা আৰু তামিল মূলৰ লোক থকা দেশসমূহত পালন কৰে । অন্যান্য দেশ, ট্ৰিনিদাদ আৰু ট’বাগো, গায়ানা, কেৰিবিয়ান, চুৰিনাম,আমেৰিকা আৰু অষ্ট্ৰেলিয়াকে ধৰি উল্লেখযোগ্য ভাৰতীয় প্ৰব্ৰজনকাৰী থকা দেশসমূহত তামিলসকলে পালন কৰে। মৰিচাছ, মালয়েছিয়াৰ আৰু ভাৰতৰ তামিলনাডু ৰাজ্যত চৰকাৰী বন্ধৰ দিন ঘোষণা কৰা হয়।