From Wikipedia, the free encyclopedia
স্বামী নিগমানন্দ পৰমহংস (বঙালী: স্বামী নিগমানন্দ পৰমহংস, ওড়িয়া: ସ୍ବାମୀ ନିଗମାନଂଦ ପରମହଂସ, হিন্দী: स्वामी निगमानंद परमहंस ১৮ আগষ্ট, ১৮৮০[1]- ২৯ নবেম্বৰ , ১৯৩৫)[2]) নদীয়া জিলাৰ তেতিয়াৰ চাব-ডিভিজন কুতুবপুৰ নামৰ এখন সৰু গাঁৱত (কিন্তু বৰ্তমানে বাংলাদেশৰ মেহেৰপুৰ জিলাত) এক বাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁ শ্ৰী শ্ৰী ঠাকুৰ নামেৰেও পৰিচিত। চৈতন্য মহাপ্ৰভুৱেও এই একেখন জিলাতে জন্মগ্ৰহণ কৰিছিল।
স্বামী নিগমানন্দ Swami Nigamananda | |
---|---|
(পৰমহংস শ্ৰীমদ স্বামী নিগমানন্দ সৰস্বতী দেৱ) | |
প্ৰকৃত নাম | নলীনীকান্ত ভট্টাচাৰ্য |
উপাধি/সন্মান | পৰমহংস, সদগুৰু |
গুৰু | বামাক্ষ্যাপা, সচিনানন্দ সৰস্বতী, সুমেৰু দাস জী, গৌৰী দেৱী |
দৰ্শন | তন্ত্ৰ, জ্ঞান, বেদান্ত, যোগ, ভক্তি বা প্ৰেম |
সন্ন্যাস গ্ৰহণৰ পাছত তেওঁ পৰমহংস শ্ৰীমদ স্বামী নিগমানন্দ সৰস্বতী দেৱ নামেৰে পৰিচিত হয়।[3]
নিগমানন্দ আছিল ভাৰতৰ এজন সত্গুৰু[4][5] আৰু সাধু।[6] তেওঁ আছিল পূৰ্ব ভাৰতত সুপৰিচিত এজন হিন্দু যোগী আৰু আধ্যাত্মিক নেতা।[7] তেওঁ শাক্ত সম্প্ৰদায়ভুক্ত[8] এজন ভাৰতীয় হিন্দু গুৰু,[9][10] আৰু হিন্দু দাৰ্শনিকো[11] আছিল আৰু তন্ত্ৰ আৰু যোগৰ এজন উত্কৃষ্ট আধ্যাত্মিক গুৰু হিচাপে তেওঁক গণ্য কৰা হৈছিল।[12][13][14]
নিগমানন্দৰ অনুগামীসকলে বিশ্বাস কৰে যে তেওঁ চাৰিটা বিভিন্ন সাধনাত যথা তন্ত্ৰ, জ্ঞান, যোগ আৰু প্ৰেমত সিদ্ধি লাভ কৰিছিল।[1][15][16] এই সকলো অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি তেওঁ বাংলা ভাষাত ৫খন গ্ৰন্থ ৰচনা কৰে: ব্ৰহ্মচৰ্য সাধনা, যোগী গুৰু, জ্ঞানী গুৰু, তান্ত্ৰিক গুৰু আৰু প্ৰেমিক গুৰু।[17][18][19][20] স্বামী নিগমানন্দই নিৰ্বিকল্প সমাধি লাভ কৰিছিল।[21][22]
পিতৃ ভুবনমোহন ভট্টাচাৰ্য আৰু পিতৃৰ গুৰু স্বামী ভাস্কৰানন্দ সৰস্বতীৰ ইচ্ছানুসৰি জন্মৰ পাছত নিগমানন্দৰ নাম ৰখা হৈছিল নলীনীকান্ত।[23][24] ১৩০০ বঙ্গাব্দত যেতিয়া নলীনীকান্তই গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল, তেতিয়া তেখেতৰ মাতৃ মাণিক্য সুন্দৰী দেৱীৰ কলেৰাত পৰি মৃত্যু হয় যি ঘটনাই তেওঁক বিষণ্ণতাত আচ্ছন্ন কৰি ৰাখিছিল।[25][26] ১৩০১ বঙ্গাব্দত তেওঁ ছাত্ৰবৃত্তি পৰীক্ষাত পাছ কৰে আৰু মেহেৰপুৰ উচ্চ বিদ্যালয়ত কিছু সময়ৰ বাবে পঢ়াশুনা কৰে। ১৩০২ বঙ্গাব্দৰ আহাৰ মাহত তেওঁ জৰীপ বিষয়ত পঢ়াশুনা কৰাৰ বাবে ঢাকা আহচানউল্লাহ ইঞ্জিনিয়াৰিং কলেজত ভৰ্তি হয়। নলীনীকান্তৰ পিতৃয়ে ১৩০৩ বঙ্গাব্দত হালিচহৰৰ সুধাংশুবালা দেৱী নামৰ এগৰাকী ত্ৰয়োদশবৰ্ষীয়া বালিকাৰ সৈতে নলীনীকান্তৰ বিয়া পাতি দিয়ে। ১৩০৫ বঙ্গাব্দত পঢ়াশুনা শেষ হোৱাৰ পাছত জীৱিকা অৰ্জনৰ বাবে তেওঁ ৰাণী ৰাসমণিৰ এষ্টেট দিনাজপুৰ জিলা বোৰ্ডত চাকৰিত যোগ দিয়ে। ১৩০৭ বঙ্গাব্দত ভাদ মাহৰ শেষত (বিয়াৰ প্ৰায় ৫ বছৰৰ পাছত) যেতিয়া তেওঁ নাৰায়নপুৰ এষ্টেটত (জমিদাৰিত) চুপাৰভাইজাৰ পদত কাম কৰিছিল,[1][25][27] তেতিয়া এদিন ৰাতি নলীনীকান্তই হঠাত্ টেবুলৰ ওচৰত সুধাংশুবালা দেৱীৰ (যাৰ সেই সময়ত কুতুবপুৰত থকাৰ কথা) ক্ৰুদ্ধ ভয়ঙ্কৰ দৃষ্টিৰে চাই থকা নীৰৱ ছায়ামূৰ্তি দেখিবলৈ পায়। তেওঁ তেতিয়াই কুতুবপুৰলৈ খবৰ লবলৈ গ’ল আৰু জানিব পাৰিলে যে নাৰায়নপুৰত ছায়ামূৰ্তি দেখাৰ ঠিক এঘণ্টা পূৰ্বে সুধাংশুবালা দেৱীয়ে ইহলোক ত্যাগ কৰিছে; ঘটনাটোৱে পুনৰ নলীনীকান্তৰ বাবে এক প্ৰচণ্ড আঘাত কঢ়িয়াই আনে। তেওঁ গুপ্ত/অতিপ্ৰাকৃত বিজ্ঞানৰ (occult science) সহায়ত তেখেতৰ সহধৰ্মিণীৰ কাষ পাবলৈ চেষ্টা কৰে কিন্তু ব্যৰ্থ হয়।[28]
এই ঘটনাই নলীনীকান্তক আৰু অন্তৰ্মুখী কৰি তুলে। নলীনীকান্তই সিদ্ধান্তত উপনীত হ’ল যে মৃত্যু হৈছে এজন ব্যক্তিৰ চূড়ান্ত পৰিণতি। তেওঁ বিশ্বাস কৰা আৰম্ভ কৰিলে যে মৃত্যুৰ পাছতো অৱশ্যেই জীৱন আছে।[1] নলীনীকান্তই জীৱন আৰু মৃত্যুৰ যাবতীয় ইন্দ্ৰিয়গোচৰ বস্তু আৰু বিষয় সম্পৰ্কে জানিবলৈ উদ্গ্ৰীব হৈ উঠিল। এইবোৰ কথাই সকলো সময়তে তেওঁক চিন্তিত কৰিবলৈ আৰম্ভ কৰিলে। এই অনুসন্ধানে তেওঁক লৈ গ’ল চেন্না়ইৰ আধিয়াৰৰ ঈশ্বৰদৰ্শন সমাজলৈ (Theosophical Society at Adyar)।[29] তেওঁ ঈশ্বৰদৰ্শন আৰু ঐশ্বৰিক প্ৰেৰণা লাভৰ দৰ্শন শাখাৰ যাবতীয় প্ৰকল্পসমূহ নিৰীক্ষণ কৰিলে আৰু সেইবোৰৰ চৰ্চা আৰম্ভ কৰিলে আৰু এটা মাধ্যমৰ মাজেৰে সুধাংশুবালা দেৱীৰ সৈতে কথা পাতিবলৈ সমৰ্থ হ’ল। কিন্তু নলীনীকান্তই তেওঁক শাৰীৰীকভাবে দেখা পোৱাত অসমৰ্থ হ’ল। এই অভিজ্ঞতাই তেওঁক মুঠেই সন্তুষ্ট কৰিব নোৱাৰিলে। তেওঁ সেই সমাজৰ সদস্যসকলৰ সৈতে আলোচনা কৰি জানিব পাৰিলে যে "জীৱন আৰু মৃত্যুৰ" বিষয়ে জ্ঞান থকাতো হিন্দু যোগীসকলৰ বাবে আৱশ্যকীয় আৰু সম্ভৱ। তেওঁ সময় নষ্ট নকৰি তেতিয়াই এজন প্ৰকৃত যোগী বা সাধুৰ সন্ধানত ওলাল যি তেখেতৰ মৃত সহধৰ্মিণীৰ সৈতে সাক্ষাত্ কৰাৰ ইচ্ছা পূৰণ কৰিব পাৰিব আৰু তেওঁক "জীৱন আৰু মৃত্যুৰ" বিষয়ে প্ৰকৃত দৰ্শনৰ শিক্ষা দিব পাৰিব।
নিগমানন্দৰ অনুগামীসকলৰ মতে, এদিন ৰাতি নলীনীকান্তই অলৌকিক আভাৰে আগুৰি থকা এজন সাধুক সপোনত দেখিবলৈ পায়। তেওঁ সাৰ পায় উঠি সাধুজনক বাস্তৱত তেখেতৰ বিছনাৰ কাষত থিয় হৈ থকা অৱস্থাত দেখা পায়। সাধুজনে তেওঁক হাতৰ তলুৱাৰ ওপৰত এটা মন্ত্ৰ লিখি দিয়ে আৰু হঠাত্ অদৃশ্য হৈ যায়। নলীনীকান্তই মন্ত্ৰটিৰ অৰ্থ বুজাৰ বাবে অনেককে ইয়াৰ অৰ্থ সোধে; অৱশেষত ১৩০৮ বঙ্গাব্দৰ ফাগুন মাহত তেওঁ পশ্চিমবঙ্গৰ বীৰভূম জিলাৰ তাৰাপীঠৰ বিখ্যাত তান্ত্ৰিক বামাক্ষ্যাপাৰ সৈতে সাক্ষাৎ কৰে।[25][26][30] নলীনীকান্তই তেখেতৰ দীক্ষা গ্ৰহণ কৰে আৰু ২১ দিন উক্ত মন্ত্ৰটি জপ/স্তব কৰাৰ আদেশ পায়।[31] তেখেতৰ গুৰুৰ নিৰ্দেশিত পথেৰে তেওঁ "সুদৰ্শনা দেৱী"ৰ ৰূপত মা তাৰা দেৱীৰ দৰ্শন পায়।[26] এই দৰ্শনে তেওঁক আন এক ৰহস্যলৈ লৈ যায়। তেওঁ তাৰা দেৱীক তেখেতৰ শৰীৰ পৰা ওলায় অহা আৰু পুনৰ তেখেতৰ শৰীৰতে মিলি যোৱা দেখিবলৈ পায়। এই ৰহস্য সমাধানৰ বাবে বামাক্ষ্যাপাই তেওঁক এজন বেদান্তিক গুৰুৰ কাষলৈ গৈ অদ্বৈতৰ জ্ঞান লাভৰ উপদেশ দিয়ে। ১৩০৮ বঙ্গাব্দৰ চ’ত মাহত তেওঁ জ্ঞানী গুৰুৰ সন্ধানত ভ্ৰমণলৈ ওলাল।[25] ৰাজস্থান ৰাজ্যৰ পবিত্ৰ স্থান পুস্কৰত তেওঁ সচিনানন্দ সৰস্বতীৰ শিষ্য হয়।[1][32] তেওঁ তত্ক্ষণাত্ উপলব্ধি কৰিলে যে সচিদানন্দ সৰস্বতীয়েই হ’ল সেইজন সাধু যি তেওঁক সপোনত তাৰা মন্ত্ৰটি দিছিল। নলীনীকান্তই ব্ৰহ্মৰ সকলো তত্ত্ব শিকিলে আৰু সচিদানন্দৰ দ্বাৰা দাবী-ত্যাগ/আত্ম-অস্বীকৃতি বিষয়ত দীক্ষিত হ’ল আৰু তদনুসাৰে তেখেতৰ নাম ৰখা হ’ল নিগমানন্দ।[33] কিন্তু এই বিষয়ে তেওঁ বাস্তবজ্ঞান উপলব্ধি কৰিব নোৱাৰিলে , সচিদানন্দই নিগমানন্দক এই লক্ষ্য অৰ্জন কৰিবলৈ এজন যোগী গুৰু বিচাৰি ল’বলৈ ক’লে। সচিদানন্দই নিগমানন্দক নিৰ্দেশ দিলে ধৰ্মীয় পীঠৰ/আসনৰ চাৰি ধামলৈ গৈ তীৰ্থ কৰিবলৈ আৰু নিজ সাধ্যানুসৰি প্ৰত্যেকটোৰে গুৰুত্ব উপলব্ধি কৰিবলৈ। হিন্দুসকলে তেওঁলোকৰ পবিত্ৰতাৰ বাবে এই সকলো প্ৰাৰ্থনাৰ স্থানসমূহক তেওঁলোকৰ মনত অত্যন্ত প্ৰিয় বুলি মান কৰে। তীৰ্থ কৰাৰ পাছত তেওঁ আকৌ আশ্ৰমলৈ উভতি আহে। সচিদানন্দই নিগমানন্দৰ তীৰ্থ যাত্ৰাৰ পৰ্যালোচনা কৰে আৰু তেওঁক আকৌ নিৰ্দেশ দিয়ে এনে এজন যোগী গুৰু বিচাৰি উলিয়াবলৈ যি নিগমানন্দক সঠিক দিশৰ নিৰ্দেশ দিব আৰু সচিদানন্দৰ শিক্ষাক সঠিকভাবে অনুশীলন কৰাব পাৰিব।[34][35]
১৯০৩ চনত (জেঠ ১৩১০ বঙ্গাব্দ) নিগমানন্দই তেখেতৰ যোগী গুৰুৰ সাক্ষাত্ পায় - তেওঁ হ’ল সুমেৰু দাস জী (কুট হুমি লাল সিং নামেৰেও পৰিচিত)। সুমেৰু দাস জীৰ পথ নিৰ্দেশনাত তেওঁ যোগৰ গূঢ় বিষয়/তাত্পৰ্য জানিব পাৰে।[36] প্ৰয়োজনীয় অনুশীলনৰ পাছত তেওঁ সবিকল্প সমাধি আৰু পাছত ১৯০৪ চনত (পুহ ১৩১১ বঙ্গাব্দ) নিৰ্বিকল্প সমাধি (যোগৰ সৰ্বোচ্চ ধাপ) লাভ কৰে।[1][25][37] যোগত তেওঁ দৰ্শন কৰিলে আৰু তেখেতৰ নিজ দেহেৰে বুজিব পাৰে সেই বৈদিক জ্ঞান যি তেওঁ সচিদানন্দৰ কাষৰ পৰা শিকিছিল। তেওঁ তেখেতৰ নিৰ্বিকল্প সমাধি লাভ কৰিছিল কামাখ্যাত, নীলাচল পাহাৰত (গুৱাহাটী, অসম, ভাৰত) - কোৱা হয় যে তেওঁ জগত্গুৰুৰ ইচ্ছাকে বহন কৰি মানৱৰ মাজত ব্ৰহ্মজ্ঞান বিস্তাৰৰ বাবে সত্গুৰু হিচাপে পুন-আবিৰ্ভূত হৈছিল।[38]
১৯০৪ চনত (মাঘ ১৩১১ বঙ্গাব্দ) তেওঁ কাশীত (বৰ্তমানে বাৰাণসী, উত্তৰ প্ৰদেশ, ভাৰতত) থকা অৱস্থাত দেৱী অন্নপূৰ্ণাই সপোনত তেখেতৰ কাষলৈ আহে আৰু কয় যে,[32] তেখেতৰ জ্ঞান কেবল নিৰাকাৰ ঈশ্বৰতে সীমাবদ্ধ আৰু তেওঁ তাৰ উৰ্ধলৈ যাব নাই পৰা -গতিকে তেওঁ তেতিয়াও অসম্পূৰ্ণ আছিল। নিগমানন্দই তেখেতৰ টোপনিৰ পৰা সাৰ পায় উঠে আৰু দেৱী অন্নপূৰ্ণাৰ দ্বাৰা নিৰ্দেশিত তেখেতৰ বিষয় সম্পৰ্কত সচেতন হ’ল।[32] তেওঁ তেতিয়া এক মহান সিদ্ধযোগীনী গৌৰী দেৱীৰ কাষলৈ যায়। তেওঁ নিগমানন্দক এজন শিষ্য হিচাপে গ্ৰহণ কৰে আৰু তেওঁক ভক্তি আৰু প্ৰেমৰ শিক্ষা দিয়ে।[37] তেখেতৰ শিষ্যসকলৰ মতানুসৰি নিগমানন্দই ভব সাধনাত এই বহিৰ্জগতক ঈশ্বৰৰ ৰূপান্তৰ হিচাপে দেখা পায় আৰু ভব বা ভক্তি সিদ্ধি লাভৰ পাছত,[39] নিগমানন্দই নিজকে "সম্পূৰ্ণ এক" হিচাপে উপলব্ধি কৰে।
সিদ্ধি লাভৰ পাছত নিগমানন্দই এলাহাবাদত কুম্ভমেলা চাবলৈ যায় আৰু জানিব পাৰে যে তেখেতৰ গুৰু সচিদানন্দই শৃঙ্গেৰী মঠত শঙ্কৰাচাৰ্যৰ সৈতে সেই ঠাইতেই আছিল। গুৰু সচিদানন্দক দেখা পোৱাৰ উদ্বিগ্নতাৰে নিগমানন্দই শঙ্কৰাচাৰ্যৰ তমবুলৈ গ’ল য’ত নিগমানন্দই গুৰু সচিদানন্দসহ আৰু ১২৫ জন সাধুৰে পৰিবেষ্টিত অবস্থাৰে মঠৰ অধ্যক্ষক এক উচ্চাসনত আসন কৰা অৱস্থাত দেখা পায়। গুৰুক দেখি নিগমানন্দই প্ৰথমে তেখেতৰ গুৰুক শ্ৰদ্ধা জনায় আৰু পাছত অধিক মৰ্যাদাসহকাৰে অধ্যক্ষক সন্মান জনায়। সাধুসকলে প্ৰথমে অধ্যক্ষক সন্মান নজনোৱাত অসন্তুষ্ট হ’ল কিন্তু প্ৰতি উত্তৰত নিগমানন্দই এই শ্লোকৰ উদ্ধৃত কৰে: "মনাথৰো শ্ৰী জগন্নাথ মদগুৰু শ্ৰী জগদগুৰু মহাত্মা সৰ্বভূতাত্মা তস্মৈ শ্ৰী গুৰুবে নমঃ"। - "মোৰ স্ৰষ্টা মহাবিশ্বৰ স্ৰষ্টা। মোৰ গুৰু সমগ্ৰ বিশ্বৰ গুৰু। স্বকীয় সত্তা সকলো সত্তাৰ সত্তা, সেই হেতু মই বশ্যতা স্বীকাৰ কৰোঁ মোৰ গুৰুৰ যিয়ে মোক এই পথ দেখুৱালে। "[41] তেওঁ এই উক্তিৰ আৰু বিস্তৃত ব্যাখ্যা কৰি কয় যে বেদান্ত দৰ্শনানুসৰি "গুৰু" (শ্ৰী সচিদানন্দ সৰস্বতী) আৰু "জগতগুৰু" (শ্ৰী জগতগুৰু শঙ্কৰাচাৰ্য) ৰ মাজত কোনো পাৰ্থক্য নাই।[42][43] নিগমানন্দই আৰু পৰিষ্কাৰ কৰি দি কয় যে, যদি তেওঁলোকৰ মাজত পাৰ্থক্য থাকিল হয় তাৰ অৰ্থ হ’ল হয় এই যে আমাৰ মাজত স্বীকৃত আধ্যাত্ম দৰ্শনত কোনো বিশ্বাস নাই আৰু এইটো যদি বিবেচনা কৰা হ’ল হয় যে এজন আনজনতকৈ ডাঙৰ তেতিয়াহ’লে সি আৰু ডাঙৰ উপসংহাৰ লৈ বাগৰি গ’ল হয় যে পৰৱৰ্তীকালত তেওঁতকৈ আৰু কোনোবা ডাঙৰ ওলাব পাৰে বা থাকিব পাৰে। এইভাবে অন্তহীন বাদানুবাদ চলিয়েই থাকিল হয়। এই ধৰণৰ সিদ্ধান্তই সৰ্বদাই বিভ্ৰান্ত সৃষ্টিকাৰী। মোৰ গুৰু জগতগুৰুৰ সৈতে এক হৈ গৈছিল যেতিয়া জগতগুৰু দ্বাৰা তেখেতৰ ওপৰত "গুৰুগিৰি" অৰ্পিত হৈছিল; সেই হেতুকে তেওঁলোকৰ মাজত পাৰ্থক্য কৰা উচিত নহয়। জগতগুৰুৱে এই উত্তৰৰ অনুমোদন কৰে আৰু নিগমানন্দই আলোকপ্ৰাপ্ত অৱস্থা অৰ্জন কৰিছে বুলি স্বীকৃতি দিয়ে।[32] জগতগুৰু শঙ্কৰাচাৰ্যই সচিদানন্দক মাতে আৰু তেওঁক কয় যে তেখেতৰ শিষ্যই নিজৰমাজতেই পৰমহংসৰ অৱস্থা অৰ্জন কৰিছে আৰু তেওঁক এই উপাধি দিয়া উচিত। সচিদানন্দই তেতিয়া এই প্ৰস্তাৱ সাধু সন্মিলনত উত্থাপন কৰে আৰু নিগমানন্দক পৰমহংস উপাধিৰে বিভূষিত কৰে। এইভাবে তেখেতৰ নাম হ’ল পৰিব্ৰাজকাচাৰ্য শ্ৰীমদ স্বামী নিগমানন্দ সৰস্বতী দেৱ।[32][37][44]
নিগমানন্দই তেখেতৰ জীৱনৰ শেষৰ ১৪ বছৰ উৰিষ্যাৰ পুৰীত অতিবাহিত কৰে।[45] তেওঁ ১৯৩৫ চনৰ ২৯ নবেম্বৰত কলকাতাত মৃত্যুবৰণ কৰে।[2] তেখেতৰ শিষ্যসকলে বিশ্বাস কৰে যে, তেখেতৰ দৈহিক মৃত্যুৰ পাছতো তেওঁ বাচি আছে, নিগমানন্দৰ উদ্ধৃতি: আমাকে এই দেহ ছেড়ে যেতে হবে কিন্ত্তু তোমাদেৰ মুক্তি না হওয়া পৰ্যন্ত আমি তোমাদেৰ গুৰু থাকব আৰু আমাৰ মুক্তি হবে না।[27][46]
স্বামী নিগমানন্দৰ জীৱনৰ ব্ৰত আছিল:
এই উদ্দেশ্যসমূহৰ উপলব্ধি/বাস্তবায়নৰ বাবে তেওঁ তেখেতৰ ভক্তসকলক নিম্নলিখিত নিৰ্দেশ দিয়ে:
উপৰোক্ত লক্ষ্যসমূহ অৰ্জনৰ নিমিত্তে তেওঁ সকলো পেছাৰে কেইবাহাজাৰ আগ্ৰহী নৰ-নাৰীক দীক্ষা দিয়ে আৰু সকলো ধৰণৰ উপদলীয় পক্ষপাতমুক্ত হৈ পূজা, প্ৰাৰ্থনা আৰু ধ্যানৰ মাধ্যমেৰে তেখেতৰ অন্যান্য আধ্যাত্মিক অনুশীলনৰ শিক্ষা সমূহ দিয়ে। তেওঁ তেখেতৰ শিষ্যসমূহক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে তিনি বা ততোধিক জনৰ দল বা সঙ্ঘ মিলিত হৈ গুৰুৰ কাষত প্ৰাৰ্থনা আৰু পূজা, আধ্যাত্মিক অভিজ্ঞতাসমূহৰ বিনিময়, "জয়গুৰু" স্তব বা গুণানুকীৰ্তন,[37] আধ্যাত্মিক গ্ৰন্থসমূহৰ পাঠ আৰু তৎমধ্যস্থিত ধাৰণাসমূহৰ চিন্তাভাবনা আৰু আলোচনা, মঠ আৰু আশ্ৰমসমূহ ব্যবস্থাপনাৰ উপায় আৰু পন্থা উদ্ভাবন আৰু আধ্যাত্মিকভাবে উদ্দীপ্ত/অনুপ্ৰাণিত আদৰ্শগত গাহৰ্স্থ্য জীৱন যাপনৰ অঙ্গীকাৰ কৰাত উৎসাহিত কৰে। তেওঁ তেখেতৰ শিষ্যসকলক উপদেশ দিছিল যে, ঈশ্বৰ বা গুৰুৰ মহিমা "জয়গুৰু" এই আখৰকেইটাৰ মাধ্যমেৰে অনুভূত হয়। যিয়ে সকলোকে ঈশ্বৰৰ কাষ পোৱাবগৈ পাৰে এই নামৰ মাজেৰে যিহেতু ঈশ্বৰ হৈছে মহাবিশ্বৰ গুৰু বা প্ৰভু। যি কোনো সম্প্ৰদায়ৰ মানুহে তেওঁলোকৰ ধৰ্মীয় জীৱনৰ কোনো ক্ষতি নকৰাকৈ এই নাম গ্ৰহণ কৰিব পাৰে।
স্বামী নিগমানন্দই কেতিয়াও নিজ মুখে স্বীকাৰ কৰা নাছিল যে তেওঁ আছিল মূৰ্তিমান-ভগবান বা এজন অৱতাৰ যদিও তেওঁৰ অনেক শিষ্যই এই ধৰণৰ অলীক ধাৰণা পোষণ কৰিছিল।[1][50] তেওঁ নিবেদন কৰে যে অৱতাৰ হৈছে এটা ধৰ্ম, দেশ কিংবা আনকি সমগ্ৰ বিশ্বত আধ্যাত্মিক শৃঙ্খলা বহাল ৰখাৰ বাবে পৃথিৱীত ঈশ্বৰৰ অনন্য পুৰুষ। তেখেতৰ কৰ্তৃত্বৰ দ্বাৰা সদাচাৰ প্ৰতিষ্ঠিত হয় আৰু তেওঁ আসুৰিক শক্তিসমূহক সম্পূৰ্ণভাবে ধ্বংস কৰে। স্বামী নিগমানন্দই বিচাৰিছিল যে তেওঁক সৎগুৰু হিচাপে বিবেচনা কৰা হওক যি তেখেতৰ দীৰ্ঘ জন্ম আৰু মৃত্যুৰ পৰস্পৰৰ অনুসন্ধানৰ দ্বাৰা তেখেতৰ স্বৰূপ জ্ঞান (সত্য প্ৰকৃতি অৰ্থাৎ সৰ্বোচ্চ সৰ্বজনীন চেতনা) লাভ কৰিছে। ধৰ্মগ্ৰন্থত প্ৰমাণ আছে যে গৌতমে সত্য উপলব্ধিৰ গুণাৱলী অৰ্জনৰ পূৰ্বে আৰু মহান "বুদ্ধ"ত পৰিণত হোৱাৰ পূৰ্বে তেওঁ অনেকবাৰ জন্মগ্ৰহণ কৰিব লগা হৈছিল।[1] নিগমানন্দই আৰু নিৰ্দেশ দিয়ে যে, এজন অৱতাৰীয়ে স্বৰ্গীয় ক্ৰিয়াকৰ্মত অৰ্থাৎ লীলাত অংশগ্ৰহণ কৰাৰ বাবে সকলো সময়তে অতিমানবীয় চেতনাৰ স্তৰত নাথাকে।
এজন সৎগুৰু যি সৰ্বদাই আত্মসচেতন আৰু সহৃদয় হৈ থাকে তেওঁ কদাচিৎহে ভুল বুজাবুজিৰ স্বীকাৰ হয়।
গুৰুসকল প্ৰকৃতপক্ষেই ব্যক্তিগত ঈশ্বৰ। স্বামী নিগমানন্দই ঘোষণা কৰে যে আধ্যাত্মিক জ্ঞান অৰ্জন আৰু মুক্তি অৰ্জন সম্ভব - হয় কঠোৰ প্ৰায়শ্চিত্তৰ মাধ্যমেৰে অথবা এজন ব্ৰহ্মচাৰী সৎগুৰুৰ কাষত আত্মসমৰ্পণৰ (তেখেতৰ আদেশ পালনৰ) মাধ্যমেৰে যিয়ে আমাৰ অধিকাংশই অনুশীলন কৰাব পাৰে। যদিও তেওঁলোকৰ ভাব হয় আৰু তেওঁলোকে আচৰণ কৰে সাধাৰণ মানুহৰ দৰে আৰু তেওঁলোকক প্ৰায়েই ভুল বুজে। ব্ৰহ্মচাৰী সৎগুৰুৰ দেহগত বা বস্তুগত উপভোগৰ প্ৰতি কোনো আসক্তি নাথাকে। ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অন্য সকলোকে সহায় কৰিবলৈ আৰু তাৰ বাবে পৰিবেশৰ উন্নতিৰ বাবে তেখেতসকলে সদায় নিজকে নিয়োজিত কৰে। কিন্তু সৎগুৰু হিচাপে তেওঁলোকৰ ভূমিকা সবাতোকৈ তাৎপৰ্যপূৰ্ণ যিহেতু তেওঁ প্ৰজন্মৰ পৰা প্ৰজমান্তৰলৈ হস্তান্তৰ কৰাৰ দৰে এক উত্তৰাধিকাৰ নিৰ্মাণ কৰিব পাৰে যাৰ বিষয়ে ভগবান শ্ৰীকৃষ্ণই শ্ৰীমদ্ভগবত গীতাত কৈছিল।
স্বামী নিগমানন্দৰ মতানুসৰি, শিষ্যক তেখেতৰ গুৰুৱে (অৱশ্যেই এজন সৎগুৰু) এজন সাধাৰণ মানুহ হিচাপে নহয় বৰং জগৎগুৰু (মহাবিশ্বৰ গুৰু, পুৰুষোত্তম) হিচাপে গ্ৰহণ কৰা উচিত (ভগবতগীতাত শ্ৰীকৃষ্ণৰ উক্তিৰ সৈতে মিল ৰাখি)।
স্বামী নিগমানন্দই তেখেতৰ শিষ্যসকলক উপদেশ দিছিল শাৰীৰিক মূৰ্তিক ধ্যান কৰিবলৈ যাতে তেখেতৰ সকলো প্ৰশংসনীয় গুণাৱলী আৰু বৈশিষ্ট্যসমূহ স্বয়ংক্ৰিয়ভাবে তেওঁলোকৰ মাজত স্থানান্তৰিত হয় আৰু তেওঁলোকৰ আত্মাক উপযোগী কৰে।[51] অধিকন্তু তেওঁ আশ্বস্ত কৰে যে, যিহেতু তেওঁ আত্মিক অনুশীলনৰ তিনি উপায়/প্ৰক্ৰিয়াত অন্বেষণকাৰীৰ পৰম আধ্যাত্মিক লক্ষ্য হিচাপে যুগপৎভাবে ব্ৰহ্ম, পৰমাত্মা আৰু ভগবানৰ প্ৰকৃতি অনুভৱ কৰিছে, তেখেতৰ প্ৰকৃত শিষ্যসকলেও একেইধাণে যুগপৎ সেই অভিজ্ঞতা লাভ কৰিব। তেওঁ কৈছিল,"সেইয়া আছিল তেখেতৰ শিষ্যসকলৰ কাষৰ পৰা পাব পৰা একমাত্ৰ প্ৰত্যাশা আৰু তেওঁ সেইয়া পূৰণ হোৱাৰ দিনটো দেখা পোৱাৰ অপেক্ষা কৰিবলৈ ভালপায়। "
যিহেতু আত্মোপলব্ধিৰ অদ্বৈতবাদী তত্ত্বৰ বাবে আবশ্যকীয় হৈছে ব্যক্তি-আত্মাক সৰ্বোচ্চ সৰ্বজনীন আত্মাৰ পৰ্যায়ত সম্প্ৰসাৰণ কৰা, স্বামী নিগমানন্দৰ মতানুসৰি এইটো যথাযথ বুদ্ধিগত অনুসন্ধান, বিশ্লেষণ আৰু গভীৰ ধ্যানৰ মাধ্যমেৰে আকুলভাবে কামনাকাৰী/উচ্চাকাঙ্খী সন্ন্যাসীসকলৰ মাজৰ পৰা কেবলমাত্ৰ যোগ্যতমসকলৰ দ্বাৰাই পুন:পুন: অনুশীলন কৰা যাব পাৰে, যদিও এই ধৰণৰ সাধনাত প্ৰভুৰ প্ৰতি সেৱা সাফল্যৰ চাবিকাঠি। যি হওক, স্বামী নিগমানন্দই ইঙ্গিত কৰে যে কেবলমাত্ৰ সৰ্বোচ্চ/অখণ্ড ৰ অদ্বৈতবাদী উপলব্ধি অৰ্জনৰ পাছতেই সকলোফালে ভাগ্যবানসকলৰ দ্বাৰাই সঁচাসচিকৈ দেহাতীত ঐশ্বৰিক ভালপোৱা আৰু ভাবাবেশ/সমাধিঅনুভৱ কৰা সম্ভব যিদৰে শ্ৰীমদ্ভগবতগীতাত ভগবান শ্ৰীকৃষ্ণই ঘোষণা কৰিছিল।
ভক্তিৰ মাজেদিয়েই তেওঁমোক জানিব পাৰে, মোৰ স্বৰূপসমূহ কিধৰণৰ আৰু সত্যৰ মাজত মই কোন তাক জানিব পাৰে আৰু তৎক্ষণাৎ তেওঁ মোৰ মাজত প্ৰৱেশ কৰে (অষ্টাদশ-৫৫)। (অৰ্থাৎ তেওঁ এতিয়া ঈশ্বৰৰ সৈতে সস্নেহে একাত্ম যাৰ প্ৰকৃতি তেওঁ নাজানে আৰু যি তেওঁ নিজেই অৰ্জন কৰে আৰু সেই হেতু তেওঁ সৎগুৰুৰ ভূমিকাত অবতীৰ্ণ হোৱাৰ উপযুক্ত, যি প্ৰকৃতপক্ষেই স্বামী নিগমানন্দৰ জীৱনত ঘটিছিল। ) এই ধৰণৰ আধ্যাত্মিক অভিজ্ঞতাৰ পূৰ্ব অৰ্জন ব্যতিৰেকে ঈশ্বৰৰ বাবে আৰোপিত উপায় প্ৰেমভক্তি হতাশাজনক হব পাৰে! যি হওক যিসকলে পূৰ্ব জন্মত এই ধৰণৰ উপলব্ধি লাভ কৰিছে তেওঁলোকে এই জন্মত যথেষ্ট শীঘ্ৰে ঐশ্বৰিক ভালপোৱা অৰ্জনত সমৰ্থ হব পাৰে।
যদিও কিছু অন্যান্য সাধু আত্মা/ঈশ্বৰ উপলব্ধিৰ সমভাবে বৈধ মতবাদ বৈচিত্ৰৰ আৰু তাক অৰ্জনৰ বহুবিধ বৈধ পথৰ স্বীকৃতি দিয়ে আৰু প্ৰচাৰ কৰে, স্বামী নিগমানন্দই ঈঙ্গিত কৰে যে আত্মাৰ অখণ্ডতা আৰু অখণ্ড সৰ্বজনীন আত্মাৰ (বা পৰব্ৰহ্মৰ) উপলব্ধি মানব জীৱনৰ প্ৰকৃত আৰু চূড়ান্ত লক্ষ্য হোৱা উচিত।[52]
আৰু সবাতোকৈ আকুলভাবে কামনাকাৰীসকলৰ ক্ষেত্ৰত সেই পথত নেতৃত্ব দান কৰে তেওঁলোকৰ দীক্ষা দানকাৰী আদৰ্শ আধ্যাত্মিক গুৰুৰ (সৎগুৰু) প্ৰতি অকৃত্ৰিম ভক্তিয়ে। গুৰুক ব্যক্তিগত সেৱাদান আৰু প্ৰাৰ্থনা, জপ আৰু সাধাৰণ ধ্যানৰ মাধ্যমেৰে তেখেতৰ অনুগ্ৰহ আবাহন তেওঁলোকৰ বাবে আধ্যাত্মিক অনুশীলনৰ মুখ্য উপায়। এইভাবে এইটো নিশ্চিতভাবে জানে যে তেওঁলোকৰ গুৰু এজন ব্ৰহ্মজ্ঞানী আৰু তেখেতৰ শিক্ষানুযায়ী জীৱন যাপনৰ চেষ্টা কৰি তেওঁলোকে মাত্ৰ অদ্বৈতৰ উপলব্ধি লাভত সমৰ্থ নহ’ব, অধিকন্তু যেতিয়া তেওঁলোকে অন্যসকলৰ আত্মাৰ/ঈশ্বৰৰ উপলব্ধি লাভত সহায় কৰাৰ বাবে তেখেতৰ লীলাত অংশগ্ৰহণ কৰাত সমৰ্থ হ’ব, তেতিয়া কালক্ৰমত তেওঁলোকে তেখেতৰ প্ৰতি তীব্ৰ প্ৰেমৰ কাৰণে স্বৰ্গসুখৰ অভিজ্ঞতা লাভ কৰিব। স্বামী নিগমানন্দৰ অনুগামীসকলৰ মতে তেখেতৰ ভাবাদৰ্শগত আৰু পদ্ধতিগত বাণী শঙ্কৰেৰ মত অৰ্থাৎ জ্ঞান - জ্ঞানেৰ পথ আৰু গৌৰাঙ্গেৰ পথ অৰ্থাৎ ভক্তি - ভক্তিৰ পথ এ তেখেতৰ সকলো লেখাসমূহ সনাতন ধৰ্মত[1] বিৰাজমান সাধনা বা আধ্যাত্মিক অনুশীলনৰ মূলতত্ত্ব আৰু প্ৰায়োগিক পদ্ধতি সম্পৰ্কিত।[1][53]
স্বামী নিগমানন্দই ঈঙ্গিত কৰে যে ঈশ্বৰৰ প্ৰতি চৰ্তহীন ভক্তি আৰু প্ৰেম চৰ্চাকাৰী আৰু প্ৰচাৰকাৰী গৌৰাঙ্গ মহাপ্ৰভুৰ প্ৰদৰ্শিত পথ আছিল অধিকতৰ সংকীৰ্ণ কাৰণ ইয়াত একমাত্ৰ ঈশ্বৰ হিচাপে শ্ৰীকৃষ্ণক নিৰ্দেশ কৰা হৈছে। সেই পথক প্ৰশস্তকৰণ কৰাৰ বাবে স্বামী নিগমানন্দক পৰামৰ্শ দিয়ে গুৰুৱে শ্ৰীকৃষ্ণৰ (বা অন্য যি কোনো দেৱ-দেৱী যাকে প্ৰাৰ্থনাকাৰীসকলে ভালপায়) এজন প্ৰতিমূৰ্তি হিচাপে গ্ৰহণ কৰিবলৈ যি ক্ষেত্ৰ পথপ্ৰদৰ্শক নিজেই তাৰ লক্ষ্যত পৰিণত হয়।
এইভাবে স্বামী নিগমানন্দই দুটি আপাতদৃষ্টিত পৰষ্পৰবিৰোধী ধৰ্মমতৰ সমন্বয়সাধন বিশ্বাসযোগ্যভাবে সূত্ৰবদ্ধ কৰে, এটা বেদান্ত দৰ্শনৰ অদ্বৈত শিক্ষালয়ৰ প্ৰতিষ্ঠাতা মহান শঙ্কৰাচাৰ্যৰ কাৰণে আৰু অন্যটি ভক্ত আৰু ঈশ্বৰৰ মাজত আপাত দ্বৈততাৰ তত্ত্বৰ আৰু অনুশীলনৰ প্ৰবক্তা গৌৰাঙ্গ মহাপ্ৰভুৰ কাৰণে। মুঠৰ ওপৰত স্বামী নিগমানন্দই দেখুৱায় যে ভক্তি আৰু প্ৰেমৰ পথত অভিকাঙ্খীয়ে তেওঁলোকৰ অহং যথেষ্ট পৰিমাণে দমন কৰিব লাগিব বা বশলৈ আনিব লাগিব আৰু অতঃপৰ তেওঁ উন্নীত হ’ব অদ্বৈত অভিকাঙ্খীৰ পৰ্যায়ত যাৰ অহঙে লক্ষ্যত গৈ পোৱাৰ পাছত ইয়াৰ বিশেষত্ব হেৰুৱায় পেলায়। পূৰ্ববৰ্তী ক্ষেত্ৰত স্বকীয় ঈশ্বৰ চেতনাৰ দ্বাৰা ভক্তৰ ব্যক্তিস্বভাব তুচ্ছত পৰিণত হয়, পৰাভূত হয়, য’ত পৰৱৰ্তী ক্ষেত্ৰত অভিকাঙ্খী নৈব্যক্তিক সৰ্বজনীন চেতনাৰ সমুদ্ৰত তেওঁৰ আত্ম-বোধ হেৰুৱায় পেলায়।
স্বামী নিগমানন্দ ভাৰতীয় আৰু বিদেশী উভয় ধৰণৰ বিৰাজমান বিভিন্ন আধ্যাত্মিক মতবাদ বা দৰ্শনৰ প্ৰতি অত্যন্ত সহনশীল আছিল আৰু বিবেচনা কৰিছিল যে সেইবোৰৰ প্ৰত্যেকটোৱেই এটা উদ্দেশ্যকে পূৰণ কৰে আৰু স্তৰীভূত আধ্যাত্মিক উপলব্ধিৰ সম্পূৰ্ণ প্ৰকল্পৰ সৈতে খাপ খায়। তেওঁ দেখুৱায় যে যদিও অদ্বৈত বেদান্ত দৰ্শনৰ মতবাদে পৰম বাস্তবতাক ব্যক্তি-চেতনা আৰু সৰ্বজনীন চেতনাৰ অভেদৰ নিৰিখত বিবেচনা কৰে, এই বস্তুগত সৃষ্টিৰ গঠনক পদ্ধতিগতভাবে ব্যাখ্যা নকৰে যিটো, পক্ষান্তৰত, সাংখ্য দৰ্শনৰ দ্বাৰা ব্যাখ্যাপ্ৰাপ্ত হয়। কিন্তু পাছত উল্লিখিত পৰম বাস্তবতাক বিবেচনা নকৰে। একেইধৰণে খ্ৰীষ্টধৰ্ম য’ত ঈশ্বৰৰ সাধনাৰ উপায় হিচাপে সেৱা আৰু সমৰ্পণৰ ওপৰত জোৰ দিয়া হয়, পূৰ্ব মীমাংসাৰ ভাৰতীয় দৰ্শন তাত ব্যক্তিগত আৰু সমষ্টিগত সুখ লাভৰ বাবে বিভিন্ন ধৰ্মীয় আচাৰানুষ্ঠানৰ পৰামৰ্শ দিয়া হয়।
স্বামী নিগমানন্দৰ দৰ্শনকৃত আৰু ছবিৰ আকাৰে উপস্থাপনকৃত জ্ঞানচক্ৰ[54] ছক (আধ্যাত্মিক সৃষ্টিতত্ত্বেৰ গোলক/বলয়) দি তেওঁ ক্ষুদ্ৰ সৃষ্টি/ মানুহ (দেহ) আৰু মহাবিশ্বৰ মাজত খচিত/আন্তঃবোনা মানব চেতনাৰ বিভিন্ন স্তৰ চিহ্নিত কৰে আৰু বিভিন্ন আধ্যাত্মিক বিন্যাস/ক্ৰমৰ আৰু উপদলৰ অভিকাঙ্খীয়ে শেষ পৰ্যন্ত কোন স্তৰত উপনীত হ’ব পাৰে তাক নিৰ্দেশ কৰে। এই ছকত তেওঁ শ্ৰীকৃষ্ণ আৰু শ্ৰীৰাধাক নিৰ্গুণ ব্ৰহ্ম আৰু সগুণ ব্ৰহ্মৰ[55] মধ্যবৰ্তী ক্ৰান্তিকালত ৰাখে যিটোক তেওঁ কয় যে নিত্য বা ভবলোক।[56] (যোগমায়া এক ধৰণৰ দৈব শক্তি, যি পৃথিৱীত আবদ্ধ আত্মাসমূহক নীৰৱচ্ছিন্নভাবে আকৰ্ষণ কৰে আৰু সেইবিলাকক সত্যৰ পৰম সুখময় প্ৰকৃতি উপলব্ধি আৰু স্বৰ্গীয় ক্ৰীড়াত অংশগ্ৰহণ কৰাত সহায় কৰে। ) এই ধাৰণাক বিবেচনা কৰা হয় স্বামী নিগমানন্দৰ নিজৰ অন্তৰ্দৃষ্টি আৰু অতীন্দ্ৰিয় অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি আধ্যাত্মিক চিন্তাভাবনাৰ ক্ৰমবিকাশৰ দিশত তেখেতৰ এক অনন্য অবদান হিচাপে।
নিগমানন্দৰ অন্যতম গুৰুত্বপূৰ্ণ ধাৰণা আছিল জীৱন্মুক্ত উপাসনা তত্ত্ব যিয়ে সাধকক দ্ৰুত আত্ম-উপলব্ধিৰ পথত চালিত কৰিব পাৰে বুলি তেওঁ বিশ্বাস কৰিছিল।[38][60][61][62]
স্বামী নিগমানন্দৰ মতে, কৰ্ম তিনি প্ৰকাৰৰ যথা: ক্ৰীয়মান, সঞ্চিত, আৰু প্ৰাৰব্ধ। যেতিয়া কোনোবাই তেওঁৰ শ্ৰমৰ ফলত তেওঁৰ জীৱনকালতেই সকলো উপভোগ কৰিব পাৰে, তেতিয়া তাক কোৱা হয় ক্ৰীয়মান; তেওঁৰ শ্ৰমৰ ফল ভোগ কৰাৰ পূৰ্বেই যদি তেওঁৰ মৃত্যু হয়, তেতিয়া তাক কোৱা হয় সঞ্চিত কৰ্ম। পূৰ্ব জন্মৰ সঞ্চিত কৰ্মৰ উদ্বৃত্ত অংশ ভোগ কৰাৰ বাবে যদি তেওঁৰ পুনৰ্জন্ম হয়, তেতিয়া তাক কোৱা হয় প্ৰাৰব্ধ। সাধনাৰ গুণত কোনো কোনোৰ পক্ষে ক্ৰীয়মান আৰু সঞ্চিতৰ প্ৰভাৱ নিজৰ জীৱন পৰা মুচি পেলাব পাৰে কিন্তুপ্ৰাৰব্ধ কৰ্মৰ প্ৰভাৱ মুচি পেলোৱা সম্ভব নহয়। পাৰ্থিৱ উচ্চাকাঙ্ক্ষাৰ দ্বাৰা যেতিয়ালৈকে কোনো ব্যক্তি আকৃষ্ট হৈ থাকে তেতিয়ালৈকে তেওঁ নিশ্চিতভাবে জন্ম-মৃত্যুৰ অন্তহীন ভ্ৰমণ গ্ৰহণ কৰিব লগাত পৰে। জীবাত্মাই কেতিয়াবা কেতিয়াবা নাক্ষত্ৰিক জগতত ভ্ৰমণ কৰাৰ বাবে স্থূল দেহ ত্যাগ কৰে যাক কোৱা হয় প্ৰেত লোক। ইয়াৰ কৰ্মৰ প্ৰভাৱৰ মাজেৰে যোৱাৰ পাছত এই স্থূল দেহৰ সৈতে স্থূল জগতলৈ উভতি আহে তেওঁৰ অতিৰিক্ত বাসনাসমূহ যিবোৰ তেওঁৰ পূৰ্ব জন্মত আছিল তাক পূৰণ কৰাৰ বাবে। এই কামত অজ্ঞ হৈ কিভাবে ই এক জগতৰ পৰা অন্য এক জগতত চলাফুৰা কৰে সেইয়া এক বৃহত্ ৰহস্যৰ বিষয়। যোগীসকলে এই ৰহস্য স্পষ্টভাবে হৃদয়ঙ্গম বা প্ৰত্যক্ষ কৰিব পাৰে আৰু জীৱৰ পূৰ্ব সংস্কাৰ সম্পৰ্কে কব পাৰে।[63][64][65][66]
মৃত্যুৰহস্যৰ বিষয়ে স্বামী নিগমানন্দৰ অন্তৰ্দৃষ্টি তেওঁলোকৰ বাবে সৎগুণ আৰু ন্যায়ৰ পথত খোজকঢ়া আৰু সামান্যতম ভয় নোহোৱাকৈ মৃত্যুৰ ৰুদ্ৰমূৰ্তিক সম্মুখীন হবলৈ এক পথনিৰ্দেশিকা হিচাপে পোৱা যাব।
স্বামী নিগমানন্দই কয় যে প্ৰত্যকেই সকলো সময়তে মনত ৰখা উচিত যে তেৱোঁ এদিন মৃত্যুবৰণ কৰিব লাগিব। আমি নাজানো কোন মুহূৰ্তত মৃত্যুৱে আমাক সাক্ষাৎ দিব। ভাল বা বেয়া কাম কৰাৰ পূৰ্বে এইটোও মনত ৰখা উচিত যে তেৱোঁ এদিন মৃত্যুবৰণ কৰিব আৰু সেই দিন খুব বেছি দূৰত নাই। মৃত্যুৱে তেওঁৰ মনৰ পৰা ইন্দ্ৰিয় সুখ আৰু বেয়া চিন্তাৰ বাবে দুশ্চিন্তা দূৰ কৰিব। যদি তেওঁ এই ধৰণে চিন্তা কৰে তেতিয়া মানুহে দুখীয়াৰ ওপৰত কোনো ধৰণৰ অন্যায় কাম কৰাৰ পৰা বিৰত থাকিব। সম্পদ আৰু সম্পৰ্কই তেতিয়া মানুহৰ অনুভূতিৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰাত ব্যৰ্থ হ’ব। সকলো পাৰ্থিৱ বিষয়সমূহ যাৰ সৈতে তেওঁ সংযুক্ত সেইবোৰ তেওঁৰ এই পৃথিৱী ত্যাগৰ পাছতো একেই হৈ থাকিব। কেৱলমাত্ৰ আধ্যাত্মিক সম্পদ যাক তেওঁ জীৱনকালত অৰ্জন কৰিছে তাকহে ব্যক্তিৰ সম্পদ হিচাপে পোৱা যাব। যিসকলে তেওঁলোকৰ বুদ্ধিৰ জোৰত সম্পদ আৰু জ্ঞান অৰ্জন কৰিছে আৰু সেই কাৰণত অহংকাৰত উফন্দি পৰিছে তেওঁলোকে মৃত্যুৰ ঈশ্বৰৰ কাষত নম্ৰভাবে আত্মসমৰ্পণ কৰিব যেতিয়া তেওঁৰ নিৰ্দিষ্ট মুহূৰ্ত আহিব। তেওঁলোকৰ মৃত্যুত উল্লসিত হৈ কিছু অবিবেচক মানুহে তেওঁলোকৰ সহ-ভ্ৰাতৃগণৰ সৈতে দুৰ্ব্যবহাৰ কৰি সকলো পাহৰি যায় যে যথাসময়ত সুত-সহিত তেওঁলোকৰো একেই দশা হব। তেওঁলোকৰ বাবেও সেই দিনে অপেক্ষা কৰি আছে যেতিয়া তেওঁলোকে জনশূন্য শ্মশান ভূমিত পৰিত্যক্ত হ’ব আৰু তাৰ জীব-জন্তুৱে তেওঁৰ অস্থি-চৰ্ম-মাংস লৈ আনন্দেৰে ভোজ কৰাৰ বাবে অপেক্ষা কৰিব। তেওঁলোকৰ জড় অচেতন দেহ সেই সকলো প্ৰাণীৰ কাষত নীৰৱ আত্মসমৰ্পণৰ বাবে পৰি থাকিব। যদি তেওঁ এই ধৰণৰ চিন্তা ভাবনা কৰে তেতিয়া সকলো বেয়া চিন্তা তেওঁ মনৰ পৰা দূৰ হ’ব। যিসকল জীৱনৰ সত্যৰ প্ৰতি অন্ধ আৰু সাময়িক পাৰ্থিৱ আনন্দত নিজক নিমজ্জিত কৰিছে তেওঁলোক তেওঁলোকৰ জীৱনৰ গতি পৰিবৰ্তন কৰাত সমৰ্থ হ’ব যদিহে পূৰ্বোক্ত শাৰীসমূহ তেওঁলোকৰ মনত থাকে। তোমালোকৰ যিসকলে সত্যৰ কামত যথেষ্ট জ্ঞানী আৰু সতৰ্ক হৈছা তেওঁলোকে মৃত্যুৰ কাষত ভীত নহবা আৰু তোমালোকে এইটোক উচ্চতৰ জগতৰ উত্তৰণ হিচাপে গ্ৰহণ কৰিবা।[61][67]
নিগমানন্দ আশ্ৰম (কোচবিহাৰ) জিলাৰ (দিনহাটাৰ)[ নিগমনগৰ] ত অৱস্থিত। ঠাকুৰ নিগমানন্দ আশ্ৰম আৰু নামানুসাৰে পৰৱৰ্তী কালত সেই এলেকাৰ নাম হয় নিগমনগৰ। ঠাকুৰৰ নামত পৰৱৰ্তী কালত স্কুল কলেজৰো নাম ৰখা হয়। ২০১২ চনত ঠাকুৰ নিগমানন্দৰ পুনৰায় প্ৰতিষ্ঠা কৰা হয় মন্দিৰত।
১৩১২ বঙ্গাব্দ, নিগমানন্দই অসমৰ (বৰ্তমান মেঘালয়) গাৰোহিলত এখন যোগ আশ্ৰম প্ৰতিষ্ঠা কৰে।[68]
স্বামী নিগমানন্দই শিৱসাগৰ জিলাৰ যোৰহাটত এটুকুৰা মাটি লয় আৰু ১৩১৯ বঙ্গাব্দৰ (১৯১২ চনত) বহাগ মাহৰ অক্ষয়া তৃতীয়াত তাত এখন আশ্ৰম প্ৰতিষ্ঠা কৰে।[3] এইখনক বোলা হৈছিল "শান্তি আশ্ৰম" বা সাৰস্বত মঠ, যিখন পৰৱৰ্তীকালত আসাম-বঙ্গীয় সাৰস্বত মঠ নামেৰে পৰিচালিত হৈ আহিছে।[69] মঠৰ উদ্দেশ্য/ব্ৰত আছিল সনাতন ধৰ্মৰ ব্যাপকভাবে প্ৰচাৰ, প্ৰকৃত শিক্ষা বিস্তাৰ আৰু সকলোকে ঈশ্বৰৰ প্ৰতিমূৰ্তি হিচাপে সেৱা কৰা।
সাৰস্বত মঠ যোৰহাটৰ ছয় মাইলৰ মাজত এক অপৰূপ তৃণভূমিৰ কোলাত আশ্ৰিত আছিল। মঠৰ এপাশে আছিল এখন উপজাতীয় গাঁও আৰু ইয়াৰ তিনি দিশে গভীৰ বনে আগুৰা আছিল। মৰিয়ানি-যোৰহাট ৰেলপথ উপজাতীয় গাঁওখনৰ মাজেৰে কোকিলামুখ পৰ্যন্ত গৈছে। হিমালয় পৰ্বতমালা এই ঠাইৰ উত্তৰে, উদয়গিৰি পূৰ্বে আৰু নগা পৰ্বত দক্ষিণলৈ অৱস্থিত। আশ্ৰমৰ দৃশ্যই প্ৰাচীনকালৰ আশ্ৰমৰ দৃশ্যলৈ মনত পেলাই দিয়ে। পাশ্বৱৰ্তী জঙ্গল আৰু ঠাইখনৰ নিৰ্জনতা ধ্যানৰ অত্যন্ত অনুকূল আছিল। ধৰ্মগ্ৰন্থ পাঠ আৰু ধ্যানৰ সৈতে জীৱ-জন্তু পশুগণ চৰোৱা, ঘাঁহ খুওৱা আৰু এইবোৰৰ বাবে শুকান খাদ্য সংগ্ৰহ আছিল আশ্ৰমৰ ব্ৰহ্মচাৰীসকলৰ ওপৰত অৰ্পিত কাম। স্বামী নিগমানন্দৰ দ্বাৰা সম্পাদিত "সাৰস্বত গ্ৰন্থাবলী"ৰ কাম এই মঠৰ প্ৰেচত প্ৰকাশিত হৈছিল। আৰ্য দৰ্পণ নামেৰে ধৰ্মীয় মাহেকীয়া আলোচনী এখনো মুদ্ৰিত হোৱা অব্যাহত আছিল। ইয়াৰ বাদেও প্ৰতিষ্ঠানটোকে স্বয়ংসম্পূৰ্ণ কৰাত আশ্ৰমতে মুদ্ৰণ, আৰু অন্যান্য শিল্প যেনে কাঠৰ কাম, কমাৰৰ কাম আৰু হস্তচালিত তাঁত বোৱাৰ ব্যাৱস্থা কৰা হৈছিল। দাতব্য ঔষধালয়টো মঠৰ এটা গুৰুত্বপূৰ্ণ বিভাগত পৰিণত হৈছিল য’ত দুখীয়া ৰোগীসকলক ঔষধসহ চিকিৎসা সেৱা দিয়া হৈছিল। ছাত্ৰসকলৰ যোগ শিক্ষা দিয়াৰ বাবে ঋষি বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে।[27][70][71][72]
স্বামী নিগমানন্দই মহান শঙ্কৰাচাৰ্যৰ আদেশত "সৰস্বতী"ৰ ঐতিহ্যত তেখেতৰ দহ জন ধৰ্মপ্ৰাণ শিষ্যক সন্ন্যাসত দীক্ষা দিয়ে, যিসকলৰ মাজত কনিষ্ঠতম আছিল "স্বামী নিৰ্বাণানন্দ সৰস্বতী" (এজন বিদ্বান, পণ্ডিত, দাৰ্শনিক আৰু লেখক যি পাছত অনিৰ্বাণ হিচাপে বিখ্যাত হয়) আৰু "স্বামী প্ৰজনানন্দ সৰস্বতী"। স্বামী প্ৰজনানন্দক সাৰস্বত মঠ আৰু আশ্ৰম প্ৰতিষ্ঠানসমূহৰ ট্ৰাষ্টি আৰু মোহন্ত হিচাপে শপত পাঠ কৰায়[73] স্বামী নিগমানন্দই অৱসৰ লয় আৰু ১৯৩৫ চন পৰ্যন্ত পুৰীত নীলাচল কুটিৰত কেইবাবছৰো ধৰি বসবাস কৰে।
১৩১৯ বঙ্গাব্দত (১৯১২ চনত) স্বামী নিগমানন্দৰ দ্বাৰা প্ৰতিষ্ঠিত এই প্ৰতিষ্ঠান (শান্তি আশ্ৰম) বা "সাৰস্বত মঠে" ১৪১৮ বঙ্গাব্দৰ বহাগ মাহৰ অক্ষয়া তৃতীয়াত (২০১১ চনৰ ৬ মেত) ইয়াৰ জীৱনৰ এশ বছৰ সম্পূৰ্ণ কৰে। স্বামী নিগমানন্দৰ উক্তি নিম্নৰূপৰ আছিল:
এই শান্তি আশ্ৰম মোৰ সমগ্ৰ জীৱনৰ সাধনা আৰু প্ৰচেষ্টাৰ ফল; এই আশ্ৰমৰ সৈতে তুলনা কৰিলে মোৰ জীৱনক যতসামান্য গুৰুত্বপূৰ্ণ বুলি মনলৈ ভাব আহিব পাৰে—মই মোৰ জীৱনক এই আশ্ৰমৰ বাবে শতবাৰ উৎসৰ্গ কৰিব পাৰোঁ। মোৰ একমাত্ৰ প্ৰত্যাশা এইয়াই যে এই আশ্ৰমৰ পৰা উপযুক্ত সময়ত শত শত নিগমানন্দ ওলায় আহক। মোৰ শিষ্যগণ, তোমালোকেই মোৰ এই আশ্ৰমৰ ৰক্ষক, আৰু মই আশা কৰোঁ যে তোমালোকৰ কোনেও যেন মোৰ এই আত্মা-সদৃশ আশ্ৰমক অৱহেলা নকৰা, আৰু ঠিক তেনেকৈয়ে মোৰ মৃত্যুৰ কাৰণো নোহোৱা। - স্বামী নিগমানন্দ[74]
স্বামী নিগমানন্দই গুৰু ব্ৰহ্ম আশ্ৰম প্ৰতিষ্ঠা কৰে য’ত যি কোনো বিশ্বাসৰ ব্যক্তিবৰ্গই তেওঁলোকৰ নিজস্ব পথত ঈশ্বৰৰ আৰাধনা কৰিব পাৰে। তেওঁ অবিভক্ত বাংলাৰ পাঁচটা ভাগত পাঁচখন আশ্ৰম প্ৰতিষ্ঠা কৰে: বাংলাদেশৰ কুমিল্লাৰ ময়নামতিত "পূৰ্ব বাংলা সাৰস্বত আশ্ৰম", বাংলাদেশৰ ঢাকাৰ কালনিত "মধ্য বাংলা সাৰস্বত আশ্ৰম", বগুড়াত "উত্তৰ বাংলা সাৰস্বত আশ্ৰম", মেদিনীপুৰৰ খৰখুসামাত "পশ্চিম বাংলা সাৰস্বত আশ্ৰম" আৰু ২৪ পৰগণাৰ হালিচহৰত "দক্ষিণ বাংলা সাৰস্বত আশ্ৰম"।[27] তেওঁ অনেক আশ্ৰম প্ৰতিষ্ঠা কৰে আৰু গুৰু-শিষ্য ঐতিহ্যত হাজাৰ হাজাৰ শিষ্য তৈয়াৰ কৰে।[75] অসমৰ যোৰহাটৰ কোকিলামুখত স্বামী নিগমানন্দই ১৯১৫ চনত জগৎ গুৰু আসন সংস্থাপন কৰে।[76]
স্বামী নিগমানন্দই তেখেতৰ কামাৰ পৰা অৱসৰ লয় আৰু ওড়িশাৰ পুৰীৰ নীলাচল কুটিৰত বসবাস কৰে। পুৰী চাৰি ধাম তীৰ্থযাত্ৰাৰ অংশ হিচাপে হিন্দুসকলৰ এখন পবিত্ৰ চহৰ যি ভগৱান জগন্নাথৰ চহৰ হিচাপেও পৰিচিত। স্বামী নিগমানন্দই বিশ্বাস কৰিছিল যে ভগৱান জগন্নাথ হৈছে "সত্যৰ প্ৰতীক" কাৰণ ওড়িশাৰ পুৰীৰ ভগৱান জগন্নাথৰ ধৰ্মানুষ্ঠানসমূহৰ মাজত সাংস্কৃতিক সত্যতা, একতা আৰু অখণ্ডতা মূৰ্ত/অন্তৰ্ভুক্ত কৰে।[77][78] তেওঁ তেখেতৰ জীৱনৰ বাকী ১২ বছৰ পুৰীত অতিবাহিত কৰে।
২৪ আগষ্ট ১৯৩৪ (শুক্ৰবাৰ), শ্ৰাবণ পূৰ্ণিমা দিৱস, নীলাচল সাৰস্বত সংঘ স্বামী নিগমানন্দৰ নিজৰ দ্বাৰা পুৰীত নীলাচল কুটিৰত প্ৰতিষ্ঠিত হৈছিল।[79][80][81] ওড়িশাৰ ভক্তবৃন্দই তেখেতৰ জন্মদিন উদ্যাপন কৰিবলৈ তাত একত্ৰিত হয়। তেওঁ তেওঁলোকৰৰ মাজত এটা ধৰ্মীয় বৃত্ত গঠনৰ উপদেশ দিয়ে। তেখেতৰ ইচ্ছানুসৰি কিছু ভক্তই ধৰ্মীয় আলোচনাৰ বাবে এখন সমিতি বা সংসদৰ আৰম্ভ কৰে আৰু গ্ৰুপভিত্তিক আলোচনা আৰু উপাসনাৰ পৰ্যায়ক্ৰমিক বৃদ্ধিৰ দ্বাৰা "নীলাচল সাৰস্বত সংঘ" (সংঘ)[81] আৰম্ভ হয়, তিনিটি উদ্দেশ্য পূৰণৰ বাবে, (১) আদৰ্শ গৃহস্থ জীৱন যাপন, (২) মিলিত শক্তি প্ৰতিষ্ঠা আৰু (৩) ভাব বিনিময়।[48][82]
বৰ্তমানে ভাৰতৰ কিছু ঠাইত স্বামী নিগমানন্দৰ অনুগামীসকলৰ দ্বাৰা যোগ, শিক্ষা আৰু দৰ্শনৰ কিছু প্ৰতিষ্ঠান পৰিচালিত হৈছে।
আধ্যাত্মিক পুস্তক আৰু সাময়িকী সমূহ: সাৰস্বত গ্ৰন্থাৱলী আৰু আৰ্য দৰ্পণ আছিল সত্যানুৰাগীসকলৰ বাবে তেখেতৰ অৱদান।
সাৰস্বত গ্ৰন্থাৱলী
কেৱল পাঠগত উৎসৰ ভিত্তিতেই নহয় বৰং তেখেতৰ প্ৰথম ফালৰ অভিজ্ঞতাৰ ভিত্তিত নিগমানন্দই লিখা বিখ্যাত গ্ৰন্থসমূহ হৈছে "ব্ৰহ্মচৰ্য সাধন", "যোগী গুৰু", "তান্ত্ৰিক গুৰু", "জ্ঞানীগুৰু" আৰু "প্ৰেমিক গুৰু" যিবোৰ সনাতন ধৰ্মত বিদ্যমান মৌলতত্ত্ব আৰু সাধনা বা আধ্যাত্মিক অনুশীলনৰ প্ৰায় সকলো বাস্তৱ পদ্ধতি সম্পৰ্কিত।[17][83][84][85] এৰ অব্যবহিত পৰেই তেখেতৰ পৰ পৰ লেখা "মায়েৰ কৃপা"[86], "বেদান্ত বিবেক" আৰু "তথ্যমালা" আধ্যাত্মিক জগতত তেখেতৰ গুৰুত্বপূৰ্ণ অৱদান।
আৰ্য দৰ্পণ
যৌক্তিক ভিত্তি বিবৰ্জিত সংকীৰ্ণ ধৰ্মীয় বিশ্বাসৰ দ্বাৰা ভ্ৰান্ত পথত চলিত হোৱা প্ৰবণ জনগণৰ মাজতো-উপদলীয় আধ্যাত্মিক জ্ঞান বিতৰণৰ উদ্দেশ্যে তেওঁ আৰ্য দৰ্পণ[87] নামৰ এক মাহেকীয়া আলোচনীও প্ৰকাশ কৰে।
এই আলোচনীত তেওঁ ধৰ্মীয় আৰু ধৰ্মগ্ৰন্থ সম্পৰ্কিত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত অনেক ৰচনা লিখে। নিগমানন্দৰ অনুগামীসকলে ঘোষণা কৰিছে যে পৃথিৱীৰ যি কোনো বিশ্বাসৰ অনুগামীসকলৰ কাষত এই গ্ৰন্থসমূহ যথেষ্ট উপকাৰী আৰু যদি যত্ন সহকাৰে সেইবোৰত বৰ্ণিত বিষয়সমূহ চৰ্চা কৰা হয় তেতিয়াহ’লে সেইবোৰে আধ্যাত্মিক সাধনাত যি কোনো মানুহকে সুনিৰ্দিষ্ট সাফল্যত উপনীত কৰাই দিব। এই সকলো গ্ৰন্থ বাংলাৰ পৰা ওড়িয়া ভাষালৈ অনুবাদ কৰে এজন ওড়িয়া সাহিত্য পুৰস্কাৰ বিজয়ী ব্যক্তিত্ব আৰু ঠাকুৰৰ শিষ্য শ্ৰী ডি সি মোহান্তিয়ে, পুৰী (শ্ৰী দুৰ্গা চৰণ মোহান্তি)।[88] যিহেতু স্বামী নিগমানন্দই এক দীঘলীয়া আৰু অব্যাহত অনুসন্ধানৰ মাজেৰে তেখেতৰ গুৰুক আবিষ্কাৰ কৰিছিল, তেখেতৰ অনেক শিষ্যয়ো তেওঁক বিচাৰি পাবলৈ সেই একেই নিয়ম অনুসৰণ কৰিছিল। এই ধৰণৰ কিছু সংখ্যক গল্প তেখেতৰ শিষ্যসকলৰ দ্বাৰা বৰ্ণিত হৈছে।[32][89][90]
বিভিন্ন উপাসনা উপদলসমূহক শক্তিশালী, জীৱনত গুৰু থকাৰ প্ৰয়োজনীয়তা আলোচনা, আশ্ৰমত থকা সন্ন্যাসীসকলৰ কল্যাণ পৰ্যালোচনা, সামগ্ৰিকভাবে তেওঁলোকৰ আৰু আশ্ৰমৰ সমস্যাসমূহ সমাধানত সহায়, বিদ্যালয় বা সম্প্ৰদায়ৰ বাবে সমাজসেৱামূলক কাম আৰু পৰিশেষত সৰ্বজনীন আধ্যাত্মিক জীৱনৰ সমসাময়িক সমস্যাসমূহৰ ওপৰত আলোকিত বক্তাসকলৰ বক্তৃতা শ্ৰবণত আধ্যাত্মিক সভা আয়োজন কৰাৰ বাবে স্বামী নিগমানন্দই গৃহস্থ আৰু সন্ন্যাসী উভয় ধৰণৰ ভক্তৰ বাৰ্ষিকভাবে এক সন্মিলনত মিলিত হোৱাৰ আহ্বান কৰে যাক কোৱা হয় ভক্ত সম্মিলনী।[51] নিগমানন্দই কয় যে এই সকলো কাৰ্যক্ৰমৰ উদ্দেশ্য হ’ল শিষ্যসকলক আধ্যাত্মিকভাবে অগ্ৰসৰ হোৱাত সহায় কৰা যাতে তেওঁলোকে জীৱনত শান্তি আৰু সত্যৰ সুখ লাভ কৰিব পাৰে।[1] নিগমানন্দই পৃথিৱীৰ মঙ্গলাৰ্থে এই সম্মিলনী সম্পৰ্কে কিছু স্পষ্ট নীতি-নিয়ম ৰাখি গৈছে।
তেওঁ এই সম্মিলনীক দুটা অংশত বিভক্ত কৰে: এটা হৈছে সাৰ্বভৌম (দেশব্যাপী) ভক্ত সম্মিলনী আৰু আণ্টো হৈছে প্ৰাদেশিক (ৰাজ্যব্যাপী) ভক্ত সম্মিলনী।
স্বামী নিগমানন্দই ১৯১৫ চনত অসমৰ যোৰহাটৰ কোকিলামুখত প্ৰথম সাৰ্বভৌম ভক্ত সম্মিলনীৰ আৰম্ভ কৰে।[1]
১৯৩৪ চনতৰ সাৰ্বভৌম ভক্ত সম্মিলনীত স্বামী নিগমানন্দই প্ৰতিনিধি হিচাপে তেখেতৰ সকলো শিষ্যকেই আমন্ত্ৰণ জনায় আৰু পুৰীত পৰৱৰ্তী সাৰ্বভৌম ভক্ত সম্মিলনীৰ আহ্বান কৰে।
প্ৰথম প্ৰাদেশিক সম্মিলনী ১৯৪৭ চনত "নীলাচল সাৰস্বত সংঘ, পুৰী"ৰ দ্বাৰা ওড়িশাৰ গঞ্জাম জিলাৰ আঙ্কোলিত মঘাৰ পূৰ্ণিমাত অনুষ্ঠিত হয় য’ত প্ৰায় ৬০ জন ভক্তৰ সমাবেশ ঘটে।[91]
সম্মিলনীত ভক্তসকলৰ আগমণত উপচি পৰা স্বৰ্গসুখৰ অনন্ত প্ৰস্ৰবণৰ পৰা স্বৰ্গীয় সুখ উপভোগ কৰাত স্বামী নিগমানন্দই তেখেতৰ সন্তানসকলৰ (শিষ্যসকলৰ আৰু ভক্তসকলৰ) প্ৰত্যেককে তেখেতৰ উষ্ণ আৰু আন্তৰিক আমন্ত্ৰণ জনাইছিল। সম্মিলনীত আনন্দেৰ প্লাবন উপচি পৰে আৰু অংশগ্ৰহণকাৰীসকল ইয়াৰ অংশীদাৰ হয়। বাৰ্ষিক সম্মিলনী তেখেতৰ হৃদয়ৰ খুব প্ৰিয় আছিল আৰু ভক্তসকলৰ সকলোৱেই ইয়াত শিষ্যসকলৰ সৈতে মিলিত হোৱাত তেখেতৰ আনন্দ উপলব্ধি কৰিছিল।
তেওঁ কয়:
মোৰ ভক্তসকল সম্পূৰ্ণভাবে অবগত যে বছৰত এবাৰ খ্ৰীষ্টমাসত এই সম্মিলনীত তেওঁলোকক সমবেত হোৱা দেখি মই আনন্দিত। এই ধৰণৰ সমাবেশে মঠসমূহক বিখ্যাত কৰিব আৰু পৃথিৱীৰ বাবে সাধাৰণভাবে মঙ্গল বোৱাই আনিব। - স্বামী নিগমানন্দ[92]
স্বামী নিগমানন্দই বাৰ্ষিক সম্মিলনীত মহিলা শিষ্যসকলৰ বাবে এটা ভিন্ন উপাসনা দিৱসৰ সূচনা কৰিছিল য’ত তেওঁলোকে নিজৰ মাজতেই অংশগ্ৰহণ আৰু তেওঁলোকৰ দৃষ্টিভঙ্গি বিনিময় কৰিব পাৰিছিল।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.