শিৱ পুৰাণ

From Wikipedia, the free encyclopedia

শিৱ পুৰাণ
Remove ads

শিৱপুৰাণ হিন্দু ধৰ্মৰ সংস্কৃত গ্ৰন্থৰ পুৰাণ ধাৰাৰ আঠাইশখন প্ৰধান গ্ৰন্থৰ ভিতৰত অন্যতম। এই পুৰাণখন শৈৱবাদৰ সাহিত্যৰ অংশ।[1] ই মূলতঃ হিন্দু দেৱতা শিৱ আৰু দেৱী পাৰ্বতীৰ ওপৰত কেন্দ্ৰীত। সেয়ে হ'লেও ই সকলো দেৱতাৰ উল্লেখ আৰু শ্ৰদ্ধা কৰিছে।[2][3][4]

অধিক তথ্য হিন্দু ধৰ্ম ...

শিৱপুৰাণে দৃঢ়তাৰে কয় যে ই এসময়ত বাৰখন সংহিতাত উল্লেখ কৰা এক লাখ পদেৰে গঠিত আছিল। অৱশ্যে পুৰাণত আৰু কোৱা হৈছে যে ৰোমাহৰ্ষণক শিকোৱাৰ আগতে ব্যাস ঋষিয়ে ইয়াক সংক্ষিপ্ত কৰিছিল।[1] বৰ্তমানে থকা পাণ্ডুলিপিসমূহ বহুতো ভিন্ন সংস্কৰণ আৰু বিষয়বস্তুত বিদ্যমান।[5] এটা ডাঙৰ সংস্কৰণত সাতটা খণ্ড (দক্ষিণ ভাৰত) থকাৰ বিপৰীতে আন এটাত ছটা খণ্ড আছ। আনহাতে তৃতীয় সংস্কৰণটোত ভাৰতীয় উপমহাদেশৰ মধ্যযুগীয় বংগ অঞ্চলত পোৱা গৈছে য'ত পূৰ্ব-খণ্ড (পূৰ্বৰ খণ্ড) আৰু উত্তৰ-খণ্ড (পৰৱৰ্তী অংশ) নামৰ দুটা বৃহৎ খণ্ড পোৱা গৈছে।[1][6] প্ৰথম সংস্কৰণ দুটাত কিছুমান খণ্ডৰ শিৰোনাম একে আৰু আন কিছুমানৰ শিৰোনাম ভিন্ন।[1] হিন্দু সাহিত্যৰ অন্যান্য পুৰাণৰ দৰেই শিৱপুৰাণ সম্ভৱতঃ এনে এক গ্ৰন্থ আছিল যাক দীৰ্ঘ সময়ৰ বাবে নিয়মিতভাৱে সম্পাদনা, পুনৰ্গঠন আৰু সংশোধন কৰা হৈছিল।[7][8] ক্লাউছ ক্লষ্টাৰমেয়াৰে অনুমান কৰিছে যে ইয়াৰ আটাইতকৈ পুৰণি পাণ্ডুলিপিটো সম্ভৱতঃ খ্ৰীষ্টীয় দশমৰ পৰা একাদশ শতিকাৰ আশে-পাশে ৰচনা কৰা হৈছিল।[9][4] বৰ্তমান বিদ্যমান শিৱপুৰাণৰ পাণ্ডুলিপিৰ কিছুমান অধ্যায় সম্ভৱতঃ চতুৰ্দশ শতিকাৰ পিছত ৰচনা কৰা হৈছিল।[6]

শিৱপুৰাণত শিৱকেন্দ্ৰিক ব্ৰহ্মাণ্ডবিজ্ঞান, পৌৰাণিক কাহিনী, দেৱতাৰ মাজৰ সম্পৰ্ক, নৈতিকতা, যোগ, তীৰ্থ স্থান, ভক্তি, নদী আৰু ভূগোল আদি বিষয়ৰ অধ্যায় আছে।[10][2][11] এই গ্ৰন্থখন খ্ৰীষ্টীয় ২য় সহস্ৰাব্দৰ আৰম্ভণিতে শৈৱ ধৰ্মৰ আঁৰৰ বিভিন্ন প্ৰকাৰ আৰু ধৰ্মতত্ত্বৰ ঐতিহাসিক তথ্যৰ এক গুৰুত্বপূৰ্ণ উৎস।[12] শিৱপুৰাণৰ আটাইতকৈ পুৰণি তথা বিদ্যমান অধ্যায়সমূহত উল্লেখযোগ্য অদ্বৈত বেদান্ত দৰ্শন আছে,[6] আৰু ই ভক্তিৰ ঈশ্বৰবাদী উপাদানসমূহৰ সৈতে মিশ্ৰিত হৈ আছে।[13]

ঊনবিংশ আৰু বিংশ শতিকাত বায়ুপুৰাণক কেতিয়াবা শিৱপুৰাণ বুলিও আখ্যা দিয়া হৈছিল। কোনো কোনো সময়ত ইয়াক সম্পূৰ্ণ শিৱপুৰাণৰ অংশ হিচাপে প্ৰস্তাৱিত কৰা হৈছিল।[14] অধিকসংখ্যক পাণ্ডুলিপিৰ আৱিষ্কাৰৰ লগে লগে আধুনিক পণ্ডিতসকলে দুয়োখন গ্ৰন্থক পৃথক বুলি গণ্য কৰে।[1] বায়ুপুৰাণক খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ আগৰ কোনোবা এটা সময়ত ৰচিত অধিক পুৰণি গ্ৰন্থ হিচাপে গণ্য কৰা হয়।[12][15][16] কিছুসংখ্যক পণ্ডিতে ইয়াক মহাপুৰাণ বুলি তালিকাভুক্ত কৰিছে। আনহাতে কিছুসংখ্যকে ইয়াক উপপুৰাণ বুলি উল্লেখ কৰিছে।[6][17]

Remove ads

তাৰিখ

শিৱপুৰাণৰ তাৰিখ আৰু লেখকৰ বিষয়ে জানিব পৰা হোৱা নাই। এই বিষয়ে কোনো প্ৰামাণিক তথ্য উপলব্ধ নহয়। ক্লষ্টাৰমেয়াৰৰ লগতে হাজৰাৰ দৰে পণ্ডিতসকলে অনুমান কৰিছে যে বৰ্তমানে বৰ্তি থকা থকা পাণ্ডুলিপিখনৰ আটাইতকৈ পুৰণি অধ্যায়বোৰ সম্ভৱতঃ খ্ৰীষ্টীয় ১০ৰ পৰা ১১ শতিকাৰ আশে-পাশে ৰচনা কৰা হৈছে। ই কাৰ্বন ডেটিং প্ৰযুক্তিৰ পৰীক্ষাত থিয় দিব পৰা নাই বাবে ইয়াক কেতিয়া ৰচনা কৰা হৈছিল তাৰ তথ্য জানিবৰ বাবে পুথিখনত উল্লিখিত কথাৰ ওপৰতে নিৰ্ভৰ কৰিবলগা হয়।[9][4] বৰ্তমান উপলব্ধ শিৱপুৰাণৰ পাণ্ডুলিপিসমূহৰ কিছুমান গ্ৰন্থ আৰু অধ্যায় সম্ভৱতঃ পিছলৈ ৰচনা কৰা হৈছিল। ইয়াৰে কিছুমান চতুৰ্দশ শতিকাৰ পিছত কৰা ৰচনা।[6] হিন্দু সাহিত্যৰ অন্যান্য পুৰাণৰ দৰেই শিৱপুৰাণতো শতিকাজুৰি নিয়মিতভাৱে সম্পাদনা, পুনৰ্গঠন আৰু সংশোধন কৰা হৈছিল।[7][8]

হাজৰাই কৈছে যে ১৯ শতিকাত প্ৰকাশিত বোম্বে পাণ্ডুলিপিখন বিৰল, আৰু সম্ভৱতঃ পূব আৰু দক্ষিণ ভাৰতৰ পৰা প্ৰকাশিত অন্যান্য সংস্কৰণতকৈ পুৰণি।[18]

Remove ads

বিভিন্ন পাণ্ডুলিপি

এই গ্ৰন্থখনৰ একাধিক সংস্কৰণ আছে। ১৮৯৬ চনত কলিকতাৰ বঙাবাসী প্ৰেছৰ দ্বাৰা প্ৰকাশিত বোম্বাই ১৮৮৪ চনৰ পাণ্ডুলিপিৰ পৰ্যালোচনাত ছটা সংহিতা (অংশ) আছে:[19]

অধিক তথ্য #, সংহিতা ...

তথ্য সংগ্ৰহ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads