ডিমাছা ভাষা

চীনা-তিব্বতীয় ভাষা From Wikipedia, the free encyclopedia

Remove ads

ডিমাছা ভাষা‌ (ইংৰাজী: Dimasa Language) ভাৰতঅসম বিভিন্ন ঠাইত যেনে, নগাঁও, কাৰ্বি আংলং, ডিমা হাচাও আৰু নাগালেণ্ড ৰাজ্যৰ ডিমাছা জনগোষ্ঠী সকলৰ মাতৃভাষা। ডিমাছাসকল ঘাইকৈ ডিমা হাচাও (পূৰ্বৰ উত্তৰ কাছাৰ) জিলাত বাস কৰে৷ ডিমাছাসকল অসমৰ আদিম অধিবাসীসকলৰ অন্যতম৷ ডিমাছাসকল তিব্বত-বৰ্মী শাখাৰ বড়োসকলৰ সৈতে প্ৰায় একেধৰণৰ ফৈদ। 'ডিমাছা' শব্দৰ অৰ্থ হৈছে 'ডি : পানী, মা : বৃহৎ, ছা : সন্তান' অৰ্থাৎ ডাঙৰ নৈৰ সন্তান।[1] আদিতে ডিমাছাসকল দিখৌ আৰু ধনশিৰি নৈৰ মাজত বাস কৰিছিল। পাছত ৰাজনৈতিক কাৰণত তেওঁলোক তাৰ পৰা উঠি গৈ উত্তৰ কাছাৰ জিলাত বসবাস কৰিবলৈ লয়।[2][3]

ক্ষিপ্ৰ তথ্য ডিমাছা ভাষা, উচ্চাৰণ ...
Remove ads

ডিমাছা ভাষাৰ বৈশিষ্ট্য

ডিমাছাসকলে কোৱা ডিমাছা ভাষাৰ নিজা লিপি নাই। ডিমাছা ভাষা তিব্বত-বৰ্মী ভাষা ফৈদৰ৷ তিব্বত বৰ্মী ভাষাসমূহৰ কিছুমান উমৈহতীয়া বৈশিষ্ট্য দেখা যায়৷

  • জনজাতিসকলে তেওঁলোকৰ ভাষা নিজৰ জাতিৰ মানুহৰ মাজতে আৱদ্ধ ৰাখে৷
  • জনজাতিসমূহৰ ভাষা প্ৰায়ক্ষেত্ৰতে দূৰ্বোধ্য৷
  • ভাষাসমূহ সুৰপ্ৰধান৷
  • স্বৰবৰ্ণৰ হ্ৰস্ব-দীৰ্ঘৰ ৰূপ সুকীয়া সুকীয়া৷
  • এই ভাষাবোৰৰ নিজা লিপি নাই৷ কিছুমানে দেৱনাগৰী লিপি আৰু কিছুমানে ৰোমান লিপিৰে নিজৰ ভাষা বৰ্তাই ৰখাৰ চেষ্টা কৰিছে৷[4]
Remove ads

আন্তঃভাষিক সম্পৰ্ক

ডিমাছাসকলৰ পূৰ্বপুৰুষসকলে উজনি অসমত ৰাজত্ব কৰিছিল৷ তাৰ প্ৰমাণ স্বৰূপে “ডি’’ আখৰযুক্ত নামবোৰে প্ৰমাণ৷ নৈ আৰু ঠাইৰ নামবোৰৰ প্ৰায়বোৰেই ডি-যুক্ত; যেনে: ডিখৌ, ডিমৌ, ডিব্ৰু, ডিবাং আদি অনেক শব্দ আছে৷ কছাৰী জনগোষ্ঠীৰ আটাইবোৰ ঠালৰ ভিতৰত ডিমাছা ভাষা সুচল৷ ডিমাছা ভাষাই অইন জনজাতীয় ভাষাৰ সহায় নোলোৱাকৈ ভাব প্ৰকাশ কৰিব পাৰে৷ অসমীয়া ভাষাত ডিমাছা ভাষাৰ বহুতো শব্দ-সম্ভাৰ কিছুমান পৰিবৰ্তিত ৰূপত আৰু কিছুমান অবিকল ৰূপত সোমাই আছে৷[5]

অসমীয়া আৰু ডিমাছা ভাষা

অসমীয়া ভাষা বিভিন্ন ভাষাৰ সংমিশ্ৰণত গঢ়ি উঠা ভাষা৷ একেই ভৌগলিক ভূখণ্ডত থকা কাৰণে ডিমাছা ভাষাৰো বহু শব্দ সম্ভাৰ অসমীয়া ভাষাত সোমাইছে আৰু বহু অসমীয়া শব্দও ডিমাছা ভাষাৰ মাজত নিগাজী হৈ পৰিছে৷ ডিমাছা ভাষাৰ লিপি সম্পৰ্কে এতিয়াও মতদ্বৈধতা আঁতৰা নাই৷ কোনোৱে বাংলা লিপি, কোনোৱে অসমীয়া লিপি, কোনোৱে দেৱনাগৰী আৰু আন কিছুমানে ৰোমান লিপি গ্ৰহণ কৰাৰ সপক্ষে থকা বাবে স্থিৰ সিদ্ধান্তত এতিয়াও আহিব পৰা নাই৷ অৱশ্যে নিৰূপমা হাগজেৰে ডিমাছা ভাষাৰ লিপি আদিতে অসমীয়াই আছিল বুলি বিভিন্ন তথ্য দাঙি ধৰিছে৷ মাইবঙত কছাৰী ৰজা মেঘনাৰায়ণৰ ৰাজত্বৰ কালৰ প্ৰস্তৰ লিপিত থকা “ৰ’’ আখৰ অসমীয়া “ৰ’’ৰ সৈতে একেই৷ মহাৰাজ কৃষ্ণচন্দ্ৰ নাৰায়ণ আৰু গোবিন্দ চন্দ্ৰ নাৰায়ণে লিখা পুথিতো “ৰ’’ ব্যৱহাৰ কৰিছিল৷[6] সাহিত্যিক নিৰূপমা হাগজেৰে শেষলৈ অসমীয়া লিপিকে তেওঁ লিখাৰ মাধ্যম কৰি লৈ কেইবাখনো কিতাপ লিখে৷ ডিমাছা ভাষাত অসমীয়া বৰ্ণৰ উচ্চাৰণো প্ৰায় একেই৷ মাত্ৰ শ, ষ, আৰু স ধ্বনি চ আৰু ভ ধ্বনি ব উচ্চাৰণ কৰা হয়৷ যেনে, সিংহ>চিং, সুখ>চুখ, ভাদ>বাদাও, ভাটৌ> বাথৌ আদি৷[7]

Remove ads

ডিমাছা ভাষাৰ অভিধান

কাছাৰ জিলাৰ পুলিছ চুপাৰিণ্টেণ্ডেণ্ট W.C.M. Dundasএ ১৯০৮ চনত Outline Grammar And Dictionary নামেৰে এখনি অভিধান লিখে৷ তাৰপিছত, মণিচৰণ বৰ্মনে “হৈড়ম্ব ভাষা প্ৰৱেশ’’ নামৰ বাংলা ভাষাত লিখা ডিমাছা শব্দকোষ লিখে৷ ১৯৯২ চনত গড়কাপ্তানী বিভাগৰ ইঞ্জিনিয়াৰ শ্ৰী নগেন্দ্ৰনাথ বৰুৱাই “ ডিমাছা ভাষাৰ ভঁৰাল’’ নামে এখনি অভিধান লিখে আৰু ২০০৫ চনত প্ৰকাশ পায়, নিৰূপমা হাগজেৰে লিখা “ডিমাছা গ্ৰাউৰেণ’’ নামৰ অভিধানখন[8] অসমীয়া ভাষাত লিখা আৰু ডিমাছা ভাষাৰ অসমীয়া অৰ্থ দিয়া হৈছে৷

তথ্য সূত্ৰ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads