অসমৰ গামোচা
অসমীয়া আদৰৰ বস্ত্ৰ From Wikipedia, the free encyclopedia
Remove ads
এই প্ৰবন্ধটোক গামছা নামৰ প্ৰবন্ধৰ সৈতে খেলি-মেলি নকৰে যেন।
গামোচা অসমীয়া লোকসকলে ব্যৱহাৰ কৰা এবিধ বস্ত্ৰ।[1] সাধাৰণতে গামোচা চাৰিওফালে ৰঙা সূতাৰে (সেউজীয়া ৰঙো থাকে) পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ। কপাহী সূতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয় যদিও পাট আদি সূতাৰেও ইয়াক তৈয়াৰ কৰা হয়। ২০২২ চনৰ ১৩ ডিচেম্বৰত বস্তুৰ ভৌগোলিক ও পদৰ্শন (পঞ্জীয়ন তথা সংৰক্ষণ) অধিনিয়ম ১৯৯৯ অনুসৰি ভাৰত চৰকাৰে অসমৰ গামোচাক ভৌগোলিক উপদৰ্শন পঞ্জীয়ন চমুকৈ GI tag-ত অন্তৰ্ভুক্ত কৰে।[2] [3][4]

অসমীয়াৰ দৰে বঙালী, বিহাৰী আৰু উৰিয়া মানুহেও গামোচা সদৃশ গমছা বা গামছা নামৰ এবিধ বস্ত্ৰ ব্যৱহাৰ কৰে। অসমীয়া গামোচাৰ লগত তেওঁলোকৰ গামছাৰ বহুখিনি পাৰ্থক্য আছে। আনহাতে অসমীয়া মানুহে গামোচাখনক এক সাংস্কৃতিক তথা সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰে। কিন্তু আন ঠাইত ইয়াক অকল নিত্য ব্যৱহাৰ্য্য সামগ্ৰী হিচাপেহে ব্যৱহাৰ কৰা দেখা যায়। নামনি অসমত গামোচাক 'গাম্চা', 'মুক্চা' বা 'দুহেইটা' আদি নামেৰে জনা যায়।

Remove ads
নামৰ উৎস
“গা ধুই পানী টুকা কাপোৰ, এতেকে তামোল বন্ধা বা মূৰত মৰা সৰু কাপোৰ।” উক্তি:- হেমচন্দ্ৰ বৰুৱা[5]
গামোচাৰ নাম আৰু উৎপত্তি সম্পৰ্কে কোনো ঐতিহাসিক সমল পোৱা নাযায়। সাহিত্যিকভাৱে ইয়াৰ অৰ্থ হৈছে কোনো বস্ত্ৰৰে শৰীৰ মচা কাৰ্য। (গা-শৰীৰ + মচ্)। গতিকে অসমীয়া সংস্কৃতিত গা-মচা বস্ত্ৰখনক গামোচা হিচাপে নামকৰণ কৰা হৈছে। ভাৰতৰ আন ঠাইৰ পৰা অসমলৈ গামোচা অহা নাছিল বা ভাৰতৰ আন ঠাইত গামোচাৰ ব্যৱহাৰ কৰা হোৱা নাছিল।
ইতিহাস

অসমৰ বিভিন্ন জনগোষ্ঠীয়ে নিজ নিজ গামোচা ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে কছাৰী আৰু কোচসকলৰ গামোচা হালধীয়া ৰঙৰ, তিৱা সকলৰ কমলা ৰঙৰ বা ৰাভাসকলৰ ৰঙা। বগা ৰঙৰ গামোচাখন উজনি অসমত সৃষ্টি হৈছিল[উদ্ধৃতিৰ প্ৰয়োজন] আৰু ইয়াৰ থলুৱা ভূমিপুত্ৰ চুতীয়া/বৰাহী, দেউৰী, মৰাণ ইত্যাদি জনগোষ্ঠীৰ লোকে ব্যৱহাৰ কৰিছিল। এওঁলোকে ব্যৱহাৰ কৰা গামোচাৰ ৰং বগা হোৱাৰ এটা বিশেষ কাৰণ আছে। প্ৰাচীন কালত উজনি অসমত জনজাতীয় তান্ত্ৰিক ধৰ্মৰ প্ৰচলন আছিল আৰু এই থান সমূহত দেউৰী পূজাৰীয়ে পূজা কৰিছিল। দেউৰী নীতি-নিয়ম অনুসৰি থানৰ ভিতৰত বগা ৰঙৰ বস্ত্ৰৰ সলনি আন ৰঙৰ বস্ত্ৰ পৰিধান কৰি সোমোৱা নিষেধ আছিল। লোক-বিশ্বাস মতে দেৱীয়ে বগাৰ বাহিৰে অন্য ৰঙৰ কাপোৰ সহ্য নকৰে। সেইবাবেই দেৱীক সন্তুষ্ট কৰি ৰাখিবলৈ গামোচাৰ লগতে মন্দিৰলৈ পিন্ধি যোৱা সাজপাৰো বগা ৰঙৰহে আছিল। আজিও দেউৰী জনগোষ্ঠীয় সমাজত এই নিয়ম কঠোৰভাবে পালন কৰা হয়। চাৰিশাল গোসাঁনীৰ দেশ শদিয়াৰ লগত গামোচাৰ এক বিশেষ সম্পৰ্ক আছে। এই সম্পৰ্কৰ কথা বিহুগীতত শুনিবলৈ পোৱা যায়। শদিয়াৰ গামোচাৰ বিষয়ে বিহু নামত এনেদৰে উল্লেখ পোৱা যায়।
"গাত লৈ ফুৰালে বতাহে ফালিব।
মুঠিত লৈ ফুৰাহে ভাল।
এআগে বাছিলোঁ সেউতী মালতী
এআগে বাছিলোঁ ফুল।
এআগে বাছিলোঁ বাঘে ভালোকে।
বাটে মানুহ ধৰি খাই।
এআগে বাছিলোঁ চৰাই হালধীয়া
উৰি শদিয়ালৈ যায়। "
ইতিহাসবিদ ড॰ লীলা গগৈৰ মতে, আহোম সাম্ৰাজ্যৰ দিনতো অসমত গামোচাৰ প্ৰচলন আছিল। কিন্তু চুকাফাই অসমলৈ গোমোচা লৈ অহাৰ ইতিহাস পঢ়িবলৈ পোৱা নাযায়। মহাপুৰুষ শংকৰদেৱৰ সময়তো গামোচাৰ প্ৰচলন হোৱাৰ কথা জনা যায়। আজিও নামঘৰৰ থাপনাত গামোচা ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। এডোৱাৰ্ড গেইটৰ 'A History of Assam' গ্ৰন্থত উল্লেখ কৰা মতে ১৮ শতিকাত এখন গামোচাৰ মূল্য ৫ পইচা আছিল। ইয়াৰ দ্বাৰাই ঠাৱৰ কৰিব পৰা যায় যে অসমত অতি প্ৰাচীন কালৰে পৰা গামোচাৰ প্ৰচলন হৈ আছে।
Remove ads
ব্যৱহাৰ
অসমীয়া সমাজত বিভিন্ন ক্ষেত্ৰত গামোচাৰ ব্যৱহাৰ হোৱা দেখা যায়। এক কথাত অসমীয়া সমাজ-সংস্কৃতি, আচাৰ-নীতি সকলো ক্ষেত্ৰতে গামোচাৰ বিশেষ অৱদান আছে।[6]
- গামোচাক দৈনিক কাৰ্যত গা-ধোৱাৰ পিছত শৰীৰ মচিবৰ বাবে ব্যৱহাৰ কৰা হয়।
- নামঘৰৰ থাপনাত কোনো শাস্ত্ৰ ঢাকি ৰাখিবৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়।
- খেতিয়কে ইয়াক কঁকালত বন্ধা টঙালি বা কঁকালত পিন্ধা কাপোৰ হিচাপে ব্যৱহাৰ কৰে।
- নামঘৰত প্ৰাৰ্থনা কৰাৰ সময়ত ইয়াক ডিঙিত ওলোমাই ৰখা হয়।
- কোনো সভাত বিশিষ্ট ব্যক্তিক সন্মান জনাবৰ বাবেও গামোচা ব্যৱহাৰ কৰা হয়।
প্ৰকাৰ
অসমীয়া সমাজত গামোচাৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক:-
- পানী-গামোচা
- তামোল-গামোচা
- বিহুৱান
- ফুলাম গামোচা
- ফুটুকী গামোচা
- কমৰবন্ধ আদি বিভিন্ন নামত ভাগ কৰা আছে। [7]
আনাকাটা
প্ৰধান প্ৰবন্ধ: আনাকাটা
নামনি অসমত প্ৰচলিত গামোচাৰ আন এটা ৰূপ হ'ল আনাকাটা গামোচা। আনাকাটা এবিধ পৱিত্ৰ (নামনি অসমৰ পৰম্পৰামতে) বস্ত্ৰ। আনকাটা মানে হৈছে যিখন গামোচা কাটি উলিওৱা নহয়। অৰ্থাৎ তাঁতশালত বৈ উঠাৰ পিছত দুখন গামোচা পৃথক কৰিবলৈ কেচিঁ বা ব্লেড বা কটাৰি ব্যৱহাৰ নকৰি হাতেৰে সূতাবিলাক চিঙি নাইবা শিলত থেতেলিয়াই উলিওৱা গামোচা।[উদ্ধৃতিৰ প্ৰয়োজন] ইয়াক সাধাৰণতে বিয়া আদিত ব্যৱহাৰ কৰা হয়। গামোচা, চেলেং, ধুতি, শাৰী, চাদৰ, পীৰাত পৰা আদি নানা প্ৰকাৰৰ আনাকাটা আছে। আনাকাটা কাপোৰৰ লগত অসমৰ মহাপুৰুষীয়া ধৰ্মৰ আধ্যাত্মিক দিশ জড়িত হৈ আছে।
Remove ads
সাংস্কৃতিক বিশেষত্ব
গামোচা আৰু বিহুৱান/বিচুবান দুয়োখন পৃথক বস্ত্ৰ। দুয়ো মূৰে ৰঙা আঁচু থকা বস্ত্ৰখন হৈছে গামোচা আৰু এটা মূৰত ফুল থকাখন হৈছে বিহুৱান। আজিৰ দিনত অবশ্যে বহুতে দুয়ো মূৰে ফুল থকা বিহুৱানো ব্যৱহাৰ কৰিবলৈ লৈছে। প্ৰকৃততে এই বিহুৱান বা ফুলাম গামোচাখনহে সন্মানৰ বস্ত্ৰ। গামোচাখন সাধাৰণতে দৈনিক কামৰ কাৰণে ব্যৱহাৰ কৰা বস্ত্ৰ। বিহু, বিবাহ অনুষ্ঠান বা অন্যান্য যিকোনো সামাজিক অনুষ্ঠানত বিহুৱানক সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। অসমৰ সকলো শ্ৰেণীৰ জাতি-জনজাতিয়েই গামোচা ব্যৱহাৰ কৰে। অসমৰ বিহু উৎসৱৰ লগত গামোচাৰ বিশেষ সম্পৰ্ক আছে। বিহু নৃত্যৰ সময়ত যুৱকসকলে ফুলাম গামোচা মূৰত মাৰি বিহু নৃত্যত অংশ গ্ৰহণ কৰে। বিহুৱানত থকা ফুলবোৰৰ বিশেষ মহত্ত্ব আছে। এই ফুলবোৰ প্ৰেম আৰু সন্মানৰ লগতে বসন্ত ঋতুৰ প্ৰতীক। সাধাৰণতে অসমীয়া সমাজত ছোৱালীয়ে ভালপোৱা ল'ৰাক বিহুৰ বতৰত বিহুৱানখন দি নিজৰ প্ৰেম প্ৰকাশ কৰে আৰু ল'ৰাবোৰে সেইখনকে মূৰত মাৰি ছোৱালীজনীক সন্মান কৰে। তদুপৰি সৰুৱে ডাঙৰক সন্মান জনাবলৈ বা নামঘৰ/থাপনাত সন্মানৰ প্ৰতীক হিচাপে বিহুৱানখনকে ৰখা হয়। আনহাতে বিবাহ-অনুষ্ঠানতো সকলো ক্ষেত্ৰতে উপহাৰ দিয়াৰ লগতে সন্মান জনোৱাৰ বাবেও গামোচা ব্যৱহাৰ কৰে। বৰ্তমান গামোচা সমন্বয়ৰ প্ৰতীক হিচাপে পৰিগণিত হোৱা দেখা গৈছে।[8]
Remove ads
ভৌগোলিক সূচক টেগ
অসমৰ সংস্কৃতি আৰু পৰিচয়ৰ প্ৰতীক গামোচাই ১৩ ডিচেম্বৰ ২০২২ তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ পৰা শ্ৰেণী-২৪ আৰু টেগ নং-৫৯৪ৰ ভিতৰত 'অসমৰ গামোচা' শিৰোনামেৰে ভৌগোলিক সূচক (জি আই) টেগ লাভ কৰে। এই টেগৰ বাবে ১৬ অক্টোবৰ ২০১৭ তাৰিখে আবেদন কৰাৰ পাঁচ বছৰৰ পাছত এই টেগটো লাভ কৰে।[9]
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱালে টুইটাৰযোগে উক্তদিনা প্ৰদান কৰা জি আই পঞ্জীয়নৰ প্ৰমাণ পত্ৰ শ্বেয়াৰ কৰি সমগ্ৰ উত্তৰ-পূব ৰাজ্যখনৰ লোকসকলক অভিনন্দন জনাই।[10]
২৪ অক্টোবৰৰ ভৌগোলিক সূচক পঞ্জীয়ন আলোচনীয়ে গামোছাক হাতশাল (তাঁতশালৰ) সামগ্ৰী বুলি বৰ্ণনা কৰি এয়া অসমীয়া সমাজৰ অন্যতম অনন্য পৰিচয় বুলি উল্লেখ কৰেঃ "গামোছা অসমৰ পৰম্পৰাগত বস্ত্ৰশিল্প। অসমৰ জনসাধাৰণৰ বাবে ই যথেষ্ট তাৎপৰ্য বহন কৰে। গামোছা অসমীয়া সমাজৰ অন্যতম অনন্য পৰিচয়। ই অসমীয়া সংস্কৃতিৰ প্ৰতীক। এইটো এটা হস্ততাঁত সামগ্ৰী যাৰ অসমীয়া সংস্কৃতিত উচ্চ সন্মান আৰু ব্যাপক ব্যৱহাৰ আছে। আগৰ কালত ‘গামোছা’ক ‘ফালি’ বুলিও জনা গৈছিল। তদুপৰি যিহেতু ইয়াক মুখ মচিবলৈ ব্যৱহাৰ কৰা হৈছিল সেইবাবেই ইয়াক ‘মুখোছা’ বুলিও জনা গৈছিল।"
Remove ads
বিতৰ্ক
জি.আই টেগ
অসমীয়া গামোচাৰ ভৌগোলিক স্বীকৃতি পঞ্জীয়ন নিশ্চিত কৰাৰ বিষয়টোক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। সামগ্ৰিকভাৱে অসমীয়া সমাজৰ বিষয়টোৰ ওপৰত এক ঐকমত্য নথকাৰ ফলত প্ৰথম প্ৰচেষ্টা বিফল হয়।
অসমীয়া গামোচাৰ জি আই পঞ্জীয়নৰ বাবে প্ৰথমখন আৱেদন দাখিল কৰিছিল হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠান (আই এইচ ডি), ধোডাং (লাওভোগা), বৰুৱাবামুণগাঁও, গোলাঘাট জিলাৰ ফালৰ পৰা। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় (এ এ ইউ)য়ে এইক্ষেত্ৰত কাৰিকৰী সহায় আগবঢ়াইছিল। আই এইচ ডিয়ে দাখিল কৰা প্ৰাৰম্ভিক আবেদনত ফুলাম গামোচাৰ বাবে জি আই টেগ বিচাৰা এই আবেদনৰ জি আই পঞ্জীয়ন নং আছিল ৫৯৪।[11]
এই উদ্দেশ্যে ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ে অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ পেটেণ্ট তথ্য কেন্দ্ৰ (পিআইচি)ৰ কাৰিকৰী সহযোগেৰে ২০১৯ চনৰ ২৭ ডিচেম্বৰত অসমৰ সাত প্ৰকাৰৰ গামোচাৰ বাবে জি আই ৰেজিষ্ট্ৰেচন টেগ বিচাৰি আৱেদন কৰে। এইখন আৱেদনৰ জি আই পঞ্জীয়ন নম্বৰ আছিল ৬৮২।[11]
আই এইচ ডিৰ আবেদনৰ ওপৰত আপত্তি জনাই হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ে ছটা যুক্তি উত্থাপন কৰিছিল, আৰু গামোচাৰ জি আই পঞ্জীয়নৰ বাবে অসম বা অসমীয়া শব্দটো বিবেচনা কৰিব লাগে বুলি পৰামৰ্শ দিয়ে। নিৰ্দিষ্ট ভৌগোলিক অঞ্চল আৰু ইয়াৰ সৈতে জড়িত লোকসকলক ভালদৰে চিনাক্ত কৰিবলৈ ইয়াৰ প্ৰয়োজন। তদুপৰি জি আই পঞ্জীয়নৰ উন্নত বলবৎকৰণৰ বাবে জি আই ল’গ’ত অসমীয়াৰ উপৰিও ইংৰাজী আৰু হিন্দীতো অসমীয়া গামোচা নামটো থাকিব লাগে বুলি যুক্তি আগবঢ়াইছিল।[11]
বাংলা সাহিত্য সভা
বাংলা সাহিত্য সভা, অসম চমুকৈ বি এছ এছ এয়ে ২০২৩ চনৰ অধিৱেশনত এক অনুষ্ঠানত অতিথিসকলক সম্বৰ্ধনা জনাবলৈ অসমীয়া গামোচা আৰু বাংলা গামোচা আধা কাটি চিলাই একপ্ৰকাৰৰ “হাইব্ৰিড গামোচা” প্ৰস্তুত কৰিছিল। সামাজিক মাধ্যমত এই গামোচাৰ ফটো ভাইৰেল হৈ পৰাৰ লগেলগে এই সন্দৰ্ভত ৰাজ্যত বিতৰ্কৰ সৃষ্টি হয়। পিছত সংগঠনটোৱে ক্ষমাপ্ৰাৰ্থনা প্ৰকাশ কৰে।[12]
Remove ads
চিত্ৰভঁৰাল
- অসমৰ এখন বস্ত্ৰ বিপনীত গামোচা পৰিহিত এজন বিক্ৰেতা
- তাঁতশালত এগৰাকী গাভৰু বোৱনী
- গামোচাৰ ফুলৰ আৰ্হি
- গুৰু আসনক ব্যৱহৃত গামোচা
- বহুৰঙী গামোচা
- মেচিনশালত বোৱা গামোচা
- দুয়োফালে পৰম্পৰাগত চানেকিৰ ফুলৰ এখন গামোচা
- তাঁতশালত বুটাৰে সৈতে গামোচা বৈ থকা দেখা গৈছে
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads