অসম কৃষি বিশ্ববিদ্যালয়
From Wikipedia, the free encyclopedia
অসম কৃষি বিশ্ববিদ্যালয় (ইংৰাজী: Assam Agricultural University) অসমৰ একমাত্ৰ কৃষি বিশ্ববিদ্যালয়। ১৯৬৯ চনৰ ১ এপ্ৰিলত যোৰহাটত স্থাপিত হোৱা এই বিশ্ববিদ্যালয় খনে অসমত কৃষি শিক্ষা, গৱেষণা আৰু কৃষি সম্প্ৰসাৰণৰ হকে কাম কৰি আহিছে। প্ৰথমে যোৰহাটৰ অসম কৃষি মহাবিদ্যালয় আৰু গুৱাহাটীৰ অসম পশু চিকিৎসা মহাবিদ্যালয় দুখনক কেন্দ্ৰ বিন্দু হিচাপে লৈ এই বিশ্ববিদ্যালখন আৰম্ভ কৰা হৈছিল।
ক্ষিপ্ৰ তথ্য অসম কৃষি বিশ্ববিদ্যালয়, স্থাপিত ...
অসম কৃষি বিশ্ববিদ্যালয় | |
---|---|
স্থাপিত | ১ এপ্ৰিল, ১৯৬৯ |
ধৰণ | ৰাজহুৱা |
ধৰ্মীয় ভুক্তি | আই চি এ আৰ (ICAR) |
আচাৰ্য | অসমৰ ৰাজ্যপাল |
উপাচাৰ্য | বিদ্যুত চন্দন ডেকা |
স্থান | যোৰহাট, অসম, ভাৰত |
ৱেবছাইট | www.aau.ac.in |
বন্ধ কৰক
বিশ্বৰ কেৱল এই বিশ্ববিদ্যালয়তেই চাহ প্ৰযুক্তিবিদ্যা বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ পৰ্য্যায়ৰ শিক্ষা প্ৰদান কৰা হয়। ছশৰো অধিক শিক্ষক, গৱেষক আৰু সম্প্ৰসাৰণ বিশেষজ্ঞই এই বিশ্ববিদ্যালয়ৰ যোগেদি কৃষি আৰু পশু চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিষয়ত সেৱা আগবঢ়াই আছে।[1]