গুলাব চান্দ কাটাৰিয়া
ভাৰতীয় ৰাজনীতিবিদ আৰু অসমৰ ২৯তম ৰাজ্যপাল / From Wikipedia, the free encyclopedia
গুলাব চান্দ কাটাৰিয়া (ইংৰাজী: Gulab Chand Kataria; জন্ম: ১৩ অক্টোবৰ ১৯৪৪) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসমৰ ৰাজ্যপাল। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়ে মনোনীত কৰাৰ পিছত ২০২৩ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে তেওঁ অসমৰ ২৯তম ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ ২০১৩ চনৰ পৰা ২০১৮ চনলৈ, ২০০৩ চনৰ পৰা ২০০৮ চনলৈ আৰু ১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈকে ৰাজস্থান চৰকাৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজস্থানৰ বিজেপিৰ জ্যেষ্ঠ নেতাৰ লগতে দলটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সক্ৰিয় সদস্য।[1] ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈকে উদয়পুৰৰ পৰা ভাৰতীয় সংসদৰ নিম্ন সদনত নৱম লোকসভাত প্ৰতিনিধিত্ব কৰিছিল। ২০১৯ চনৰ পৰা ২০২৩, ২০১৩ চনৰ পৰা ২০১৩ চনলৈকে আৰু ২০০২ চনৰ পৰা ২০০৩ চনলৈকে ৰাজস্থান বিধানসভাৰ বিৰোধী দলৰ নেতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৯ চনৰ পৰা ২০০০ চনলৈ তেওঁ ভাৰতীয় জনতা পাৰ্টি, ৰাজস্থান ৰাজ্যিক গোটৰ অধ্যক্ষ আছিল। তদুপৰি তেওঁ ২০০৩ চনৰ পৰা ২০২৩ চনলৈ উদয়পুৰৰ পৰা আৰু ১৯৭৭ চনৰ পৰা ১৯৮৬ চনলৈ আৰু ১৯৯৩ চনৰ পৰা ২০০৩ চনলৈ বাৰী চাদ্ৰীৰ পৰা ৰাজস্থান বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2]
গুলাব চান্দ কাটাৰিয়া | |
---|---|
অসমৰ ২৯তম ৰাজ্যপাল | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২২ ফেব্ৰুৱাৰী ২০২৩ | |
মুখ্যমন্ত্ৰী | হিমন্ত বিশ্ব শৰ্মা |
পূৰ্বসূৰী | জগদীশ মুখী |
বিৰোধী দলপতি, ৰাজস্থান বিধানসভা | |
কাৰ্যকাল ১৭ জানুৱাৰী ২০১৯ – ১৬ ফেব্ৰুৱাৰী ২০২৩ | |
মুখ্যমন্ত্ৰী | অশোক গেহলট |
পূৰ্বসূৰী | ৰামেশ্বৰ লাল দুদি |
উত্তৰসূৰী | ৰাজেন্দ্ৰ সিং ৰাথোৰ |
কাৰ্যকাল ২১ ফেব্ৰুৱাৰী ২০১৩ – ৯ ডিচেম্বৰ ২০১৩ | |
মুখ্যমন্ত্ৰী | অশোক গেহলট |
পূৰ্বসূৰী | বসুন্ধৰা ৰাজে |
উত্তৰসূৰী | ৰামেশ্বৰ লাল দুদি |
কাৰ্যকাল ২৫ আগষ্ট ২০০২ – ৪ ডিচেম্বৰ ২০০৩ | |
মুখ্যমন্ত্ৰী | অশোক গেহলট |
পূৰ্বসূৰী | ভৈৰোঁ সিং শ্বেখৱট |
উত্তৰসূৰী | বুলাকি দাস কাল্লা |
কেবিনেট মন্ত্ৰী, ৰাজস্থান চৰকাৰ | |
কাৰ্যকাল ২০ ডিচেম্বৰ ২০১৩ – ১১ ডিচেম্বৰ ২০১৮ | |
মন্ত্ৰালয় |
পদাধিকাৰ |
গৃহমন্ত্ৰী | ২৮ অক্টোবৰ ২০১৪ - ১১ ডিচেম্বৰ ২০১৮ |
গ্ৰামোন্নয়ন মন্ত্ৰী | ২০ ডিচেম্বৰ ২০১৩ - ২৮ অক্টোবৰ ২০১৪ |
কাৰ্যকাল ৮ ডিচেম্বৰ ২০০৩ – ১৩ ডিচেম্বৰ ২০০৮ | |
মন্ত্ৰালয় |
পদাধিকাৰ |
গৃহমন্ত্ৰী | ৩১ মে' ২০০৪ - ১৩ ডিচেম্বৰ ২০০৮ |
লোকনিৰ্মাণ বিভাগ | ৮ ডিচেম্বৰ ২০০৩ - ৩০ মে' ২০০৪ |
কাৰ্যকাল ১৩ ডিচেম্বৰ ১৯৯৩ – ৩০ নৱেম্বৰ ১৯৯৮ | |
মন্ত্ৰালয় |
পদাধিকাৰ |
প্ৰাথমিক আৰু মাধ্যমিক শিক্ষামন্ত্ৰী | ১৩ ডিচেম্বৰ ১৯৯৩ - ৩০ নৱেম্বৰ ১৯৯৮ |
ৰাজস্থান বিধানসভাৰ সদস্য | |
কাৰ্যকাল ২০০৩ – ১৬ ফেব্ৰুৱাৰী ২০২৩ | |
পূৰ্বসূৰী | ত্ৰিলোক পূৰ্বীয়া |
সমষ্টি | উদয়পুৰ বিধানসভা সমষ্টি |
কাৰ্যকাল ১৯৯৩ – ২০০৩ | |
পূৰ্বসূৰী | চগন লাল |
উত্তৰসূৰী | প্ৰকাশ চৌধাৰী |
সমষ্টি | বাৰী চাদ্ৰী বিধানসভা সমষ্টি |
কাৰ্যকাল ১৯৭৭ – ১৯৮৫ | |
পূৰ্বসূৰী | ভানু কুমাৰ শাস্ত্ৰী |
উত্তৰসূৰী | গিৰিজা ব্যাস |
সমষ্টি | উদয়পুৰ বিধানসভা সমষ্টি |
লোকসভাৰ সদস্য | |
কাৰ্যকাল ১৯৮৯ – ১৯৯১ | |
পূৰ্বসূৰী | ইন্দুবালা সুখদিয়া |
উত্তৰসূৰী | গিৰিজা ব্যাস |
সমষ্টি | উদয়পুৰ লোকসভা সমষ্টি |
ভাৰতীয় জনতা পাৰ্টি, ৰাজস্থান ৰাজ্যিক গোটৰ অধ্যক্ষ | |
কাৰ্যকাল ২৭ মে' ১৯৯৯ – ১৯ জুন ২০০০ | |
পূৰ্বসূৰী | ৰঘুবীৰ সিং কশাল |
উত্তৰসূৰী | ভৱৰ লাল শৰ্মা |
ব্যক্তিগত তথ্য | |
জন্ম | ১৩ অক্টোবৰ, ১৯৪৪ (৭৯ বছৰ) ৰাজসমণ্ড, ৰাজপুতনা এজেঞ্চি, ব্ৰিটিছ ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
দাম্পত্যসঙ্গী | অনিতা কাটাৰিয়া |
সন্তান | ৫ |
বাসস্থান | ৰাজভৱন, গুৱাহাটী |