হিমন্ত বিশ্ব শৰ্মা
অসমৰ মুখ্যমন্ত্ৰী, ভাৰতীয় ৰাজনীতিবিদ / From Wikipedia, the free encyclopedia
হিমন্ত বিশ্ব শৰ্মা (ইংৰাজী: Himanta Biswa Sarma; জন্ম: ১ ফেব্ৰুৱাৰী, ১৯৬৯) হৈছে অসমৰ এগৰাকী ৰাজনীতিবিদ তথা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী। তেওঁ অসম বিধানসভাৰ জালুকবাৰী সমষ্টিৰ পৰা পাঁচবাৰকৈ - ২০০১, ২০০৬ আৰু ২০১১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ আৰু ২০১৬ আৰু ২০২১ চনত ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।[1] ভাৰতীয় জাতীয় কংগ্ৰেছৰ পূৰ্বৰ সদস্য, শৰ্মাই ২০১৫ চনৰ আগষ্ট মাহত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।[2]
হিমন্ত বিশ্ব শৰ্মা | |
---|---|
অসমৰ ১৫তম মুখ্যমন্ত্ৰী | |
পদাধিকাৰী | |
কাৰ্যভাৰ গ্ৰহণ ১০ মে' ২০২১ | |
ৰাজ্যপাল | গুলাব চান্দ কাটাৰিয়া জগদীশ মুখী |
পূৰ্বসূৰী | সৰ্বানন্দ সোণোৱাল |
কেবিনেট মন্ত্ৰী, অসম চৰকাৰ | |
কাৰ্যকাল ২৪ মে' ২০১৬ – ৯ মে' ২০২১ | |
মুখ্যমন্ত্ৰী | সৰ্বানন্দ সোণোৱাল |
মন্ত্ৰিত্ব | বিত্ত, পৰিকল্পনা আৰু উন্নয়ন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, শিক্ষা, গড়কাপ্তানী |
কাৰ্যকাল ২০১১ – ২০১৪ | |
মুখ্যমন্ত্ৰী | তৰুণ গগৈ |
মন্ত্ৰিত্ব | বিত্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, গড়কাপ্তানী, পৰিবৰ্তন আৰু বিকাশ |
কাৰ্যকাল ২০০৬ – ২০১১ | |
মুখ্যমন্ত্ৰী | তৰুণ গগৈ |
মন্ত্ৰিত্ব | স্বাস্থ্য আৰু পৰিয়াল কল্যাণ |
ৰাজ্যিক মন্ত্ৰী, অসম চৰকাৰ | |
কাৰ্যকাল ১ ছেপ্তেম্বৰ ২০০৪ – জুন ২০০৬ | |
মুখ্যমন্ত্ৰী | তৰুণ গগৈ |
মন্ত্ৰিত্ব | বিত্ত, পৰিকল্পনা আৰু উন্নয়ন |
কাৰ্যকাল ৭ জুন ২০০২ – ৩১ আগষ্ট ২০০৪ | |
মুখ্যমন্ত্ৰী | তৰুণ গগৈ |
মন্ত্ৰিত্ব | কৃষি, পৰিকল্পনা আৰু উন্নয়ন |
অসম বিধানসভাৰ সদস্য | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২০০১ | |
পূৰ্বসূৰী | ভৃগু কুমাৰ ফুকন |
সমষ্টি | জালুকবাৰী বিধানসভা সমষ্টি |
ব্যক্তিগত তথ্য | |
জন্ম | ১ ফেব্ৰুৱাৰী, ১৯৬৯ (৫৫ বছৰ) যোৰহাট, অসম, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
আন ৰাজনৈতিক সম্পৰ্ক |
ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৯৬-২০১৫) |
দাম্পত্যসঙ্গী | ৰিণিকি ভূঞা শৰ্মা (বি. ২০০০) |
সন্তান | ২ |
বাসস্থান | গুৱাহাটী |
শিক্ষানুষ্ঠান | কটন কলেজ (কলা স্নাতক/কলা স্নাতকোত্তৰ) বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় (আইনৰ স্নাতক) গুৱাহাটী বিশ্ববিদ্যালয় (ডক্টৰেট অফ ফিলোচ'ফী) |
স্বাক্ষৰ | |
ৱেবছাইট | www |
পৰৱৰ্তী সময়ত শৰ্মাই ২৪ মে' ২০১৬-ত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ ৰাজনৈতিক দক্ষতাৰ স্বীকৃতি হিচাপে বিজেপি নেতৃত্বয়ে তেওঁক নৱ গঠিত উত্তৰ-পূব গণতান্ত্ৰিক মৰ্চাৰ আহ্বায়ক ৰূপে নিযুক্তি দিয়ে।[3][4] অঞ্চলটোৰ সৰ্বাংগীণ উন্নতিৰ লগতে উত্তৰ-পূব ৰাজ্যসমূহ আৰু কেন্দ্ৰৰ সুসংযোগ স্থাপন কৰায়ে ইয়াৰ মূল উদ্দেশ্য।[5] ২০২১ চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হয়।[6]