পদুমী গাজলু
অসম, ভাৰতৰ এগৰাকী সাহিত্যিক, শিক্ষয়িত্ৰী, কবি আৰু চিত্ৰশিল্পী / From Wikipedia, the free encyclopedia
পদুমী গাজলু (ইংৰাজী: Padumi Gajlu) হৈছে অসম, ভাৰতৰ এগৰাকী সাহিত্যিক, শিক্ষয়িত্ৰী, কবি আৰু চিত্ৰশিল্পী। বোকাখাতৰ এটি শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰা পদুমী গাজলুৱে পৰৱৰ্তী সময়ত কলিকতাৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শান্তিনিকেতনৰ পৰা বাতিক শিল্পত[1] প্ৰশিক্ষণ লৈছিল আৰু এনে প্ৰশিক্ষণ গ্ৰহণ কৰা তেখেতেই আছিল চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী মহিলা।[2] তেখেত চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী চিত্ৰশিল্পী।[3][1] শিক্ষকতাৰ লগতে সাহিত্য-চৰ্চাতো সমপৰিমাণে মনোনিৱেশ কৰা পদুমী গাজুলুৱে 'সেউজীয়া সোণ', 'কাঁচা ঘামেৰ ভিজা আঁচেল' আদিৰ দৰে প্ৰবন্ধ-সংকলন লিখি উলিওৱাৰ লগতে 'কাঁশীফুল', 'নৱোদয়'ৰ দৰে একুৰিমান গ্ৰন্থৰ সম্পাদনা কৰিছে। অসমৰ বিভিন্ন কাকত-আলোচনীত তেখেতৰ দ্বাৰা লিখিত প্ৰায় শতাধিক প্ৰবন্ধ প্ৰকাশিত হৈছে। অসমৰ ভাষা-সাহিত্য আৰু বিশেষকৈ চাহ-জনগোষ্ঠীক নিজৰ অৱদানেৰে সমৃদ্ধ কৰাৰ বাবে গাজলুক সাহিত্যিক পেঞ্চনাৰ হিচাপে স্বীকৃতি দিয়াৰ লগতে এপিপিএল টাটা আইকন বঁটাৰ দৰে একাধিক বঁটা-সন্মানেৰে সন্মানীত কৰা হৈছে। পদুমী গাজলু হৈছে চাহ-জনগোষ্ঠীৰ প্ৰথমগৰাকী সাহিত্যিক পেঞ্চনাৰ। [3]
পদুমী গাজলু | |
---|---|
![]() পদুমী গাজলু | |
জন্ম | পদুমী গাজলু ১৯৫২ বৰচাপৰি, বোকাখাত |
মৃত্যু | ১৪-০৭-২০২২ যোৰহাট |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা |
|
জনা যায় | চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী চিত্ৰশিল্পী |
বঁটা, সন্মান, পুৰস্কাৰ আদি |
|