বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়
গুৱাহাটীত অৱস্থিত শৈক্ষিক প্ৰতিষ্ঠান / From Wikipedia, the free encyclopedia
বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় অসমৰ গুৱাহাটীত অৱস্থিত আইন মহাবিদ্যালয়। ১৯১৪ চনত স্থাপিত এই মহাবিদ্যালয় পূৰ্বতে আৰ্ল ল কলেজ হিচাপে জনাজাত আছিল। ই অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন আইন মহাবিদ্যালয়। তদুপৰি এইখন মহাবিদ্যালয় ১৯০১ চনত স্থাপন হোৱা কটন কলেজৰ পিছতে অসমৰ দ্বিতীয়খন উচ্চ শিক্ষানুষ্ঠান। মহাবিদ্যালয় খনে পাঁচবছৰীয়া সমদ্বিত কলা আৰু আইনৰ স্নাতক ডিগ্ৰী, তিনিবছৰীয়া আইনৰ স্নাতক আৰু দুবছৰীয়া আইনৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায়।[1] মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত আৰু ভাৰতীয় উকীল পৰিষদৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।[2][3]
ক্ষিপ্ৰ তথ্য বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়, স্থাপিত ...
বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় | |
---|---|
স্থাপিত | ১৯১৪ (1914) |
ধৰণ | আইন মহাবিদ্যালয় |
অধ্যক্ষ | ডঃ ভূপেশ মল্ল বুজৰবৰুৱা |
স্থান | গুৱাহাটী, অসম, ভাৰত |
ভুক্তি |
|
ৱেবছাইট | www.brmgovtlawcollege.org.in |
বন্ধ কৰক