ভূপেন হাজৰিকা
ভাৰতীয় শিল্পী / From Wikipedia, the free encyclopedia
ড॰ ভূপেন হাজৰিকা (ইংৰাজী: Dr. Bhupen Hazarika, ১৯২৬-২০১১) অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল।[2] ড° হাজৰিকাক এগৰাকী বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী বুলি গণ্য কৰা হয়। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ গীতত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ উপৰিও অসম তথা ভাৰতক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাতো অৱদান আগবঢ়াই আহিছে। হাজৰিকাই সংগীত, সাহিত্য, পৰিৱেশ্য কলা (performing arts), চলচ্চিত্ৰ আদিৰ বিভিন্ন অধ্যয়নচক্ৰ তথা সাংস্কৃতিক উৎসৱত ভাগ লৈ বেলজিয়াম, কংগো, চমৰখন্দ, আমেৰিকা, ইউৰোপ, কানাডা, দক্ষিণ-পূব এছিয়া, জাপান, অষ্ট্ৰেলিয়া আদি ভ্ৰমণ কৰিছিল।[3][4][5]
ভাৰত ৰত্ন ভূপেন হাজৰিকা | |
---|---|
২০১১ চনত ভূপেন হাজৰিকা | |
জন্ম | ৮ ছেপ্টেম্বৰ, ১৯২৬ শদিয়া, অসম, ব্ৰিটিছ ভাৰত |
মৃত্যু | ৫ নৱেম্বৰ, ২০১১ (৮৫ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত[1] |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
অন্য নাম | সুধাকণ্ঠ |
শিক্ষানুষ্ঠান | কটন মহাবিদ্যালয়, কাশী হিন্দু বিশ্ববিদ্যালয়, কলম্বিয়া বিশ্ববিদ্যালয় |
পেচা | সংগীতকাৰ, গায়ক, কবি, চলচ্চিত্ৰ নিৰ্মাতা, গীতিকাৰ |
সক্ৰিয় হৈ থকা সময় | ১৯৩৯–২০১০ |
দাম্পত্যসঙ্গী | প্ৰিয়ম্বদা পেটেল (বি. ১৯৫০–৬৩) |
পিতৃ-মাতৃ |
|
সন্তান | তেজ ভূপেন হাজৰিকা (জন্ম ১৯৫২) |
আত্মীয়-স্বজন | জয়ন্ত হাজৰিকা (ভাতৃ) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ভাৰত ৰত্ন (২০১৯, মৰণোত্তৰভাৱে) পদ্মবিভূষণ (২০১২, মৰণোত্তৰভাৱে) পদ্মশ্ৰী (১৯৭৭) দাদাচাহেব ফাল্কে বঁটা (১৯৯২) পদ্মভূষণ (২০০১) সংগীত নাটক একাডেমী বঁটা (১৯৮৭) অসম ৰত্ন (২০০৯) |
স্বাক্ষৰ | |
ৱেবছাইট | |
www |
সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰত ড॰ হাজৰিকা অসমকে ধৰি দেশ-বিদেশতো বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছে। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্ন, ভাৰতৰ সাংস্কৃতিক জগতৰ উল্লেখনীয় সংগীত নাটক একাডেমী বঁটাৰ উপৰিও তেখেতে ১৯৯২ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। ড॰ হাজৰিকাই ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিৱেশনৰ সভাপতিত্ব কৰিছিল। সংগীত নাটক একাডেমীৰ চেয়াৰমেন পদ লাভ কৰোঁতা হাজৰিকা প্ৰথমগৰাকী অসমীয়া ব্যক্তি।[6]
তেখেতে আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১৯ চনত তেখেতক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।