লিডু
অসমৰ নগৰ / From Wikipedia, the free encyclopedia
লিডু অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত এখন সৰু চহৰ।[1] লিডু ৰেলৱে ষ্টেচন ভাৰতৰ পূব প্ৰান্তৰ ব্ৰডগজ ৰেলৱে ষ্টেচন।[2] এই চহৰখনৰ পৰাই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বাৰ্মাৰ মাজেদি চীনলৈ সামৰিক যোগানৰ পথ হিচাপে আমেৰিকান আৰু ইংৰাজ সেনাবাহিনীৰ ব্যৱহাৰৰ বাবে নিৰ্মাণ কৰা ষ্টিলৱেল পথৰ আৰম্ভণি ঘটিছে।
ক্ষিপ্ৰ তথ্য লিডু, ৰাষ্ট্ৰ ...
লিডু | |
---|---|
— চহৰ — | |
ৰাষ্ট্ৰ | ভাৰত |
ৰাজ্য | অসম |
জিলা | তিনিচুকীয়া জিলা |
উচ্চতা | ১৫০ মিটাৰ (৪৯২.১৩ ফুট) |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০) |
পিন | ৭৮৬১৮২ |
টেলিফোন কোড | ৯১ – (০) ৩৭৫১ – XX XXXX |
আই এচ অ’ ৩১৬৬ কোড | IN-AS |
যানবাহনৰ নম্বৰ | AS-23 |
বন্ধ কৰক
১৮৮২ চনত পূৰ্বৰ আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানীয়ে মিটাৰগজ বহাওঁতে লিডুত প্ৰথমটো কয়লা খনি আৰম্ভ কৰা হৈছিল।[3][4] কোনো কোনো ভূতত্ত্ববিদৰ মতে এই অঞ্চলত উপলব্ধ হোৱা কয়লাৰ গুণগত মান উচ্চ আৰু ইয়াক লিডু কয়লা বুলি জনা যায়। ঠাই বিশেষে ভূপৃষ্ঠৰ পৰা পাঁচ ফুট অভ্যন্তৰতে এই অঞ্চলত কয়লাৰ স্তৰসমূহ দৃশ্যমান হয় আৰু ইয়াৰ গভীৰতা পঁচিশ ফুট পৰ্যন্ত হয়। সেয়ে ইয়াত কয়লাৰ খনন কাৰ্য সুবিধাজনক আৰু কম ব্যয়বহুল।[5]