শিলচৰ
অসমৰ কাছাৰ জিলাৰ সদৰ / From Wikipedia, the free encyclopedia
শিলচৰ ভাৰতৰ অসম ৰাজ্যৰ কাছাৰ জিলাৰ সদৰ চহৰ আৰু দক্ষিণ অসমৰ এটি প্ৰধান বাণিজ্যকেন্দ্ৰ। মণিপুৰৰ কিছু অংশ আৰু মিজোৰামৰ বাবে এই চহৰৰ অৰ্থনৈতিক গুৰুত্ব অপৰিসীম। শিলচৰত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ব্যৱসায়ীয়ে বসতি স্থাপন কৰিছে।
ক্ষিপ্ৰ তথ্য শিলচৰ, দেশ ...
শিলচৰ | |
---|---|
— চহৰ — | |
Silchar_barak.jpgবৰাক নদীৰ সৈতে শিলচৰ চহৰ | |
ভৌগোলিক স্থানাংক: 24.82°N 92.8°E / 24.82; 92.8 | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | কাছাৰ জিলা |
উচ্চতা | ২২ মিটাৰ (৭২.১৮ ফুট) |
জনসংখ্যা (২০১১) | |
- মুঠ | ২,২৮,৯৮৫ জন |
ভাষা | |
- চৰকাৰী | বঙালী আৰু মেইতেই (মণিপুৰী)[1][2][3] |
- স্থানীয় | ছিলঠীয়া Demonyms = Silcharian |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30) |
PIN | 7880xx |
Telephone code | 91 (0) 3842 |
যানবাহনৰ নম্বৰ | AS-11 |
ৱেবছাইট | www |
বন্ধ কৰক
বৰাক নদীৰ পাৰত অৱস্থিত এই চহৰক উত্তৰ-পূব ভাৰতৰে ভিতৰত শান্তিপূৰ্ণ ঠাই হিচাপে তেতিয়াৰ ভাৰতীয় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে "শান্তিৰ দ্বীপ" আখ্যা দিছিল। [4] তৎকালীন পূৰ্ববঙ্গৰ চিলেটিসকল এই চহৰৰ অন্যতম প্ৰধান জনগোষ্ঠী। ভাত আৰু মাছ ইয়াৰ লোকসকলৰ প্ৰধান খাদ্য। ইয়াৰ উপৰিও "শুঁটকি" আৰু "চুঙা পিঠা" এই অঞ্চলৰ বিখ্যাত উপাদেয় খাদ্য।