সোৱণশিৰি নদী
ভাৰতৰ নদী / From Wikipedia, the free encyclopedia
সোৱণশিৰি নদী (ইংৰাজী: Subansiri River) হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ। ই ভাৰতৰ ৰাজ্য অসম আৰু অৰুণাচল প্ৰদেশ আৰু চীনৰ অধীনত থকা তিব্বতৰ মাজেদি বৈ গৈছে। ইয়াৰ দৈৰ্ঘ্য হৈছে ২৭৫ মাইল (৪৪২ কিঃমিঃ) আৰু অৱবাহিকাৰ কালি ১২,৬০০ বৰ্গ মাইল (৩২,৬৪০ বৰ্গ কিঃমিঃ)।[1] সোৱণশিৰি নদী ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ। ই ব্ৰহ্মপুত্ৰৰ মুঠ জলৰাশিৰ ৭.৯২% যোগান ধৰে।[2]