বৰআই
From Wikipedia, the free encyclopedia
বৰআই (smallpox) বা বসন্ত ৰোগ ভেৰিঅ'লা মেজৰ (Variola major) and ভেৰিঅ'লা মাইনৰ (Variola minor) নামৰ দুবিধ ভাইৰাছে কৰা এবিধ সংক্ৰামক বেমাৰ।[1] ইয়াক লেটিন নাম variola বা variola vera নামেৰেও জনা যায়। এই নাম দুটা varius ("দাগযুক্ত") বা varus ("শালমন")ৰ পৰা উদ্ভুত হৈছে। ইংৰাজীত ৰোগবিধক "pox"[2] বা "red plague" বোলা হৈছিল;[3] ১৫শ শতিকাত ভেৰিঅ'লাক "great pox" (ছিফিলিছ)-ৰ পৰা পৃথককৈ বুজাবলৈ "smallpox" শব্দটো প্ৰথম ব্যৱহাৰ কৰা হৈছিল।[4] অসমত জনবিশ্বাসমতে শীতলা দেৱীক এই ৰোগৰ অধিষ্ঠাত্ৰী দেৱীৰূপে গণ্য কৰি ৰোগটোক "আই" (ডাঙৰ জোলা বান্ধে বাবে বৰ-আই) বোলা হয়।[5] শীতকালৰ শেষৰফালে আৰু বসন্তকালৰ আৰম্ভণিতে এই ৰোগৰ আধিক্য বেছি বাবে "বসন্ত" (chicken pox আৰু measles-ৰ সৈতে) বুলি কোৱা হয়। ১৯৭৭ চনৰ ২৬ অক্টোবৰত শেষভাগৰ বাবে প্ৰাকৃতিকভাৱে হোৱা বৰআইৰ (Variola minor) ৰোগী চিনাক্ত কৰা হৈছিল।[6]
বৰআই | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
বৰআইত আক্ৰান্ত এটি শিশু (বাংলাদেশ, ১৯৭৩)। সাধাৰণ প্ৰকাৰৰ বৰআইত জোলাবোৰ ডাঠ তৰল পদাৰ্থৰে ভৰি থাকে আৰু প্ৰায়েই মাজ অংশত পোটোকা পৰি থাকে। বৰআইৰ ই এটা প্ৰধান বৈশিষ্ট। | |
আই.চি.ডি.-10 | B03 |
আই.চি.ডি.-9 | 050 |
ডিজিজেছ ডে'টাবে'ছ | 12219 |
মেডলাইন প্লাছ | 001356 |
ইমেডিচিন | emerg/885 |
MeSH | D012899 |
বৰআইৰ ভাইৰাছে ছালৰ সৰু ৰক্তনলিকা, মুখ আৰু ডিঙিত ভিতৰত খোপনি পুতে। ছালত ই প্ৰথমে ৰঙচুৱা গুটি গুটি কৰে যিবোৰ পিছলৈ পানীজোলালৈ ৰূপান্তৰিত হয়। ভেৰিঅ'লা মেজৰে কম প্ৰাবল্যৰ ৰোগৰ সৃষ্টি কৰে (alastrim, cottonpox, milkpox, whitepox, আৰু Cuban itch বুলিও কোৱা হয়) যাৰ ফলত প্ৰায় ১% ৰোগীৰ মৃত্যু হয়। ভেৰিঅ'লা মেজৰে বেছি প্ৰাবল্যৰ ৰোগ কৰে আৰু ৩০-৩৫% ৰোগীৰ মৃত্যু হয়।[7][8] V. major সংক্ৰমণৰ পলমীয়া জটিলতা হৈছে প্ৰধানকৈ মুখত হোৱা বৈশিষ্টমূলক দাগ (৬৫-৮৫% ৰক্ষা পৰা ৰোগীৰ ক্ষেত্ৰত)।[9] কৰ্ণিয়াৰ আলচাৰৰ ফলত হোৱা অন্ধতা আৰু আৰ্থাইটিছ বা অষ্টয়'মায়েলাইটিছৰ ফলত হোৱা পংগুতা ২-৫% ৰোগীৰ ক্ষেত্ৰত পোৱা যায়।
প্ৰায় ১০০০০ বছৰৰ পূৰ্বে মানুহৰ মাজত বৰআইয়ে দেখা দিয়া বুলি বিশ্বাস কৰা হয়।[4] ইজিপ্টৰ ফাৰাও ৰামছেছ পঞ্চমৰ (Ramses V) মামীৰ দেহত পোৱা ৰঙচুৱা দাগ সম্ভৱতঃ ইয়াৰ সকলোতকৈ পুৰণি শাৰীৰিক প্ৰমাণ।[10] ৰোগটোৱে ১৮শ শতিকাৰ শেষৰ বছৰকেইটাত বছৰি প্ৰায় ৪,০০,০০০ মানুহৰ প্ৰাণ লৈছিল (পাঁচজন শাসনকৰ্তাসহ),[11] আৰু সকলো অন্ধতাৰ এক তৃতীয়াংশৰ কাৰণ আছিল।[7][12] প্ৰাপ্ৰবয়স্ক আক্ৰান্ত ৰোগীৰ ২০-৬০% আৰু আক্ৰান্ত শিশুৰ ৮০%তকৈও বেছিৰ মৃত্যু ঘটিছিল।[13] বিংশ শতিকাত প্ৰায় ৩০০-৫০০ নিযুত মানুহৰ মৃত্যুৰ বাবে এই ৰোগ দায়ী আছিল।[14][15][16] ১৯৬৭ চনত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছিল যে সেই বছৰত আনুমানিক ১৫ নিযুত মানুহ বৰআইত আক্ৰান্ত হৈছিল আৰু ২ নিযুত মানুহ মৃত্যুমুখত পৰিছিল।[6]
উনবিংশ আৰু বিংশ শতিকাজুৰি প্ৰতিষেধকৰ ব্যাপক ব্যৱহাৰৰ পিছত ১৯৭৯ চনত বিশ্ব স্বাস্থ্য সংস্থাই বৰআই নিৰ্মূল হোৱা বুলি ঘোষণা কৰে।[6] নিৰ্মূল হোৱা দুটা সংক্ৰামক ৰোগৰ ভিতৰত আনটো হৈছে ২০১১ চনত নিৰ্মূল ঘোষণা কৰা rinderpest ৰোগ।[17][18][19]