সৰ্বানন্দ সোণোৱাল
ভাৰতীয় ৰাজনীতিবিদ আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী / From Wikipedia, the free encyclopedia
সৰ্বানন্দ সোণোৱাল (ইংৰাজী: Sarbananda Sonowal; জন্ম: ৩১ অক্টোবৰ, ১৯৬১) এজন ৰাজনীতিবিদ আৰু অসমৰ সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰী। তেখেতৰ জন্ম হয় ১৯৬২ চনত অসমৰ ডিব্ৰুগড় জিলাৰ দিনজানত। ২০১৪ চনত তেওঁ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ ভাৰত চৰকাৰৰ যুৱ কাৰ্যক্ৰম আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ স্বতন্ত্ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতিৰ দায়িত্ব পালন কৰাৰ উপৰিও ২০০৪ চনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰাও সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ২০১৬ চনত তেওঁ মাজুলী বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ অসমৰ চতুৰ্দশ মুখ্যমন্ত্ৰী ৰূপে ২০১৬ ৰ পৰা ২০২১ লৈ কাৰ্য্যনিৰ্বাহ কৰে। তেওঁক প্ৰধানমন্ত্ৰীৰূপে নৰেন্দ্ৰ মোদীৰ দ্বিতীয় কাৰ্যকালৰ দ্বিতীয় কেবিনেটত অন্তৰ্ভুক্ত কৰা হয় আৰু ২০২১ চনৰ ৭ জুলাইত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।[2]
সৰ্বানন্দ সোণোৱাল | |
---|---|
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৭ জুলাই ২০২১ | |
ৰাষ্ট্ৰপতি | ৰাম নাথ কোৱিন্দ |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | মনসুখ এল মাণ্ডৱিয়া |
আয়ুষ মন্ত্ৰী | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৭ জুলাই ২০২১ | |
ৰাষ্ট্ৰপতি | ৰাম নাথ কোৱিন্দ |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | শ্ৰীপদ নায়ক |
চতুৰ্দশ অসমৰ মুখ্যমন্ত্ৰী | |
কাৰ্যকাল ২৪ মে' ২০১৬ (2016-05-24) – ১০ মে' ২০২১ (2021-05-10) | |
ৰাজ্যপাল | জগদীশ মুখী পদ্মনাভ আচাৰ্য বানৱাৰীলাল পুৰোহিত |
পূৰ্বসূৰী | তৰুণ গগৈ |
উত্তৰসূৰী | হিমন্ত বিশ্ব শৰ্মা |
অসম বিধানসভাৰ বিধায়ক | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২০১৬ | |
পূৰ্বসূৰী | ৰাজীৱ লোচন পেগু |
সমষ্টি | মাজুলী |
কাৰ্যকাল ২০০১ – ২০০৪ | |
পূৰ্বসূৰী | জয় চন্দ্ৰ নাগবংশী |
উত্তৰসূৰী | জীৱনতৰা ঘাটোৱাৰ |
সমষ্টি | মৰাণ |
যুৱ কাৰ্যক্ৰম আৰু খেলৰ কেবিনেট মন্ত্ৰী | |
কাৰ্যকাল ২৬ মে' ২০১৪ (2014-05-26) – ২৩ মে' ২০১৬ (2016-05-23)[1] | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | জিতেন্দ্ৰ সিং |
উত্তৰসূৰী | জিতেন্দ্ৰ সিং |
কৌশল বিকাশৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী | |
কাৰ্যকাল ২৬ মে' ২০১৪ (2014-05-26) – ৯ নৱেম্বৰ ২০১৪ (2014-11-09) | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | কাৰ্যালয় গঠন |
উত্তৰসূৰী | ৰাজীৱ প্ৰতাপ ৰুডী |
লোকসভাৰ সাংসদ | |
কাৰ্যকাল ১৬ মে' ২০১৪ (2014-05-16) – ২৩ মে' ২০১৬ (2016-05-23) | |
পূৰ্বসূৰী | ৰাণী নৰহ |
উত্তৰসূৰী | প্ৰদান বৰুৱা |
সমষ্টি | লখিমপুৰ |
কাৰ্যকাল ১৩ মে' ২০০৪ (2004-05-13) – ১৫ মে' ২০০৯ (2009-05-15) | |
পূৰ্বসূৰী | পবন সিং ঘাটোৱাৰ |
উত্তৰসূৰী | পবন সিং ঘাটোৱাৰ |
সমষ্টি | ডিব্ৰুগড় |
ব্যক্তিগত তথ্য | |
জন্ম | ৩১ অক্টোবৰ, ১৯৬১ (৬২ বছৰ) ডিব্ৰুগড়, অসম, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি (২০১১-বৰ্তমান) অসম গণ পৰিষদ (২০০১-২০১১) |
শিক্ষানুষ্ঠান | ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় |