ৰিণিকি ভূঞা শৰ্মা
অসমৰ অধিবক্তা, উদ্যমী আৰু ব্যৱসায়ী / From Wikipedia, the free encyclopedia
ৰিণিকি ভূঞা শৰ্মা (ইংৰাজী: Riniki Bhuyan Sarma) এগৰাকী অধিবক্তা, উদ্যমী, সমাজকৰ্মী আৰু অসমৰ এগৰাকী ব্যৱসায়ী মহিলা।[6] তেওঁ উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ মিডিয়া হাউচ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালনা সঞ্চালক।[3] এই সংগঠনৰ অধীনত নিউজ লাইভ, ৰং, ৰামধেনু, নৰ্থ ইষ্ট লাইভ, ইন্দ্ৰধনু আদি টেলিভিছন চেনেল আছে। তদুপৰি তেওঁ ৰাধাকৃষ্ণ চাহ বাগিচা এলএলপি আৰু একা ইষ্টেটছ এলএলপিৰ লগতো জড়িত। ইয়াৰ উপৰিও তেওঁ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী।[6][7]
ক্ষিপ্ৰ তথ্য ৰিণিকি ভূঞা শৰ্মা, জন্ম ...
ৰিণিকি ভূঞা শৰ্মা | |
---|---|
জন্ম | গুৱাহাটী, অসম |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | ৰাজনীতি বিজ্ঞানৰ স্নাতক আইনৰ স্নাতক |
শিক্ষানুষ্ঠান | কটন কলেজ[1] |
পেচা |
|
সংস্থা | |
জনা যায় | প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী |
দাম্পত্যসঙ্গী | হিমন্ত বিশ্ব শৰ্মা (বি. ২০০১) |
সন্তান |
|
বন্ধ কৰক