অসমৰ জনগোষ্ঠী

ভাৰতৰ অসমৰ জাতি-জনগোষ্ঠী From Wikipedia, the free encyclopedia

Remove ads

ভাৰতীয় সংবিধানত অসমৰ জনজাতিসমূহক অনুসূচিত জনজাতি (পাহাৰ) আৰু অনুসূচিত জনজাতি (ভৈয়াম) দুটা ভাগত বিভক্ত কৰা হৈছে।[1] যিহেতু সমভূমি আৰু সমভূমি অঞ্চলত বাস কৰা পাহাৰীয়া জনজাতিসমূহক বৃহৎ সংখ্যক পাহাৰত বাস কৰা জনজাতিসমূহক নিজ নিজ ঠাইত অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিয়া নহয়, সেয়েহে লোকপিয়লৰ তথ্যই সঠিক পৰিসংখ্যা প্ৰতিফলিত নকৰিবও পাৰে।[1] অসমীয়া ভাষাক প্ৰায় সকলো জনগোষ্ঠীয়ে লিংগুয়া ফ্ৰাংকা হিচাপে ব্যৱহাৰ কৰে।[1] ২০০১ চনৰ লোকপিয়ল অনুসৰি অনুসূচিত জনজাতি অসমৰ জনসংখ্যাৰ ১২.৪ শতাংশ।[2] আছাম ট্ৰিবিউনে ২০০৯ চনত প্ৰকাশ কৰা অনুসৰি মুঠ জনসংখ্যাৰ ১৫.৬৪ শতাংশ অসমৰ জনজাতীয় জনগোষ্ঠীৰ।[1]

Remove ads

আহোম জনগোষ্ঠী

আহোম সকল অসমৰ এটি উল্লেখযোগ্য জাতি। আহোম সকল টাই জাতিৰ লোক। টাই সকল দক্ষিণ-পূব এছিয়াৰ এটি প্ৰধান জাতি। উজনি অসমৰ জিলা কেইখন এই আহোম সকলৰ প্ৰধান বসতিস্থল। খৃঃ পূঃ কেইবা শতিকাৰো আগতেই এওঁবিলাকৰ প্ৰব্ৰজন আৰম্ভ হয়। চীনদেশৰ সাৰুৱা উপত্যকা অঞ্চলেই যদিও টাই সকলৰ আদি বাসস্থান, তথাপি ভাষা আৰু সংস্কৃতি উভয় বিষয়তে আহোমসকলৰ ওপৰত চীনা সংস্কৃতিৰ প্ৰভাৱৰ মাত্ৰা নিচেই তাকৰ। চীন দেশত বিভিন্ন বংশৰ ৰজাসকলে সাম্ৰাজ্য স্থাপনৰ প্ৰচেষ্টা চলোৱাৰ লগে লগে টাই সকলৰ প্ৰব্ৰজন আৰম্ভ হয়। তথাপি দক্ষিণ চীনৰ য়ুন্নান প্ৰদেশত খৃষ্টীয় পঞ্চম-ষষ্ঠ শতিকামানলৈকে এওঁবিলাকে সুকীয়া ভাষা, সংস্কৃতি আৰু ৰাজ্য শাসনৰ প্ৰণালীৰে বসবাস কৰে। এই সময়তে টাই জাতিটো কেইবাটাও শাখাত ভাগ হৈ দক্ষিণ-পূব এচিয়াত বিয়পি পৰে (Linguistic Survey Of India Vol. II, pp. 59-60)। তাৰে এটা শাখাই উত্তৰ ব্ৰহ্মত ছশ বছৰমান ৰাজত্ব কৰাৰ পিছত চুকাফাৰ নেতৃত্বত পাটকাই পৰ্ব্বত পাৰ হৈ আহি ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজ্য স্থাপন কৰেহি। এই ঠালটোৱেই কালক্ৰমত ‘আহোম’ নামেৰে জনাজাত হৈ পৰে আহোমসকলে নিজকে কিন্তু ‘খাম-টাই’ নামেৰেহে চিনাকি দিছিল।

ৰাজনৈতিক উচ্চাকাংক্ষাই চুকাফা নামৰ য়ুন্নানৰ এজন টাই কোঁৱৰক পশ্চিমৰ ফালে আগুৱাই আহি এখন নতুন দেশৰ শাসনকৰ্তা হ'বলৈ অনুপ্ৰাণিত কৰিছিল। ১২২৮ খৃষ্টাব্দত তেওঁ প্ৰায় ৯০০০ অনুগামীৰে সৈতে অসমত প্ৰৱেশ কৰে। উজনি অসমৰ শিৱসাগৰ জিলাত তেওঁলোকে প্ৰথম বসতি স্থাপন কৰে। মিত্ৰতা আৰু চুবুৰীয়া জাতিৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপনেৰে তেওঁলোকে সফল ভাৱে এখন শক্তিশালী ৰাজ্যৰ ভেঁটি গঢ়িলে। কালক্ৰমত ওচৰ-চুবুৰীয়া বহু জাতিৰ লোক এই জাতিৰ লগত লীন গ'ল। উদাহৰণস্বৰূপে, চুকাফাৰ অনুগামী সকলে অসমত আহি লগ পোৱা বৰাহী জাতিৰ লোক আজি অসমত পোৱা নাযায়। বৰাহীসকল সম্পূৰ্ণ ভাৱে তেওঁলোকৰ সৈতে মিলি গ'ল। প্ৰথম অহা টাই জাতিৰ লোকসকল আৰু পাছত তেওঁলোকৰ সৈতে মিলি যোৱা এই লোকসকলৰ বংশধৰ সকলকে আহোম বুলি কোৱা হয়। উজনি অসমৰ জিলা কেইখন এই জাতিৰ প্ৰধান বসতিস্থল।

Remove ads

কৈৱৰ্ত জনগোষ্ঠী

কৈৱৰ্ত বা জালিয়া কৈৱৰ্ত সকল অসমৰ এটা প্ৰাচীনতম জনগোষ্ঠী। কৈৱৰ্তসকল মূলতে মাছমৰীয়া সম্প্ৰদায় আছিল, পিছলৈ সংস্কৃতকৰণৰ জৰিয়তে তেওঁলোকৰ বাণিজ্যিক সমৃদ্ধি আৰু বৈষ্ণৱীয় সংযোগৰ সহায়ত বৃহত্তৰ হিন্দুসম্প্ৰদায়ৰ অন্তৰ্গত এক সন্মানীয় জাতিগত পৰিচয় লাভ কৰে।[1] কৈৱৰ্তসকল মূলতঃ অসম, পশ্চিমবংগ, ওড়িশা আৰু পূব বিহাৰৰ লগতে বাংলাদেশ, নেপাল, আৰু ভূটানত বসবাস কৰা পৰম্পৰাগতভাৱে মাছ ধৰাৰ বৃত্তিত নিয়োজিত সম্প্ৰদায় আছিল। প্ৰথম অৱস্থাত কৈৱৰ্তসকলক হালিয়া আৰু জলিয়া কৈৱৰ্ত নামৰ দুটা গোটত বিভক্ত একক জনগোষ্ঠী বুলি গণ্য কৰা হৈছিল, আৰু হালিয়া কৈৱৰ্তসকলক উচ্চ বুলি গণ্য কৰা হৈছিল।[2] অসমত অনুসূচিত জাতি হিচাপে শ্ৰেণীভুক্ত কৰা ১৬ টা অনুসূচিত জাতিৰ ভিতৰত কৈৱৰ্ত্ত, জলিয়া নামেৰে অন্তৰ্ভূক্ত ই হৈছে দ্বিতীয় বৃহত্তম জনগোষ্ঠী।[3][4][5] গড়মুৰ সত্ৰৰ সত্ৰাধিকাৰৰ প্ৰভাৱত জালিয়া কৈৱৰ্তৰ বহুলোকে নিজৰ পৰম্পৰাগত মাছ ধৰা বৃত্তি পৰিত্যাগ কৰি নিজকে – মাছ মৰা আৰু মাছ ন-মৰা বুলি দুটা ভাগত ভাগ কৰি লৈছিল।

অষ্ট্ৰিকসকলৰ অসম আগমণ

অসমলৈ প্ৰথম আহে অষ্ট্ৰিক প্ৰজাতিৰ লোক, তাৰপাছত আহে দ্ৰাবিড়, তাৰ পাছত আহে মংগোলীয়সকল আৰু তাৰ পাছত আহে আৰ্যসকল।

অষ্ট্ৰিকসকলৰ অসম আগমণ সম্পাদনা কৰক অষ্ট্ৰিক প্ৰজাতিৰ লোকসকল ভাৰতৰ দক্ষিণ-পশ্চিম অঞ্চলৰ সাগৰ পথেদি অসমত প্ৰৱেশ কৰিছিল। এই প্ৰজাতিৰ লোকসকল আছিল চুটি-চাপৰ আৰু ক্ষীণ, গাৰ বৰণ ক'লা। চুলিৰ ৰং তামবৰণীয় আৰু কেঁকোৰা। মূৰবোৰ দীঘল, নাক চেপেটা আৰু বহল। মুখ সৰু আৰু থেক। এই মানুহবোৰৰ বৰ ঘন দাঢ়ি-গোঁফ আৰু শৰীৰত বহুত নোম আছিল। সাধাৰণতে পাহাৰৰ নামনি অংশত বা নামনি অসমত এই লোকসকলে বাস কৰিছিল। এনে আকাৰ-প্ৰকাৰৰ পুৰণি মানুহ এতিয়া পাবলৈ নাই। অসমৰ কেতবোৰ জাতি জনজাতি যেনে নদীয়াল, চাওঁতাল, কুকি, মণিপুৰী, কছাৰী, মেঘালয়ৰ খাচী, জয়ন্তীয়া আৰু অৰুণাচল প্ৰদেশৰ ৱাংচু নামেৰে এটা জনজাতিৰ মাজত অষ্ট্ৰিক প্ৰজাতিৰ লোকসকলৰ কিছু মিল দেখা যায়। পণ্ডিতসকলৰ মতে, অষ্ট্ৰিকসকল হয়তো অসমৰ মাজেদি আহি উত্তৰ বংগ বা নেপাল আদি ঠাইলৈ গৈছিল নাইবা তেওঁলোকৰ ভালেমান লোক ইয়াতে ৰৈ গৈছিল আৰু পাছত দ্ৰাবিড়ীয়সকল আহি অসম সোমোৱাত তেওঁলোকৰ সৈতে এই লোকসকল মিলি গৈছিল আৰু আৰু এতিয়া তেওঁলোকৰ মংগোলীয় লক্ষণেই বেছি। অষ্ট্ৰিকসকলেই অসমলৈ অহা প্ৰথম লোক বুলি ভাৱিবৰ থল আছে। কোনো কোনো পণ্ডিতৰ মতে দ্ৰাবিড়ীয়সকল অসমলৈ অহাৰ আগতে মধ্যউত্তৰ ভাৰতৰ দ্ৰাবিড় জাতিৰ এচাম লোক অসমলৈ আহিছিল যেনে নদিয়াল, কৈৱৰ্ত আৰু তেওঁলোক ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰিছিল, নদিয়াল সকলক কৈৱৰ্ত বুলি মানা হয় ll

Remove ads

কাৰ্বি জনগোষ্ঠী

সেউজীয়া পাহাৰৰ বুকুত বাস কৰা কাৰ্বি জনেগাষ্ঠীৰ লোকসকল অসমৰ অন্যতম আদিম অধিবাসী। আগেয়ে তেওঁলোক মিকিৰ বুলি জনাজাত আছিল আৰু তেওঁলোকে বাস কৰা পৰ্বতীয়া জিলাখন মিকিৰ পাহাৰ নামেৰে জনা গৈছিল। কিন্তু বৰ্তমান তেওঁলোকক কাৰ্বি বুলিহে জনা যায় আৰু জিলাখনৰ নামো কাৰ্বি আংলং নামেৰে নামকৰণ কৰা হৈছে। কাৰ্বিসকলৰ মূলগোষ্ঠী ৫টা- ইংহি, ইংতি,টেৰাং, টেৰণ আৰু তিমুং।

বড়ো জনগোষ্ঠী

বড়ো সকল অসমৰ ভৈয়ামৰ জনগোষ্ঠী। বড়ো সকলৰ মাতৃভাষা বড়ো ভাষা। বড়োসকল বৃহৎ মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত। প্ৰাচীন কালৰ হিমালয়ৰ উত্তৰে আৰু চীনৰ পশ্চিমে অৱস্থিত "বড" দেশৰ বাসিন্দাসকলৰ এই জনগোষ্ঠীটো খ্ৰীঃপূঃ প্ৰায় ১৫ শ শতিকা মানতেই সমগ্ৰ পূব ভাৰতত বিয়পি পৰে। মহাভাৰতত উল্লেখ কৰা কিৰাতসকলেই পূব ভাৰতৰ বড়োসকল। প্ৰাচীন কালত এই মূল "বড" দেশৰ বাসিন্দাসকলক "বডো-ফিচা" বা "বডোচা" ("বডো" মানে ভূমি আৰু "ফিচা" বা "চা" মানে সন্তান অৰ্থাৎ বড দেশৰ সন্তান) বুলি জনা গৈছিল আৰু সময়ৰ সোঁতত বড বা বড়ো হিচাপে জনাজাত হয়।

অসমৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাত বড়োসকলৰ মূল বসতি নহয়। ইয়াৰোপৰি কাৰ্বি আংলং জিলাতো কিছু সংখ্যক বড়ো লোকে বাস কৰে।

Remove ads

মৰাণ জনগোষ্ঠী

মৰাণ সকল অসমৰ পুৰণি জনগোষ্ঠী সমূহৰ ভিতৰত অন্যতম। উজনি অসমৰ কেইবাখনো জিলাত এই জনগোষ্ঠীৰ অধিকাংশ লোকে বসবাস কৰে। মৰাণ সকলক বড়ো-কছাৰী মূলৰ বুলি ভবা হয়।

মিচিং জনগোষ্ঠী

অসমৰ ভৈয়ামৰ জনজাতি সমূহৰ ভিতৰত মিচিংসকল বড়ো-কছাৰীসকলৰ পিছতেই দ্বিতীয় বৃহত্তম জনজাতি। মিচিংসকল মূলতে মংগোলীয় জনগোষ্ঠীৰ মান-তিব্বতী শাখাৰ অন্তৰ্গত। ভৈয়ামত থকা মিচিংসকল সাধাৰণতে নৈৰ পাৰত চাংঘৰ সাজি গাঁও পাতি বাস কৰে। মিচিংসকল আদিতে অসমৰ উত্তৰ-পূব ফালৰ পাহাৰত আছিল আৰু বৰ্তমান অৰুণাচলৰ চিয়াং জিলাত থকা "মিয়ং" আৰু "দাম্ ৰ" নামৰ দুই জাতিৰ পৰাই ফাটি আহিছে। অসমৰ লখিমপুৰ, ডিব্ৰুগড়, ধেমাজি, মাজুলী, গোলাঘাট, শিৱসাগৰ, যোৰহাট, দৰং, শোণিতপুৰ জিলাত মিচিংসকলে প্ৰধানকৈ বাস কৰিছে। সাধাৰণতে নৈৰ পাৰত চাংঘৰত বাস কৰা বাবে মিচিংসকলৰ জীৱন-ধাৰণৰ পদ্ধতি নৈৰ ওপৰত ওতঃপ্ৰোতভাৱে জড়িত।

Remove ads

ডিমাছা জনগোষ্ঠী

অসমৰ অন্যতম প্ৰাচীন জনেগাষ্ঠী ডিমাছা সকল ডিমা হাছাও জিলাত বাস কৰে। ডিমা হাছাওৰ উপৰিও কাছাৰ জিলা, কাৰ্বি আংলঙৰ সমতল অঞ্চল, নগাঁও, নাগালেণ্ডৰ ডিমাপুৰ আৰু ধনশিৰি অঞ্চলত বাস কৰি আছে। অতীতত ডিমাছাসকলে ডিমাপুৰত ৰাজধানী পাতি বাস কৰিছিল। 'ডিমাছা' শব্দৰ অৰ্থ হ'ল-- ডি =পানী, মা=বৃহৎ , ছা= সন্তান, অৰ্থাৎ বৰনৈৰ সন্তান। ডিমাছাসকলে গাঁও পাতি বাস কৰে। কৃষিজীৱী হোৱা বাবে সাধাৰণতে তেওঁলোকে নৈ বা নিজৰাৰ পাৰৰ সাৰুৱা মাটিত বাস কৰে। গাঁৱৰ মুখিয়াল জনক খুনং বুলি কোৱা হয়। তেওঁক সকলো সময়তে সহায় কৰিবলৈ "দিলেক" বুলি অন্য এজন লোকো থাকে।

Remove ads

ৰাভা জনগোষ্ঠী

ৰাভাসকল অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত অন্যতম। অসমৰ গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাত মূলতঃ এওঁলোকৰ বসতি। আনহাতে পশ্চিমবংগৰ জলপাইগুৰি অঞ্চলটো এখেতসকলে কিছু পৰিমাণে বাস কৰে। ৰাভাসকল অসমৰ পঞ্চম বৃহত্তম তপশিলি ভুক্ত উপজাতি। এই ৰাজ্যত দুই লাখ সাতসত্তৰ হাজাৰ ৰাভালোকে বসবাস কৰে।[3] ৰাভা সম্প্ৰদায়ত লোকসকল বৃহত্তৰ ইন্দো-মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত।

ৰাভা জনজাতিৰ মানুহসকলে ৰাভা ভাষাত কথা বতৰা পাতে । বড়ো, গাৰো, কাছাৰী ইত্যাদি জনগোষ্ঠীৰ মানুহৰ লগত এওঁলোকৰ নৃতাত্বিক যোগাযোগ আছে।[4]

Remove ads

সোণোৱাল কছাৰী জনগোষ্ঠী

সোণোৱাল কছাৰীসকল উজনি অসমৰ এক ভূমিপুত্ৰ জনজাতি। সোণোৱাল কছাৰীসকল তিব্বত-বৰ্মী ভাষাভাষী বড়ো-কছাৰী মূলৰ এটা ঠাল আৰু অসমৰ ধেমাজি, লক্ষ্মীমপুৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত বিস্তাৰিতভাৱে বসবাস কৰে। শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, শোণিতপুৰ আৰু পূৰ্বভাৰতৰ নগাভূমি আৰু অৰুণাচল প্ৰদেশৰ কিছুমান ঠাইতো বিক্ষিপ্তভাবে বসবাস কৰা দেখা যায়।[5]

আহোম সকলৰ ৰাজত্ব কালত এইসকল কছাৰীয়ে নদীৰ বালিৰ পৰা সোণ বুটলা কামত নিযুক্তি পাইছিল কাৰণেই এওঁলোকে সোণোৱালকছাৰী নাম পোৱা বুলি কিছুমানে ক’ব খোজে[5]। সোণোৱালসকলৰ মাজত মুখ বাগৰি অহা এক লোক কথাৰ মতে, আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত উজনি অসমত থকা কেইঘৰমান সোণোৱালকছাৰীয়ে আউনিআটীয় গোসাঁই কেশৱ দেৱগোস্বামীক অলৌকিক গুণসম্পন্ন লোক জ্ঞান কৰি বাঁহ চুঙাৰে এচুঙা সোণ দক্ষিণা দি তেওঁৰ ওচৰত শৰণ লোৱা বাবে এই সকল কছাৰী সোণোৱালকছাৰী হ’ল বুলি কিছুমানে ক’ব বিচাৰে। বৰ্তমান এওঁলোকৰ জনসংখ্যা প্ৰায় আঢ়ৈ লাখৰ (২,৫০,০০০) ওচৰাওচৰি।

ঠেঙ্গাল কছাৰী জনগোষ্ঠী

ঠেঙ্গাল কছাৰীসকল অসমীয়া জাতিৰ অন্যতম অংগ। মঙ্গোলীয় প্ৰজাতিৰ পৰা উদ্ভৱ হোৱা এই সম্প্ৰদায়টিৰ সাংস্কৃতিক জীৱন অসমীয়া জাতীয় সাংস্কৃতিক জীৱনৰ লগত ওতপ্ৰোত ভাৱে সাঙোৰ খাই আছে। উত্তৰ পূব ভাৰতত মংগোলীয়সকল কোন সময়ত প্ৰৱেশ কৰিছিল সঠিককৈ কোৱা টান। ড॰ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে খৃ:পূ: ১০০০ বছৰৰ পূৰ্বে তেওঁলোকে এই অঞ্চলত প্ৰৱেশ কৰিছিল। [6]

ৰেভাৰেণ্ড ছিডনী এণ্ডলে বড়োগোষ্ঠীৰ লোকক দুটা ভাগত ভাগ কৰিছে :

  1. উত্তৰ গোষ্ঠী - বড়ো, ৰাভা, মেচ, ধিমাল, কোঁচ, ছলনিমীয়া, মহলীয়া, ফুলগৰীয়া, শৰণীয়া
  2. দক্ষিণ গোষ্ঠী - ডিমাছা, হোজাই, লালুং, গাৰো, হাজং, পৰ্বতীয়া তিপ্ ৰা আদি।

ড॰ ভুবনমোহন দাসে এই বিভীজনক অসমত প্ৰব্ৰজন অনুসৰি দুটা ভাগত ভাগ কৰিছে: পশ্চিম গোষ্ঠী আৰু পূব গোষ্ঠী। এই পূব গোষ্ঠীতেই ঠেঙ্গাল কছাৰীক ড॰ দাসে অন্তৰ্ভুক্ত কৰিছে।

বুৰঞ্জীবিদ আৰু পণ্ডিত সকলৰ মতে ব্ৰহ্মপুত্ৰ উপত্যকাত পৰ্বতৰ দাঁতি-কাষৰীয়া ঠাইত প্ৰথমে বাস কৰা মংগোলীয় বা কিৰাত সকলেই এসময়ত কছাৰী নাম পায় আৰু ' কছাৰী ' নামকৰণ অসমৰ হিন্দু ওচৰ-চুবুৰীয়া সকলৰ সৃষ্টি।

হেমকোষ অভিধানত ' ঠেঙ্গাল ' ৰ বিষয়ে অসমৰ এজাতি আদিমবাসী কছাৰী বুলি উল্লেখ কৰিছে।

কিম্বদন্তিমতে, ৰজাই কছাৰী সাহসী আৰু যুদ্ধ বিদ্যাত পাকৈত সকলক যুদ্ধৰ বাবে সৈনিক হিচাপে ৰাখিছিল আৰু যুদ্ধৰ বাবে তেওঁলোকক ঠেঙা (Pantloon) পিন্ধিবলৈ দিছিল। সেই ঠেঙা পিন্ধাৰ বাবেই তেওঁলোকক ঠেঙাল বুলি মাতিছিল। সময়ৰ লগে লগে সেই ঠেঙা পিন্ধা কছাৰীসকলেই ঠেঙাল সম্প্ৰদায়ত পৰিণত হয়।

বৰ্ত্তমান ঠেঙাল কছাৰী সকল যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, লক্ষ্মীমপুৰ, দৰং, শোণিতপুৰ, কাৰ্বি আংলং আদি জিলাত আৰু ডিমাপুৰত সিঁচৰতি হৈ আছে।[7]

Remove ads

ডিমাছা কছাৰী জনগোষ্ঠী

ডিমাছা জনগোষ্ঠী (ইংৰাজী: Dimasa Tribe) হৈছে অসমৰ অন্যতম প্ৰাচীন চীনা তিব্বতীয় জনগোষ্ঠী[8] তেওঁলোকে ডিমা হাছাও জিলাত বাস কৰে। ডিমা হাছাওৰ উপৰিও কাছাৰ জিলা, কাৰ্বি আংলঙৰ সমতল অঞ্চল, নগাঁও, নাগালেণ্ডৰ ডিমাপুৰ আৰু ধনশিৰি অঞ্চলত বাস কৰি আছে।

টাইফাকে জনগোষ্ঠী

Thumb
টিমাম ফাকে বৌদ্ধ বিহাৰ, জয়পুৰ

নিজস্ব কৃষ্টি-সংকৃতি, পৰস্পৰাৰে সমৃদ্ধ টাইফাকে জনগোষ্ঠী, অষ্টদশ শতিকাৰ শেষভাগত অসমত প্ৰৱেশ কৰা টাই জনগোষ্ঠীৰ এটা ঠাল। অসমলৈ অহাৰ পূৰ্বে টাইফাকেসকলে ম্যানমাৰৰ অন্তৰ্গত হোকং উপত্যকাত মৌফাকে নামে এখন ৰাজ্য পাতি বাস কৰিছিল। ১৭৭৪ খ্ৰীষ্টাব্দত ব্ৰহ্মদেশৰ ৰজা আলখ্ৰাৰ অত্যাচাৰত অতিষ্ঠ হৈ বিভিন্ন ঠাইত ভ্ৰমি অৱশেষত অসমত প্ৰৱেশ কৰে। পৰৱৰ্তী সময়ত ক্ৰমে আহোম আৰু মানৰ লগত সংঘৰ্ষত লিপ্ত হৈ অৰুণাচলৰ নামজিকত বসতি কৰে। ইয়াৰ পাছত ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি মতে অসম ইংৰাজৰ অধীনলৈ যায় আৰু ইংৰজৰ পৃষ্ঠপোষকতাত টাইফাকেসকলে নামজিকৰপৰা আহি প্ৰথমে মাৰ্ঘেৰিটাত গাওঁ প্ৰতিষ্ঠা কৰে। তাৰ পাছত জীৱন নিৰ্বাহৰ বাবে সুচল স্থানৰ সন্ধানত বিভিন্ন ঠাই ভ্ৰমি, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ কিছু ঠাইত গাওঁ পাতে। বৰ্তমান তিনচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ সমীপৰ বৰফাকে , মানম , নঙলাই , লিডুৰ সমীপৰ মুঙলাঙ , লঙফাকে , টিৰাপৰ সমীপৰ নিঙগাম , জাগুনৰ সমীপৰ ফানেঙ আৰু ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ সমীপৰ নামফাকে আৰু টীপামফাকে আদি মুঠ ৯খন গাঁৱত বাসকৰা টাইফাকে জনগোষ্ঠীৰ মুঠ জনসংখ্যা প্ৰায় ২০০০জন।

টাইফাকেসকল মূলত বৌদ্ধধৰ্মৰ হীনযান প্ৰন্থী। বৌদ্ধধৰ্মীয় স্থাপত্য-ভাস্কৰ্য যেনে- বৌদ্ধবিহাৰ, পেগুদা, চৈত্য, মৃণ্ময় বৌদ্ধমূৰ্তিবোৰ টাইফাকে সমাজ-সংস্কৃতিৰ অনন্য সম্পদ। তদুপৰি পৰাস্পৰাগত জনবিশ্বাস, পূজা-পাতল আদিও মাজে-সময়ে পালন কৰা দেখা যায়। নিজা ভাষা, লিপি, স্বকীয় সাজপাৰ, খাদ্যাভাস, তাঁত শিল্প, সমৃদ্ধিশালী লোকগীত, বৈশিষ্ট্যপূৰ্ণ গৃহনিৰ্মাণ প্ৰণালী আদিৰে টাইফাকেসকলে নিজস্ব জনগোষ্ঠীয় ঐতিহ্য আজিও অটুট ৰাখিছে।[9]

দেউৰী জনগোষ্ঠী

এই জনগোষ্ঠী প্ৰধানকৈ অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত পোৱা যায়। তেওঁলোকে প্ৰধানকৈ অসমীয়া ভাষা আৰু তিব্বেতীয়া বাৰ্মা ভাষাত ব্যৱহাৰ কৰে। প্ৰায় ২৪,৬০০ জন দেউৰী জনগোষ্ঠীৰ লোক ব্ৰহ্মপুত্ৰ নদীৰ কাষৰ উপত্যকাত বসবাস কৰি আছে।[10]

দেউৰীসকলৰ প্ৰধান খেল বা ফৈদ চাৰিটা, যেনে-

  1. দিবঙীয়া - এওঁলোক শাল কুণ্ডিমামা বা বুঢ়া-বুঢ়ী শাল,
  2. টেঙাপনীয়া - এওঁলোকৰ শাল বলিয়া বাবা (শিৱ) শাল,
  3. বৰগঞা - এওঁলোকৰ শাল কেঁচাইখাতী বা তাম্ৰেশ্বৰী গোসাঁনী শাল আৰু
  4. পাট গঞা - এওঁলোক শাল পাটৰ শাল।

পাটৰ গঞা ফৈদটো বৰ্তমান দেউৰী সমাজত নোহোৱা হৈ পৰিছে। দেউৰীসকলৰ চাৰিওটা ফৈদৰ নাম স্থানবাচক বুলি ক'ব পাৰি। অতীজত কুণ্ডিল ৰাজ্যত দিবং নদীৰ পাৰত বাস কৰা ফৈদক দিবঙীয়া,টেঙাপনী নৈৰ পাৰত বসতি কৰা ফদৈক টেঙাপনীয়া,বৰনদীৰ পাৰত বাস কৰা ফৈদক বৰগঞা আৰু পাট শদিয়াত বাস কৰাসকলক পাটৰ গঞা বোলা হৈছিল।

খামতি জনগোষ্ঠী

টাই খামটি (খামতি) বা খামটি শান হল চীনৰ য়ুন্নান প্ৰদেশ, ম্যানমাৰৰ কাচিন ৰাজ্যৰ খাম টি লুং, মগয়ুং আৰু মিটকীয়ান ঠাইৰ পৰা মূলবসতি ধৰি উত্তৰপূবৰ অসম আৰু অৰুণাচলত বসবাস কৰা উত্তৰপূবৰ টাই জাতিৰ এটা ঠাল।[11] অসমত খামটিসকলৰ জনসংখ্যা প্ৰায় ৬০,০০০ ত কৈ অধিক। আহোমসকলৰ পাছতে খামটি সকল অসমৰ অন্য এটা বৃহৎ টাই জনগোষ্ঠী। টেঙাপানী অঞ্চলত খামটিসকলৰ কিছু জনসংখ্যা দেখা যায়। খামটি সকলে থেৰাবাদী বৌদ্ধ ধৰ্ম পালন কৰে। তেওঁলোকৰ নিজা লিপি আছে যি শান লিপিৰ পৰা উদ্ভৱ হোৱা। তেওঁলোকৰ মাতৃভাষা খামটি ভাষা।

খেলমা জনগোষ্ঠী

উত্তৰ-পূব ভাৰতৰ প্ৰাচীন কুকি জনগোষ্ঠীসমূহৰ ভিতৰত খেলমা বা সাকাচেপ অন্যতম। তেওঁলোকে ডিমা হাচাও, কাৰ্বি আংলং, জয়ন্তিয়া পাহাৰকে ধৰি অসমৰ কেইবাটাও অঞ্চলত বাস কৰে। তাৰোপৰি নাগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰাতো বসবাস কৰে।।[12]

চিংফৌ জনগোষ্ঠী

চিংফৌ জনগোষ্ঠী হৈছে চীন, ম্যানমাৰ আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত বিস্তৃত হৈ থকা কাচিন লোকসকলৰ আটাইতকৈ ডাঙৰ জাতিগত উপগোট। এওঁলোক চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ মান-তিব্বতীয় শাখাৰ এটা জনগোষ্ঠী। উত্তৰ-পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশতেই প্ৰধানকৈ চিংফৌ জনগোষ্ঠীৰ লোকসকলৰ অৱস্থিতি পোৱাৰ লগতে মেঘালয় আৰু মণিপুৰৰ কিছু অঞ্চলতো তেওঁলোকৰ বসতি দেখিবলৈ পোৱা যায়।[13] ভাৰত চৰকাৰৰ জনজাতীয় কাৰ্য মন্ত্ৰণালয়ৰ ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসাৰে অসমত চিংফৌসকলৰ জনসংখ্যা ২৩৪২।[14] ২০০১ চনৰ এক পৰিসংখ্যা অনুসৰি অৰুণাচল প্ৰদেশত প্ৰায় ৫৫০০ জন চিংফৌ লোকে বসবাস কৰে।[13]

সৎনামী জনজাতি

সৎনাম ধৰ্ম শিখ ধৰ্মৰ দৰে এটা একেশ্বৰবাদী ধৰ্ম।[15] এই ধৰ্মৰ অনুসৰণকাৰী সকলক সৎনামী বুলি কোৱা হয়। যিয়ে এক ঈশ্বৰ বা সত্যৰ ওপৰত বিশ্বাস কৰে। সৎনামী সকল অসমৰ এটি উল্লেখযোগ্য জাতি। সৎনামী মূলতে ছত্তিশগড়ৰ নিবাসী। সৎনামক এটা জাতি হিচাপে মনা হয়, যি আজিৰ ছত্তিশগড়, উড়িষ্যা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান , দিল্লী, ঝাৰখণ্ড আৰু অসমত পোৱা যায়। সৎনাম ধৰ্মক গুৰু ঘাচি দাস এ (1757-1836) প্ৰচলিত কৰিছিল।

গোৰ্খা জনগোষ্ঠী

ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰা অসমলৈ গোৰ্খা জনগোষ্ঠীৰ নেপালী লোকৰ আগমন বেছিকৈ ঘটে। অসমৰ চন পৰা আবাদী মাটি, প্ৰৰ্যাপ্ত চৰণীয়া চৰ অঞ্চলে তেওঁলোকক আকৰ্ষিত কৰিছিল। বৰ্তমান অসমৰ প্ৰায় প্ৰতিখন জিলাতে নেপালী বা গোৰ্খা জনগোষ্ঠীৰ লোকে বসবাস কৰে।

চুতীয়া জনগোষ্ঠী

চুতীয়া অসমৰ এটা বড়ো-কছাৰী মূলৰ আদিম জনগোষ্ঠী। বৰ্তমান অসমৰ প্ৰধানকৈ লখিমপুৰ, ধেমাজি, যোৰহাট, গোলাঘাট, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ জিলাত চুতীয়াসকলৰ বসতি দেখিবলৈ পোৱা যায়। ইয়াৰ বাহিৰেও নগাঁও, কাছাৰ, কৰিমগঞ্জ, মৰিগাওঁ, কাৰ্বি আংলং, কামৰূপ আৰু দৰং জিলাতো কিছু সংখ্যক চুতীয়াই বাস কৰে।

তিৱা বা লালুং জনগোষ্ঠী

তিৱা অসমৰ এটা খিলঞ্জীয়া জনগোষ্ঠী। এওঁলোক চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ মান-তিব্বতীয় শাখাৰ জনগোষ্ঠী।।[16] অসমৰ নগাঁও, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাতেই এওঁলোকৰ ঘাই বসতি যদিও কামৰূপ জিলাৰ দক্ষিণ-পূব অংশত, লখিমপুৰ জিলাৰ কেইখনমান গাঁৱত আৰু যোৰহাটৰ ওচৰত তিতাবৰত কিছুসংখ্যক তিৱালোক আছে। পূৰ্বে এই জন-জাতিৰ লোকসকল 'লালুং' নামে পৰিচিত আছিল যদিও বৰ্তমানে এওঁলোকে নিজকে 'তিৱা' বুলি চিনাকি দিহে ভাল পায়। কাৰ্বিসকলৰ লগত তিৱাসকলৰ যথেষ্ট সাদৃশ্য দেখা যায়। বহুক্ষেত্ৰত তেওঁলোকক দুটা সুকীয়া জনজাতি হিচাপে ঠাৱৰ কৰাই কঠিন। দুয়োটা জনজাতিৰ সামাজিক প্ৰথা, ৰীতি-নীতি আদিৰ মাজত পাৰ্থক্যতকৈ সাদৃশ্যই বেছি।

গাৰো জনগোষ্ঠী

গাৰো জনগোষ্ঠী হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয়, অসম, ত্ৰিপুৰা আৰু নাগালেণ্ড ৰাজ্য, আৰু বাংলাদেশৰ কিছুমান চুবুৰীয়া অঞ্চলত বসবাস কৰা চীনা-তিব্বতীয় জনগোষ্ঠী। ঐতিহাসিকভাৱে গাৰো নামটো ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ বিস্তৃত পৰিসৰৰ বাসিন্দাৰ বাবে ব্যৱহাৰ কৰা হৈছিল যদিও এওঁলোকে নিজকে আ•চিক মাণ্ডে (অৰ্থ: "পাহাৰীয়া মানুহ," আ•চিক "পাহাৰীয়া" + মাণ্ডে "মানুহ") বুলি কয়। এওঁলোক ভাষিক ভাৱে বড়ো-কছাৰী সকলৰ সৈতে একে গোষ্ঠীৰ যাক বড়ো-গাৰো পৰিয়াল বুলি কোৱা হয়।ইয়াৰ ভিতৰত ডিমাছা, ৰাভা, আটং, তিৱা, কোচ আদি ভাষাও অন্তৰ্ভুক্ত।[17] ইটোৱে সিটোৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবে এই ভাষাবোৰৰ বহুতো মিল আছে; আৰু এই ভাষাসমূহৰ শব্দৰ কোনো নিৰ্দিষ্ট তথ্যৰ পৃষ্ঠীয় স্তৰৰ পৰ্যবেক্ষণৰ পৰাও সাদৃশ্যসমূহ সহজেই চিনাক্ত কৰিব পাৰি।[17]

কলিতা জনগোষ্ঠী

কলিতা (ইংৰাজী: Kalita) হৈছে উত্তৰ-পূব ভাৰতৰ অসমৰ এটা হিন্দু জনগোষ্ঠী বা জাতি।[18] কলিতাসকল সাধাৰণ বা অসংৰক্ষিত শ্ৰেণীৰ অন্তৰ্গত।[19] কলিতা জনগোষ্ঠীটোক - এফালে কেওঁট আৰু আনফালে গণক আৰু ব্ৰাহ্মণৰ মাজৰ এটা জনগোষ্ঠী বুলি অসমীয়া সমাজত মান্যতা প্ৰদান কৰা হয়।[20][21] এছ.এল.বৰুৱাৰ দৰে বুৰঞ্জীবিদৰ মতে, ১১ শতিকাৰ ধৰ্মপালৰ শাসনকালত কলিতাসকলে উত্তৰ আৰু পূব ভাৰতৰ পৰা অসমলৈ প্ৰব্ৰজন কৰিছিল বুলি ধাৰণা কৰা হয়।[22]

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads