গুৱাহাটী উচ্চ ন্যায়ালয়
From Wikipedia, the free encyclopedia
গুৱাহাটী উচ্চ ন্যায়ালয় অসমৰ সৰ্বোচ্চ ন্যায়ালয়। "ভাৰত চৰকাৰ অধিনিয়ম, ১৯৩৫" বলবৎ হোৱাৰ পিছত ১৯৪৮ চনৰ ১ মাৰ্চত ইয়াক প্ৰতিষ্ঠা কৰা হয়।[2] পূৰ্বে ইয়াক অসম আৰু নাগালেণ্ডৰ উচ্চ ন্যায়ালয় নামেৰে জনা গৈছিল। ১৯৭১ চনত "উত্তৰ পূব এলেকা (পুনৰ্সংগঠন) অধিনিয়ম, ১৯৭১"ৰ অধীনত ইয়াক "গুৱাহাটী উচ্চ ন্যায়ালয়" বুলি নামকৰণ কৰা হয়।
ক্ষিপ্ৰ তথ্য গুৱাহাটী উচ্চ ন্যায়ালয়, প্ৰতিষ্ঠা ...
গুৱাহাটী উচ্চ ন্যায়ালয় | |
---|---|
প্ৰতিষ্ঠা | ৫ এপ্ৰিল, ১৯৪৮ |
ক্ষেত্ৰাধিকাৰ | ভাৰত |
অৱস্থান | গুৱাহাটী, অসম |
গঠন | নিৰ্দিষ্ট ৰাজ্যৰ ৰাজ্যপাল আৰু ভাৰতৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ আৰু সন্মতিসাপেক্ষে ৰাষ্ট্ৰপতিৰ |
প্ৰাধিকাৰক | ভাৰতৰ সংবিধান |
সিদ্ধান্তসমূহ আপীল কৰা হয় | ভাৰতৰ উচ্চতম ন্যায়ালয় |
বিচাৰকৰ কৰ্মকাল | ৬২ বছৰ বয়সলৈকে |
পদৰ সংখ্যা | ২৯ (২৪+৫) |
ৱেবছাইট | http://www.ghconline.gov.in |
বৰ্তমান | অজয় লাম্বা[1] |
বন্ধ কৰক
ৰাজ্য অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ সৰ্বাধিক; অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্যক ই সামৰি লৈছেI[2]