মাজুলী
অসমৰ এখন নদীদ্বীপ জিলা / From Wikipedia, the free encyclopedia
মাজুলী (ইংৰাজী: Majuli) অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা এটা বৃহৎ নদীদ্বীপ আৰু অসমৰ এখন জিলা। ২৭ জুন ২০১৬ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীক জিলা ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰে আৰু সেই সময়ৰ অসমৰ মুঠ জিলাৰ সংখ্যা ৩৩খন হয়।[1] পূৰ্বতে ই যোৰহাট জিলাৰ এটা মহকুমা আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ উদ্যোগৰ সত্ৰসমূহ লৈ ই মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠ কেন্দ্ৰ। সেয়েহে মাজুলীক 'সত্ৰ নগৰী' বুলিও কোৱা হয়। পূৰ্বে মাজুলীৰ মাটিকালি ১২৫০ বৰ্গকিলোমিটাৰ (৪৮৩ বৰ্গমাইল) আছিল, কিন্তু খহনীয়াৰ ফলত ২০০১ চনত ইয়াৰ মাটিকালি হয়গৈ ৮৮০ বৰ্গকিলোমিটাৰ (১৬৩ বৰ্গমাইল)। ইয়াক আৱৰি থকা নদীৰ বিস্তৃতি বাঢ়ি অহাৰ লগে লগে মাজুলীৰ ভূমি সংকোচন হৈছে।[2]
মাজুলী জিলা | |
---|---|
— অসমৰ জিলা — | |
অসমত মাজুলীৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
চৰকাৰ | |
- লোকসভা সমষ্টি | লক্ষ্মীমপুৰ |
- বিধানসভা সমষ্টি | মাজুলী |
মাটিকালি | |
- মুঠ | ১,২৫০ কি.মি.২ (৪৮২.৬ বৰ্গ মাইল) |
জনসংখ্যা (২০০১) | |
- মুঠ | ১,৪০,০০০ জন |
- জনঘনত্ব | ১১২ প্ৰতি বৰ্গ কি.মি. (২৯০.১ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 26°57′0″N 94°10′0″W |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু উত্তৰে ব্ৰহ্মপুত্ৰৰ সুঁতি খেৰকুটীয়াৰ লগত সোৱণশিৰি নদী লগ লাগি নদীদ্বীপটোৰ গঠন কৰিছে। যোৰহাট নগৰৰ পৰা ফেৰীৰে মাজুলীলৈ অহা-যোৱাৰ সুবিধা আছে। অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা ই পূবে প্ৰায় ২০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত।
অসমৰ ব্ৰহ্মপুত্ৰ নদৰ বুকুত অবস্থিত মাজুলী হ'ল পৃথিৱীৰ বৃহত্তম নদীদ্বীপ।গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত মাজুলীক বিশ্বৰ সৰ্ববৃহৎ জনবসতিপূৰ্ণ নদীৰ পাৰৰ দ্বীপ হিচাপে স্বীকৃতি দিয়া হৈছে। বৃহত্তম নদীদ্বীপ হোৱাৰ লগতে মাজুলীখন অসমৰ বৈষ্ণৱ সংস্কৃতিৰো প্ৰাণকেন্দ্ৰ।মাজুলী আগেয়ে যোৰহাট জিলাৰ অন্তৰ্ভুক্ত আছিল। যদিও ২০১৬ চনৰ পৰা মাজুলী এখন সুকীয়া জিলা হিচাপে স্বীকৃত হৈছে।
মাজুলী নামটোৰ অৰ্থ হ'ল নৈৰ মাজৰ ডাঙৰ চাপৰি বা দ্বীপ, অৰ্থাৎ বৈ যোৱা নদীৰ মাজৰ ভূখণ্ড। কথিত আছে যে দিহিং আৰু ব্ৰহ্মাপুত্ৰৰ গতি সলনি হোৱাৰ ফলত এই নদীদ্বীপটোৰ সৃষ্টি হৈছিল। ইতিহাস অনুসৰি ১৬৬১-১৬৯৬ ৰ সময়ত হোৱা কেইবাটাও ডাঙৰ ভূমিকম্প আৰু ১৭৫০ চনত হোৱা প্ৰলয়ংকৰী বানপানীৰ বাবে ব্ৰহ্মপুত্ৰ দুটি সুঁতিত বিভক্ত হৈ পৰে। ইয়াৰে এটা সুঁতি ব্ৰহ্মপুত্ৰৰ মূলপথেৰে আৰু আনটো বুঢ়ীদিহিং নদীৰ সুঁতিৰে বৈ যাবলৈ ধৰাত মাজুলী নদীদ্বীপৰ উৎপত্তি হয়। মাজুলীৰ চাৰিওফালে মহাবাহু ব্ৰহ্মপুত্ৰ নদে আগুবি আছে। ইয়াৰ পূৰ্বে শিৱসাগৰ জিলা, উত্তৰে লখিমপুৰ জিলা, দক্ষিণে যোৰহাট চহৰ আৰু দক্ষিণ পশ্চিমাংশত গোলাঘাট জিলা অবস্থিত।
মাজুলীৰ লগত যোগাযোগৰ একমাত্ৰ ব্যৱস্থা হ'ল ফেৰী সেৱা। যোৰহাটৰ পৰা নিমাতীঘাটলৈ বাছ বা টেক্সীৰে আৰু তাৰ পৰা মাজুলীলৈ ফেৰীৰে যাত্ৰা কৰিব লাগে। নিমাতীঘাটৰ পৰা মাজুলীৰ বিভিন্ন স্থানলৈ থকা ফেৰীঘাটসমূহ হ'ল— কমলাবাৰী, অফলামুখ, শালমৰা, ফুলনি, দক্ষিণপাট, চুমৈবাৰী আদি। যোৰহাট চহৰৰ পৰা ফ্ৰেীৰে মাজুলীত উপস্থিত হ'বলৈ প্ৰায় ৩ ঘণ্টা সময়ৰ প্ৰয়োজন হয়। বৰ্তমান গুৱাহাটীৰ পৰা মাজুলীলৈ লখিমপুৰ-ঢকুৱাখনা পথ হৈ পোনপটীয়া নৈশ বাছসেৱাৰ ব্যৱস্থা আছে।