বন্দে মাতৰম্
ভাৰতৰ ৰাষ্ট্ৰীয় গীত / From Wikipedia, the free encyclopedia
বন্দে মাতৰম্ (সংস্কৃত: 'वन्दे मातरम्'; "মাতৃ বন্দনা"[3][4]) বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ১৮৮২ চনত ৰচিত আনন্দমঠ উপন্যাসৰ অন্তৰ্ভুক্ত এটি গীত। সংস্কৃত-বঙালী মিশ্ৰভাষাত লিখিত[5] এই গীতটো দেৱী দুৰ্গাৰ বন্দনাগীত আৰু বঙ্গদেশৰ এটি জাতীয় মূৰ্তিকল্প। শ্ৰীঅৰবিন্দ 'বন্দে মাতৰম্' গীতটোক "বঙ্গদেশৰ জাতীয় সংগীত" (National Anthem of Bengal) বুলি উল্লেখ কৰে।[6] ভাৰতৰ স্বাধীনতা আন্দোলনত এই গীতটোৱে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।
ইংৰাজী শীৰ্ষক: বন্দে মাতৰম্ | |
---|---|
bônde matorom | |
গীতিকাৰ | বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, আনন্দমঠ, ১৮৮২ |
সুৰকাৰ | যদুনাথ ভট্টাচাৰ্য |
গ্ৰহণৰ তাৰিখ | ২৪ জানুৱাৰী, ১৯৫০ |
সংগীতৰ নমুনা | |
পতাকা | ত্ৰিৰঙ্গা |
প্ৰতীক | অশোক স্তম্ভ |
সংগীত | জন গণ মন |
স্তোত্ৰ | বন্দে মাতৰম্ |
পশু | বাঘ (ঢেঁকীয়াপতীয়া বাঘ) |
ঐতিহ্যবাহী পশু | ভাৰতীয় হাতী |
পক্ষী | ভাৰতীয় ময়ূৰ |
জলচৰ প্ৰাণী | শিহু |
ফুল | পদুম |
গছ | বট গছ |
ফল | আম |
খেল | হকী |
বৰ্ষপঞ্জী | শকাব্দ |
নদী | গঙ্গা[2] |
১৮৯৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত সৰ্বপ্ৰথম ৰাজনৈতিক প্ৰেক্ষাপটত গোৱা হয় 'বন্দে মাতৰম্'; উক্ত অধিবেশনত গীতটো পৰিবেশন কৰিছিল স্বয়ং ৰবীন্দ্ৰনাথ ঠাকুৰে।[7] ১৯৫০ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে 'জনগণমন-অধিনায়ক জয় হে' ভাৰতৰ জাতীয় সংগীতৰ মৰ্যাদা লাভ কৰাত 'বন্দে মাতৰম্' গীতটোক ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় স্তোত্ৰৰ মৰ্যাদা দিয়া হয়।[7] তথাপি একাধিক ভাৰতীয় মুছলিম সংগঠনে 'বন্দে মাতৰম্' গোৱাৰ বিৰুদ্ধে ফতোয়া জাৰি কৰে। তেওঁলোকৰ মতে, ভাৰত মাতাৰ বন্দনাগীতি এই গীতটোৰ মূলভাবনা ইছলাম-নিষিদ্ধ পৌত্তলিকতা অনুসৰি।[8]
১৯০৯ চনত শ্ৰীঅৰবিন্দই 'Mother, I bow to thee! ' শিৰোনাম 'বন্দে মাতৰম্' গীতটোৰ ইংৰাজী অনুবাদ কৰে। ইংৰাজী ভাষাত এই অনুবাদটি বহুল প্ৰচলিত।[9] একাধিকবাৰ এই গীতটোত সুৰাৰোপ কৰা হয়। 'বন্দে মাতৰম্' সঙ্গীতৰ প্ৰাচীনতম প্ৰাপ্ত অডিও ৰেকৰ্ডিংটি ১৯০৭ চনৰ। সমগ্ৰ বিংশ শতাব্দীত গীতটো প্ৰায় এশটা ভিন্ন সুৰত ৰেকৰ্ড কৰা হৈছিল। ২০০২ চনত বিবিচি ৱৰ্ল্ড চাৰ্ভিচ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দহটা জনপ্ৰিয় গান নিৰ্বাচনৰ এটা আন্তৰ্জাতিক সমীক্ষা চলায়। এই সমীক্ষাত ৭০০০ গানৰ মাজৰ পৰা এ. আৰ. ৰহমান সুৰাৰোপিত 'বন্দে মাতৰম্' গীতটোৱে বিশ্বৰ দ্বিতীয় জনপ্ৰিয়তম গান নিৰ্বাচিত হয়।[10]